প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৫ মাৰ্চত চুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম ষ্টেফান লাফভেনৰ সৈতে এখনি ভাৰ্চুৱেল সন্মিলনত মিলিত হ’ব।

এয়া হ’ব ২০১৫ ৰপৰা দুয়োজন নেতাৰ মাজত পঞ্চমবাৰৰ বাবে মত-বিনিময়। প্ৰথম ভাৰত নৰ্ডীয় সন্মিলনত ভাগ ল’বলৈ ২০১৮ ৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টকহোম ভ্ৰমণ কৰিছিল। ২০১৬ ৰ ফেব্ৰুৱাৰীত বিশেষ মেক ইন ইণ্ডিয়া সপ্তাহত ভাগ লোৱাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী মহামহিম ষ্টেফান লাফভেনে ভাৰত ভ্ৰমণ কৰিছিল। ইয়াৰ পূৰ্বে, ২০১৫ ৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰ সংঘ সাধাৰণ পৰিষদৰ অংশ হিচাপে দুয়োজন নেতাৰ সাক্ষাৎ হয়। ২০২০ ৰ এপ্ৰিলত, ক’ভিড-১৯ মহামাৰীটো সৃষ্ট পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ দুয়োজন প্ৰধানমন্ত্ৰীয়ে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। ইয়াৰোপৰি, চুইডেনৰ ৰজা কার্ল XVI গুস্তাফ আৰু ৰাণী চিলভিয়াই ২০১৯ ৰ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰে।

ভাৰত আৰু চুইডেনৰ সস্নেহ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গণতন্ত্ৰ, স্বাধীনতা, বহুত্ববাদৰ পাৰস্পৰিক মূল্যবোধ আৰু নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ক্ৰমৰ ওপৰত প্ৰতিষ্ঠিত। উভয় দেশৰে ব্যৱসায় আৰু বিনিয়োগ, উদ্ভাৱন, বিজ্ঞান ও প্ৰযুক্তি তথা একেদৰে গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত অতি নিকট সহযোগিতা আছে। প্ৰায় ২৫০ চুইডেনৰ কোম্পানীয়ে স্বাস্থ্য ও জীৱন বিজ্ঞান, অ’টো উদ্যোগ, স্বচ্ছ প্ৰযুক্তি, প্ৰতিৰক্ষা, গুৰু যন্ত্ৰ ও সা-সৰঞ্জামৰ দৰে ভিন্ন খণ্ডসমূহত ভাৰতত সক্ৰিয়তাৰে অভিযান অব্যাহত ৰাখিছে। চুইডেনতো প্ৰায় ৭৫ টা ভাৰতীয় কোম্পানী সক্ৰিয় হৈ আছে।

এই সন্মিলনত, দুয়োজন নেতাই ক’ভিড পৰৱৰ্তী সময়ত সহযোগিতাৰ সুদৃঢ়কৰণকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ দিক সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিব আৰু আঞ্চলিক আৰু বৈশ্বিক প্ৰসংগসমূহৰ সন্দৰ্ভত মতামত আদান-প্ৰদান কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push