মান্যবৰ,

নমস্কাৰ!

মই অতিশয় সুখী যে আজি আমাৰ অতিশয় চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ স্বাস্থ্য বিষয়া-বৰ্গ আৰু বিশেষজ্ঞসকল মিলিত হৈছে। মই আপোনালোক সকলোকে শুভেচ্ছা জনাই আজিৰ এই ফলপ্ৰসূ আলোচনা আৰম্ভ কৰিব খুজিছো। তদুপৰি, মহামাৰীটোৰ সময়ত আমাৰ স্বাস্থ্য ব্যৱস্থাৰ সৈতে সহযোগিতা কৰাৰ বাবে মই আটাইকে অভিনন্দন জনাইছো। যোৱা বৰ্ষত ক’ভিড-১৯ এ বিশ্বখনক প্ৰভাৱিত কৰা সময়ত, বহু বিশেষজ্ঞই আমাৰ জনবহুল অঞ্চল সন্দৰ্ভত বিশেষ দুৰ্ভাৱনা ব্যক্ত কৰিছিল। কিন্তু, আৰম্ভণিৰেপৰাই, আমি সমন্বিত সঁহাৰিৰে এই প্ৰত্যাহ্বানৰ সৈতে সকলোৱে মোকাবিলা কৰো। যোৱা বৰ্ষৰ মাৰ্চত, আমি ভীতিটোক চিনাক্ত কৰিবৰ বাবে প্ৰথমেই একত্ৰিত হওঁ আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ অংগীকাৰ কৰো। আমাৰ প্ৰাৰম্ভিক উদাহৰণক আন বহু অঞ্চল আৰু গোটে অনুসৰণ কৰে।

আমি মহামাৰীটোৰ বিৰুদ্ধে যুঁজ দিয়াৰ অৰ্থে তাৎক্ষণিক ব্যয়ৰ অভাৱ দূৰ কৰিবলৈ ক’ভিড-১৯ জৰুৰীকালীন সঁহাৰি নিধি গঠন কৰো। আমি আমাৰ সমলসমূহ- মেডিচিন, পিপিই আৰু টেষ্টিং সা-সৰঞ্জামসমূহৰ আদান-প্ৰদান কৰো। আৰু, উক্ত সকলোবোৰ তথা অতিশয় মূল্যবান আহিলা- জ্ঞান আমাৰ স্বাস্থ্য কৰ্মীসকলৰ সমন্বিত প্ৰশিক্ষণৰ জৰিয়তে আদান-প্ৰদান কৰো। ৱেবিনাৰ, অনলাইন ক’ৰ্ছ আৰু আইটি পৰ্টেলসমূহৰ জৰিয়তে, আমি অভিজ্ঞতাৰ আদান-প্ৰদান কৰো আৰু টেষ্টিং, সংক্ৰমণ নিয়ন্ত্ৰণ আৰু মেডিকেল আৱৰ্জনাৰ ব্যৱস্থাপনা সন্দৰ্ভত পৰেস্পৰে পৰস্পৰৰপৰা উত্তম পন্থা আয়ত্ত কৰো। আমি আমাৰ বাবে ভালদৰে যিয়ে কাম কৰে তাৰ ভিত্তিতে নিজা উত্তম পন্থাসমূহ প্ৰৱৰ্তন কৰো। এই জ্ঞান আৰু অভিজ্ঞতা আহৰণত আমাৰ প্ৰত্যেকেই প্ৰভূত বৰঙণি যোগায়।

বন্ধুসকল,

সহযোগিতাৰ এই উদ্দীপনা হৈছে মহামাৰীটোৰপৰা লাভ কৰা মূল্যবান ফল। আমাৰ অকপটতা আৰু সংকল্পৰ জৰিয়তে, আমি আমাৰ মৃত্যুৰ হাৰ বিশ্বখনৰ ভিতৰতে অন্যতম সৰ্বনিম্ন কৰি ৰাখিবলৈ সক্ষম হওঁ। এই যোগ্যতা প্ৰশংসনীয়। আজি, আমাৰ অঞ্চল আৰু বিশ্বখনৰ আশা ভেকচিনৰ ক্ষীপ্ৰ প্ৰদানৰ ওপৰত আৰোপিত। ইয়াৰোপৰি, আমি একেই সহযোগিতামূলক উদ্দীপনা অৱশ্যেই অনুসৰণ কৰিব লাগে।

বন্ধুসকল,

যোৱা কেইটামান বছৰত, আমাৰ স্বাস্থ্য সম্পৰ্কীয় সহযোগিতাই ইতিমধ্যে বহুদূৰ আগুৱাই আহিল। আমি এতিয়া আমাৰ উচ্চাকাংক্ষাৰ বৰ্ধনৰ কথা চিন্তা কৰিব পাৰোনে? আপোনালোকৰ আজিৰ আলোচনাত মোক কেইটামান পৰামৰ্শ আগবঢ়োৱাৰ অনুমতি প্ৰদান কৰকঃ

