‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবী নিষ্পত্তি চিহ্নিত কৰাৰ কাৰ্যসূচী
PMপ্ৰধানমন্ত্ৰীয়ে খাৰগোন জিলাত ‘৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব
সৌৰ প্ৰকল্পটো নিৰ্মাণৰ বাবে পুঁজি যোগান ধৰাৰ উদ্দেশ্যে ‘ইন্দোৰ পৌৰ নিগম’য়ে ‘সেউজ বণ্ড’ জাৰী কৰিছিল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰ, ২০২৩ তাৰিখে দুপৰীয়া ১২ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে 'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ইন্দোৰৰ ‘হুকুমচান্দ মিলৰ শ্ৰমিক সংঘ’ৰ ‘অফিচিয়েল লিকুইডেটৰ’ আৰু মুৰব্বীসকলক ‘হুকুমচান্দ মিল’ৰ কৰ্মীসকলৰ প্ৰাপ্য পৰিমাণ সম্পৰ্কীয় প্ৰায় ২২৪ কোটি টকাৰ ‘চেক’ প্ৰদান কৰিব। এই কাৰ্যসূচীয়ে ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ নিষ্পত্তি চিহ্নিত কৰিব। এই উপলক্ষে অনুষ্ঠানটোত সমবেত সকলক প্ৰধানমন্ত্ৰীয়ে সম্বোধনো কৰিব।

১৯৯২ চনত ইন্দোৰৰ ‘হুকুমচান্দ মিল’ বন্ধ হোৱাৰ পিছত ‘মিল’টোৰ শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য পৰিশোধৰ বাবে এক দীঘলীয়া আইনী যুঁজত অৱতীৰ্ণ হৈছিল, আৰু পৰৱৰ্তী সময়ত ই পৰিশোধ পৰ্যায়লৈ আগবাঢ়িছিল। শেহতীয়াকৈ, মধ্য প্ৰদেশ চৰকাৰে এক ইতিবাচক ভূমিকা পালন কৰে আৰু সফলতাৰে এক মীমাংসা ‘পেকেজ’ৰ আলোচনা কৰিছিল, যাক আদালত, শ্ৰমিক সংগঠন, মিল শ্ৰমিকৰ লগতে সকলো অংশীদাৰী পক্ষই সমৰ্থন কৰিছিল। নিষ্পত্তি পৰিকল্পনাত মধ্য প্ৰদেশ চৰকাৰে সকলো প্ৰাপ্য পৰিশোধ কৰা, ‘মিল’ৰ ভূমি দখল কৰা, আৰু ইয়াক আৱাসিক আৰু বাণিজ্যিক স্থান হিচাপে বিকশিত কৰাৰ প্ৰসংগ অন্তৰ্ভুক্ত থাকে।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ‘ইন্দোৰ পৌৰ নিগম’ৰ দ্বাৰা খাৰগোন জিলাৰ সামৰাজ আৰু আশুখেদী গাঁৱত স্থাপন কৰা ‘৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্প’ৰ আধাৰশিলাও স্থাপন কৰিব। ৩০৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা নতুন সৌৰ শক্তি প্ৰকল্পটো স্থাপনে ‘ইন্দোৰ পৌৰ নিগম’ক প্ৰতি মাহে প্ৰায় ৪ কোটি টকা পৰিমাণৰ বিদ্যুৎ বিল ৰাহি কৰাত সহায় কৰাৰ সম্ভাৱনা আছে। সৌৰ প্ৰকল্প নিৰ্মাণৰ বাবে পুঁজি যোগান ধৰিবলৈ ‘ইন্দোৰ পৌৰ নিগম’-য়ে ২৪৪ কোটি টকাৰ ‘সেউজ বণ্ড’ জাৰি কৰিছিল। ‘সেউজ বণ্ড’ জাৰি কৰা ই দেশৰ প্ৰথম ‘নগৰীয় সংস্থা’ হিচাপে পৰিগণিত হৈছে। ই অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল কিয়নো ২৯ খন ৰাজ্যৰ লোকে প্ৰায় ৭২০ কোটি টকাৰ মূল্যৰে ‘বণ্ড’সমূহ ক্ৰয় কৰিছিল, যিটো পৰিমাণ জাৰি কৰা প্ৰাৰম্ভিক মূল্যৰ প্ৰায় তিনিগুণ আছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Seychelles Honours PM Modi With 'Guardian Of The Blue Horizon' Title

Media Coverage

Seychelles Honours PM Modi With 'Guardian Of The Blue Horizon' Title
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on respecting the diverse cultures of the world
June 29, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam:

“देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥"

The Subhashitam emphasizes that respecting the diverse cultures of the world fosters a sense of trust and cooperation among people, and strengthens mutual understanding and brotherhood.

The Prime Minister wrote on X;

दुनिया की अलग-अलग संस्कृतियों का सम्मान करने से लोगों के बीच विश्वास और सहयोग की भावना बढ़ती है। इससे आपसी समझ और भाईचारा और मजबूत होता है।

देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