এই উদ্যোগৰ লক্ষ্য হৈছে দেশৰ যুৱপ্ৰজন্মক বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীত ধাৰণা আগবঢ়োৱাৰ বাবে এক মঞ্চ প্ৰদান কৰা
সমগ্ৰ দেশৰ ৰাজ ভৱনসমূহত আয়োজিত কৰ্মশালাত বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলক উদ্দেশ্যি ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ১১ ডিচেম্বৰ, ২০২৩ তাৰিখে পুৱা ১০:৩০ বজাত 'বিকশিত ভাৰত @২০৪৭ : ভইচ অৱ য়ুথ' মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ৰাজ ভৱনসমূহত আয়োজিত কৰ্মশালাত বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, প্ৰতিষ্ঠানসমূহৰ মুৰব্বী আৰু ফেকাল্টী সদস্যসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব, যি এই উদ্যোগৰ আৰম্ভণিৰ প্ৰতীক হ'ব।

 

ৰাষ্ট্ৰীয় পৰিকল্পনা, অগ্ৰাধিকাৰ আৰু লক্ষ্য প্ৰস্তুত কৰাত দেশৰ যুৱপ্ৰজন্মক সক্ৰিয়ভাৱে অন্তৰ্ভুক্ত কৰাই প্ৰধানমন্ত্ৰীৰ লক্ষ্য। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি 'বিকশিত ভাৰত @২০৪৭: ভইচ অফ য়ুথ' উদ্যোগে দেশৰ যুৱপ্ৰজন্মক ২০৪৭ চনৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীত ধাৰণা আগবঢ়োৱাৰ বাবে এক মঞ্চ প্ৰদান কৰিব। কৰ্মশালাবোৰ ২০৪৭ চনৰ বাবে যুৱপ্ৰজন্মক তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শসমূহ শ্বেয়াৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।

 

'বিকশিত ভাৰত @২০৪৭ হৈছে ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী, যি হৈছে ইয়াৰ স্বাধীনতাৰ ১০০ তম বছৰ। এই দৃষ্টিভংগীত অৰ্থনৈতিক বিকাশ, সামাজিক প্ৰগতি, পাৰিপাৰ্শ্বিক স্থিৰতা আৰু সুশাসনকে ধৰি উন্নয়নৰ বিভিন্ন দিশ অন্তৰ্ভুক্ত কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Babu Jagjivan Ram on his Birth Anniversary
April 05, 2026

The Prime Minister, Shri Narendra Modi, has paid tributes to former Deputy Prime Minister, Babu Jagjivan Ram on his birth anniversary.

Shri Modi said that Babu Jagjivan Ram dedicated his life to the ideals of equality and social justice. He added that the nation will always remember his invaluable contribution to the country.

The Prime Minister wrote in X;

“पूर्व उप प्रधानमंत्री बाबू जगजीवन राम जी को उनकी जयंती पर शत-शत नमन। उन्होंने समानता और सामाजिक न्याय के लिए अपना जीवन समर्पित कर दिया। देश के लिए उनका अमूल्य योगदान सदैव स्मरणीय रहेगा।”