আমাৰ ডাক্তৰ আৰু নাৰ্ছসকলৰ অৰ্থে এটি বিশেষ ভিছা আঁচনি প্ৰৱৰ্তনৰ কথা আমি বিবেচনা কৰিব পাৰোনে, যাৰ জৰিয়তে তেওঁলোকে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ অনুৰোধ মৰ্মে স্বাস্থ্য় সম্পৰ্কীয় জৰুৰীকালীন সময়ত আমাৰ অঞ্চলটোৰ ভিতৰত ক্ষীপ্ৰতাৰে ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব?
মেডিকেল জৰুৰী অৱস্থাৰ বাবে আমাৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়সমূহে এখনি আঞ্চলিক এয়াৰ এম্বুলেন্স চুক্তিৰ ব্যৱস্থা কৰিব পাৰে নে?
আমাৰ জনসাধাৰণৰ মাজত ক’ভিড-১৯ ৰ ভেকচিনৰ ফলপ্ৰসূতা সন্দৰ্ভত তথ্যৰ কোলেটিং, সংগ্ৰহ আৰু অধ্যয়নৰ অৰ্থে আমি এটা আঞ্চলিক প্লেটফৰ্ম গঢ়ি তুলিব পাৰো নে?
সমান্তৰালভাৱে আমি ভৱিষ্যতৰ মহামাৰীসমূহ প্ৰতিৰোধ কৰিবলৈ প্ৰযুক্তি-সহিত এপিডমিঅ’লজীৰ প্ৰোৎসাহনৰ অৰ্থে এটা আঞ্চলিক নেটৱৰ্ক গঢ়ি তুলিব পাৰো নে?
আৰু, ক’ভিড-১৯ ৰ ওপৰিও, আমি আমাৰ সফল জন স্বাস্থ্য নীতি আৰু আঁচনিসমূহ আদান-প্ৰদান কৰিব পাৰো নে? ভাৰতৰপৰা, আমাৰ আয়ুষ্মান ভাৰত আৰু জন আৰোগ্য আঁচনিসমূহ অঞ্চলটোৰ আমাৰ বন্ধুসকলৰ বাবে কেছ-ষ্টাডীসমূহত ব্যৱহাৰযোগ্য হৈ উঠিব পাৰে। এনে সহযোগিতা আন ক্ষেত্ৰসমূহতো আমাৰ মাজত বৃহত্তৰ আঞ্চলিক সহযোগিতাৰ অৰ্থে এটা পথ হৈ উঠিব পাৰে। মুঠৰ ওপৰত, আমাৰ বহু সামূহিক প্ৰত্যাহ্বান আছে যথাঃ জলবায়ু পৰিৱৰ্তন; প্ৰাকৃতিক দুৰ্যোগ, দৰিদ্ৰতা, নিৰক্ষৰতা, আৰু সামাজিক আৰু লিংগ ভাৰসাম্যহীনতা। কিন্তু আমি তদুপৰি কেইবা শতিকাজোৰা পুৰণি সাংস্কৃতিক আৰু পাৰস্পৰিক সংযোগসমূহৰ শক্তিৰো আদান-প্ৰদান কৰিছো। যদি এই সকলোবোৰৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰো, তেন্তে আমাক একত্ৰিত কৰিব, আমাৰ অঞ্চলটোৱে কেৱল বৰ্তমানৰ মহামাৰীয়েই নহয় বৰঞ্চ আমাৰ আন প্ৰত্যাহ্বানসমূহৰেও সমানেই মোকাবিলা কৰিব পাৰিব।

বন্ধুসকল,

যদি ২১ শ শতিকাটো এছিয়ান শতিকা হ’ব লাগে, দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ আৰু ভাৰতীয় মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰসমূহৰ মাজত বৃহত্তৰ সংহতি অবিহনে এয়া সম্ভৱ নহয়। আঞ্চলিক ঐক্যৰ উদ্দীপনা এয়াই যাক আপোনালোকে মহামাৰীটোৰ সময়ত প্ৰদৰ্শন কৰিলে যিয়ে এনে সংহতি যে সম্ভৱ সেই কথা প্ৰমাণিত কৰিলে। আজিৰ এই ফলপ্ৰসূ আলোচনাৰ বাবে আপোনালোক আটাইকে পুনৰ এবাৰ শুভেচ্ছা জনাইছো।

ধন্যবাদ!

বহু-বহু ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Receives Norway's Top Civilian Honour, His 32nd Global Award So Far

Media Coverage

PM Modi Receives Norway's Top Civilian Honour, His 32nd Global Award So Far
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting Mother Earth's embrace of diverse people as members of a single household
May 19, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam, noting that Mother Earth considers all of humanity as one family. Shri Modi highlighted that for her, this entire world is like a home, where every culture has its own importance and respect.

The Prime Minister posted on X:

"धरती माता पूरी मानवता को एक परिवार मानती हैं। उनके लिए यह पूरा संसार एक घर की तरह है, जहां हर संस्कृति का अपना महत्त्व और सम्मान है।

जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम्।
सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥"

Mother Earth embraces people speaking different languages and practicing different religions and traditions as members of a single household. May this earth pour forth thousands of streams of prosperity for us, just as a peaceful and loving cow provides milk.