প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪মে’, ২০২১ত ইউনাইটেড কিংডমৰ মাননীয় প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনৰ সৈতে এক ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত মিলিত হ’ব।

ভাৰত আৰু ইউনাইটেড কিংডমে পৰস্পৰে যোৱা ২০০৪চনৰ পৰা এক ৰণ-কৌশলগত সহযোগিতামূলক সম্পৰ্কৰে আৱদ্ধ হৈছিল। এই সম্পৰ্কক সুদৃঢ় কৰাৰ অৰ্থেই দুয়োখন দেশে নিয়মীয়া ভাবে উচ্চ পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত কৰি ৰণ-কৌশলগত বিভিন্ন প্ৰসংগত মত বিনিময় কৰি আহিছে। আগন্তুক শীৰ্ষ সন্মিলনখনৰ জৰিয়তেও দুয়োখন দেশৰ মাজত থাকা সম্পৰ্কক আৰু অধিক প্ৰগাঢ় কৰি তোলাৰ লগতে পৰস্পৰৰ স্বাৰ্থ বিজড়িত গোলকীয় প্ৰসংগসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ পৰিসৰ প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰা হ’ব। সন্মিলনত দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ প্ৰসংগত পৰস্পৰৰ মাজত সহযোগিতা তথা মহামাৰীৰ বিৰুদ্ধে গোলকীয় প্ৰেক্ষাপটত অব্যাহত যুঁজখনত আগবঢ়োৱা পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিব।

শীৰ্ষ সন্মিলনখনত ভাৰত-ইউনাইটেড কিংডমৰ মাজৰ সম্পৰ্ক অধিক প্ৰগাঢ়, অধিক সম্প্ৰসাৰিত কৰাৰ লক্ষ্যেৰে ‘ৰোডমেপ ২০৩০’ শীৰ্ষক এক বিস্তৃত পথ-পৰিকল্পনাও আনুষ্ঠানিক ভাবে মুকলি কৰা হ’ব। আগন্তুক দশকটোত ৰূপায়িত হ’ব লগা এই পৰিকল্পনা দুয়োখন দেশৰ নাগৰিকসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপন, বাণিজ্য তথা সমৃদ্ধি, প্ৰতিৰক্ষা তথা সুৰক্ষা, জলবায়ু সম্পৰ্কীয় পদক্ষেপ তথা স্বাস্থ্যসুৰক্ষাকে ধৰি পাঁচোটা মূল প্ৰসংগক আধাৰ কৰি যুগুতাই উলিওৱা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুলাই 2026
July 16, 2026

Atmanirbhar to Inclusive: PM Modi’s Blueprint for a Self-Reliant, Empowered & Culturally Rooted Bharat