Every effort, however big or small, must be valued. Governments may have schemes and budgets but the success of any initiative lies in public participation: PM Modi
On many occasions, what ‘Sarkar’ can't do, ‘Sanskar’ can do. Let us make cleanliness a part of our value systems: Prime Minister Modi
More people are paying taxes because they have faith that their money is being used properly and for the welfare of people: Prime Minister
It is important to create an India where everyone has equal opportunities. Inclusive growth is the way ahead, says PM Modi

প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ‘ম্যে নহী হম’ পোর্টেল আৰু এপ মুকলি কৰে৷

‘ছেল্ফ৪ছ’চাইটি’ অৰ্থাৎ ‘সমাজৰ বাবে মই’ ধাৰণাভিত্তিক ‘ম্যে নহী হম’ পোর্টেলটো তথ্যপ্ৰযুক্তিৰ সৈতে জড়িত বৃত্তিধাৰী আৰু সংগঠনসমূহক সামাজিক সমস্যা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টাসমূহৰ একেটামঞ্চলৈ অনাত সহায় কৰিব৷ এই ধৰণৰ কাম–কাজ সম্পাদনৰ জৰিয়তে সমাজৰ দুর্বল শ্রেণীৰ লোকসকলৰসেৱাৰ লক্ষ্যৰে প্ৰযুক্তিগত সা–সুবিধাসমূহ কাম লগাই আৰু অধিক সহযোগিতা গঢ়ি তুলিবলৈ পোর্টেলটোৱে সহায় কৰিব বুলি আশা কৰা হৈছে৷ সামাজিক কল্যাণৰ স্বার্থত কাম কৰিবলৈ উৎসাহী লোকসকলৰ অংশগ্ৰহণবৃদ্ধি কৰিবলৈও পোৰ্টেলটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে৷

এই উপলক্ষে তথ্যপ্ৰযুক্তি আৰু বৈদ্যুতিক সা–সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰী, উদ্যোগপতি আৰুপ্ৰযুক্তিবিদসকলৰ সৈত কৰা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকল লোকে আনৰ বাবে কাম কৰিবলৈ, সমাজৰ সেৱা কৰিবলৈ আৰু ইতিবাচক পৰিৱর্তন আনিব বিচাৰে তেওঁলোকৰ বাবে এই এপকলৈ সম্পূর্ণ আস্থাআছে।

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত ভাৰতৰ আগশাৰীৰ তথ্যপ্ৰযুক্তি সংস্থাৰ উদীয়মান বৃত্তিধাৰীসকলক উপৰি শ্রী আনন্দ মহিন্দ্রা, শ্রীমতী সুধা মূর্তিও উপস্থিত থাকে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যেক প্ৰচেষ্টা, সেয়া সৰুৱেই হওঁক অথবা ডাঙৰেই হওঁক, সদায় সকলোতে সমান গুৰুত্বদিব লাগে৷ তেওঁ লগতে কয় যে চৰকাৰে যি আঁচনি আৰু বাজেট গ্ৰহণ কৰে, সেই সকলোবোৰতে সাধাৰণজনতাক অন্তৰ্ভূক্ত কৰাত গুৰুত্ব আৰোপ কৰা হয়৷ আনৰ জীৱনত ইতিবাচক পৰিৱর্তন আনিবলৈ কিদৰে আমিআমাৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰো, সেই বিষয়ে চিন্তাভাৱনা কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ মত প্ৰকাশকৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰতৰ যুৱ সম্প্ৰদায়ে প্ৰযুক্তিৰ সক্ষমতাক ব্যাপকধৰণে কার্যকৰী কৰি ইয়াৰসদ্ব্যৱহাৰ কৰিছে৷ এয়া কেৱল নিজৰ স্বার্থতে প্ৰযুক্তি ব্যৱহাৰ কৰা নাই, বৰঞ্চ আনৰ স্বার্থতো সেয়া কাম লগাইছে৷তেওঁ এই ধৰনৰ প্ৰচেষ্টাক অসাধাৰণ দৃষ্টান্ত হিচাপে ব্যাখ্যা কৰে৷ সামাজিক ক্ষেত্রত একাধিক ষ্টার্ট–আপ আছেবুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উদীয়মান সামাজিক উদ্যোগীসকলৰ সফলতা কামনা কৰে৷

একাধিক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ নির্ধাৰিত কাম–কাজৰ উপৰি নতুন কিবা এটা কৰাটোএতিয়া অতি জৰুৰী হৈ পৰিছে। এতিয়াও বহু নতুন কথা জনাৰ আৰু আৱিষ্কাৰ কৰিবলৈ বাকী আছে বুলিও তেওঁমন্তব্য কৰে।

