প্ৰায় ১.২৫ লাখ কোটি টকাৰ ৩টা অৰ্ধপৰিবাহী সুবিধাৰ আধাৰশিলা স্থাপন
“ভাৰত এক অগ্ৰণী অৰ্ধপৰিবাহী উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব”
“এগৰাকী আত্মবিশ্বাসী যুৱকে দেশৰ ভাগ্য সলনি কৰে”
“ভাৰতৰ দ্ৰুত অগ্ৰগতিয়ে আমাৰ যুৱ শক্তিৰ ওপৰত আস্থা বৃদ্ধি কৰিছে”
“ভাৰতে প্ৰতিশ্ৰুতি দিয়ে, ভাৰতে প্ৰদান কৰে আৰু গণতন্ত্ৰই প্ৰদান কৰে”
“চিপ নিৰ্মাণে ভাৰতক আত্মনিৰ্ভৰশীলতাৰ দিশে, আধুনিকতাৰ দিশে ধাবিত কৰিব”
“চিপ নিৰ্মাণে সীমাহীন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে”
‘ভাৰতৰ যুৱক-যুৱতীসকল সক্ষম আৰু তেওঁলোকক এটা সুযোগৰ প্ৰয়োজন। অৰ্ধপৰিবাহী পদক্ষেপে আজি ভাৰতলৈ সেই সুযোগ কঢ়িয়াই আনিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ‘ইণ্ডিয়া’জ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত ভাষণ আগবঢ়োৱাৰ লগতে প্ৰায় ১.২৫ লাখ কোটি টকাৰ তিনিটা অৰ্ধপৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজি উদ্বোধন কৰা সুবিধাসমূহ হ’ল-গুজৰাটৰ ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল (ডিএছআইআৰ)ত অৰ্ধপৰিবাহী নিৰ্মাণৰ সুবিধা, অসমৰ মৰিগাঁৱত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আৰু গুজৰাটৰ সানন্দত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আদি।

এই উপলক্ষে অনুষ্ঠানত আগবঢ়োৱাত ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ এই ঐতিহাসিক অনুষ্ঠানটো ভাৰতৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ, কিয়নো গুজৰাটৰ ঢোলেৰা আৰু সদানন্দ আৰু অসমৰ মৰিগাঁৱত প্ৰায় ১.২৫ লাখ কোটি টকাৰ তিনিটা বৃহৎ অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। “আজিৰ প্ৰকল্পসমূহে ভাৰতক অৰ্ধপৰিবাহী হাব হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক মূল পদক্ষেপসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ টাইৱানৰ পৰা অৰ্ধপৰিবাহী উদ্যোগৰ মুৰব্বীসকলৰ ভাৰ্চুৱেল উপস্থিতি আজিৰ অনুষ্ঠানৰ মাত্ৰা বৃদ্ধি কৰা বুলি প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অনন্য অনুষ্ঠানৰ সৈতে ৬০ হাজাৰৰো অধিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠান সংযুক্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজিৰ এই কাৰ্যসূচীক দেশৰ যুৱক-যুৱতীসকলৰ সপোনৰ অনুষ্ঠান বুলি অভিহিত কৰে কাৰণ তেওঁলোক ভাৰতৰ ভৱিষ্যতৰ প্ৰকৃত অংশীদাৰ। ভাৰতে আত্মনিৰ্ভৰশীলতা আৰু বিশ্বৰ যোগান শৃংখলত শক্তিশালী উপস্থিতিৰ বাবে কেনেদৰে বহুমুখী চিন্তাধাৰাৰে কাম কৰি আছে সেয়া যুৱক-যুৱতীসকলে প্ৰত্যক্ষ কৰিছে। “এগৰাকী আত্মবিশ্বাসী যুৱকে দেশৰ ভাগ্য সলনি কৰে”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

প্ৰযুক্তি-চালিত একবিংশ শতিকাত ইলেক্ট্ৰনিক চিপৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণৰ দিশত লৈ যোৱাত মেড ইন ইণ্ডিয়া আৰু ডিজাইনড ইন ইণ্ডিয়া চিপে মুখ্য ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন কাৰণত প্ৰথম তিনিটা ঔদ্যোগিক বিপ্লৱৰ পৰা বঞ্চিত হোৱাৰ পিছত ভাৰতে এতিয়া চতুৰ্থ ঔদ্যোগিক বিপ্লৱ ইণ্ডাষ্ট্ৰী ৪.০ক নেতৃত্ব দিয়াৰ উদ্দেশ্যেৰে আগবাঢ়িছে। প্ৰতিটো ছেকেণ্ডৰ সদ্ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানটোক চৰকাৰে যি গতিৰে কাম কৰি আছে তাৰ উদাহৰণ হিচাপে দাঙি ধৰে। অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ক্ৰম ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে দুবছৰ পূৰ্বে অৰ্ধপৰিবাহী অভিযানৰ ঘোষণাৰ কথা কয় আৰু কেইমাহমানৰ ভিতৰতে প্ৰথম বুজাবুজি চুক্তি স্বাক্ষৰিত হয় আৰু এতিয়া তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। “ভাৰতে প্ৰতিশ্ৰুতি দিয়ে, ভাৰতে প্ৰদান কৰে আৰু গণতন্ত্ৰই প্ৰদান কৰে”, প্ৰধানমন্ত্ৰীয়ে কয়।