তথ্যপ্ৰযুক্তিৰ বৃত্তিধাৰীসকলে তেওঁলোকে কৰা বিভিন্ন সামাজিক কাম–কাজ বিশেষকৈ, দক্ষতা বিকাশ আৰুপৰিস্কাৰ–পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্রত তেওঁলোকৰ প্ৰচেষ্টাৰ কথা প্ৰধানমন্ত্ৰীৰ আগত ব্যাখ্যা কৰে৷ এটা প্ৰশ্নৰউত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানৰ প্ৰতীক বাপুৰ চশমা, বাপুৱে এই অভিযানৰঅনুপ্রেৰণা আৰু আমি সকলোৱেই বাপুৰ সপোন পূৰণৰ লক্ষৰে কাম কৰিছো৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বহু সময়ত যেতিয়া ‘চৰকাৰে’ একো কৰিব নোৱাৰে, তেতিয়া তাক ‘সংস্কাৰৰ’ জৰিয়তে কৰা পৰিলক্ষিত হয়। পৰিস্কাৰ–পৰিচ্ছন্নতাক জীৱন–নিৰ্বাহৰ অংগ কৰি তোলাৰ বাবেও তেওঁ আহ্বান জনায়।

পানী সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে পানী সংৰক্ষণৰ উপযোগিতা বুজিবলৈ হ’লে মানুহেগুজৰাটৰ পোৰবন্দৰলৈ যাব লাগিব। তাত গৈ মহাত্মা গান্ধীৰ ঘৰ চাব লাগিব। পানী সংৰক্ষণৰ সমান্তৰালভাৱে  আমি পানীৰ পুনৰ ব্যৱহাৰ কৰাও প্ৰয়োজন। কঠোৰ পৰিশ্ৰমী কৃষকসকলক মই ‘ক্ষুদ্ৰ জলসিঞ্চন’ পদ্ধতি গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছো।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বেচ্ছামুলক ব্যৱস্থাৰ জৰিয়তে কৃষি খণ্ডৰ উন্নতিত বহুখিনি কাম কৰিব পৰা যায়। এইধৰণৰ প্ৰচেষ্টাৰ বাবে যুৱ সমাজ আগুৱাই আহিব লাগিব আৰু কৃষক সমাজৰ কল্যাণৰ অৰ্থে কাম কৰিব লাগিব।

বহু সংখ্যক লোকে কৰ প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ কাৰণ হৈছে তেওঁলোকৰমনত বিশ্বাস জন্মিছে যে তেওঁলোকে প্ৰদান কৰা কৰৰ প্ৰতিটো টকাৰ যথাথয ব্যৱহাৰ হৈছে আৰু এয়া জনসাধাৰণৰ কল্যাণমূলক কামত লগোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ সম্প্ৰদায়ৰ বিচক্ষণতাক কামত লগাই ভাৰতে ষ্টার্ট–আপৰ ক্ষেত্রত প্ৰভাৱ বিস্তাৰকৰিছে।

গ্রামীণ ডিজিটেল উদ্যোগী গঢ়ি তোলা কামৰ সৈতে জড়িত এটা দলৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় য়ে আমি এনে এক ভাৰতবর্ষ গঢ়ি তোলা প্ৰয়োজন, য’ত সকলোৰে বাবে সমান সুযোগ–সুবিধা থাকে। তেওঁ কয় যে সামাজিক কাম কৰাটো প্ৰত্যেকৰ বাবে এক গৌৰৱৰ বিষয়।

ব্যৱসায়–বাণিজ্য আৰু উদ্যোগক লৈ বিভিন্ন মহলৰ সমালোচনাক নসাৎ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাৰ্তালাপ কার্যসূচীয়ে সামাজিক ক্ষেত্রত অগ্ৰণী কর্পোৰেট সংস্থাসমূহক কি ধৰণৰ কাম কৰিছে তাকে প্ৰতিফলিত কৰিছে আৰু তেওঁ কর্পোৰেট সংস্থাসমূহৰ কর্মচাৰীসকলক সাধাৰণ জনতাৰ সেৱা কৰাৰ বাবে আগবাঢ়ি আহিবলৈআহ্বান জনায়।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
US tariff cut to boost India textile exports, double-digit growth seen

Media Coverage

US tariff cut to boost India textile exports, double-digit growth seen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Highlights the Power of Laughter for Health and Happiness sharing a Sanskrit Subhashitam
February 04, 2026

Prime Minister Shri Narendra Modi today shared an inspiring message rooted in ancient wisdom, emphasizing the timeless value of laughter as the best medicine.

Quoting a Sanskrit verse on X, the Prime Minister underscored that:

"औषधेष्वपि सर्वेषु हास्यं श्रेष्ठं वदन्ति ह।
स्वाधीनं सुलभं चैवारोग्यानन्दविवर्धनम्।। "