বিশ্বৰ মাত্ৰ মুষ্টিমেয় দেশেহে অৰ্ধপৰিবাহী নিৰ্মাণ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক’ৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা ব্যাঘাতৰ পিছত নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ইয়াত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰি দেশৰ টেক স্পেচ, পাৰমাণৱিক আৰু ডিজিটেল শক্তিৰ ওপৰত আলোকপাত কৰে। ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি অৰ্ধপৰিবাহী খণ্ডৰ বাণিজ্যিক উপাদনৰ বাবে ভাৰত সাজু বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “অৰ্ধপৰিবাহী খণ্ডৰ বাবে সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ দিনটো বহু দূৰত নহয়।” ব্যৱসায়ৰ সহজতাক উৎসাহিত কৰা আৰু আইনৰ সৰলীকৰণৰ কথা উল্লেখ কৰি তেওঁ আজি গ্ৰহণ কৰা নীতিগত সিদ্ধান্তৰ বাবে ভৱিষ্যতে ভাৰতে কৌশলগত সুবিধা লাভ কৰিব বুলি দৃঢ়তাৰে কয়। যোৱা কেইবছৰমানৰ পৰা প্ৰধানমন্ত্ৰীয়ে জনাইছিল যে ৪০ হাজাৰৰো অধিক অনুপালন বিলুপ্ত কৰা হৈছে আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নিয়মো সৰল কৰা হৈছে। প্ৰতিৰক্ষা, বীমা আৰু টেলিকম খণ্ডৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতি উদাৰীকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰনিকছ আৰু হাৰ্ডৱেৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান স্থিতিৰ কথাও উনুকিয়ায়, য’ত বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিক আৰু আই টি হাৰ্ডৱেৰ নিৰ্মাণ আৰু ইলেক্ট্ৰনিক ক্লাষ্টাৰ সৃষ্টিৰ বাবে পিএলআই আঁচনিৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত ইলেক্ট্ৰনিক পৰিস্থিতিতন্ত্ৰৰ বৃদ্ধিৰ বাবে এক মঞ্চ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ভাৰত আজি বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাণকাৰী দেশ৷ ভাৰতৰ কোৱাণ্টাম মিছনৰ আৰম্ভণি, উদ্ভাৱনক উৎসাহিত কৰিবলৈ ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপন আৰু ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা মিছনৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰযুক্তি গ্ৰহণৰ বাহিৰেও প্ৰযুক্তিৰ উন্নতিৰ দিশত আগবাঢ়িছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্ধপৰিবাহী গৱেষণাই যুৱক-যুৱতীসকলক সৰ্বাধিক উপকৃত কৰিব। বিশাল পৰিসৰৰ উদ্যোগত অৰ্ধপৰিবাহীৰ বিস্তৃতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “অৰ্ধপৰিবাহী কেৱল এটা উদ্যোগ নহয় বৰঞ্চ ই সীমাহীন সম্ভাৱনাৰে ভৰা এখন দুৱাৰ মুকলি কৰে।” প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি চিপ ডিজাইন আৰু উৎপাদনৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিভাৰ বিপুল উপস্থিতিৰ কথাও আঙুলিয়াই দিয়ে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতিভা পৰিস্থিতিতন্ত্ৰ সম্পূৰ্ণ হৈছে কিয়নো অৰ্ধপৰিবাহী নিৰ্মাণ খণ্ডত আজি দেশ আগবাঢ়ি গৈছে৷ তেওঁ উল্লেখ কৰে যে আজিৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ বাবে সৃষ্টি হোৱা সুযোগসমূহৰ বিষয়ে ভালদৰেই জানে, সেয়া মহাকাশ খণ্ডই হওক বা মেপিং খণ্ডই হওক আৰু তেওঁ এই খণ্ডসমূহ যুৱক-যুৱতীসকলৰ বাবে মুকলি কৰাৰ কথা উল্লেখ কৰে। তেওঁ ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভূতপূৰ্ব সকাহ আৰু উৎসাহক কৃতিত্ব প্ৰদান কৰি কয় যে আজিৰ এই অনুষ্ঠানে অৰ্ধপৰিবাহী স্থানত ষ্টাৰ্টআপৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। আজিৰ প্ৰকল্পসমূহে যুৱক-যুৱতীসকলৰ বাবে অসংখ্য উন্নত প্ৰযুক্তিৰ চাকৰিৰ সুবিধা প্ৰদান কৰিব বুলি তেওঁ দৃঢ়তাৰে কয়৷

লালকিল্লাৰ পৰা লাভ কৰা প্ৰশংসাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিশ্বাসেৰে গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তই উল্লেখযোগ্য ফলাফল দিয়ে। ‘পুৰণি চিন্তাধাৰা আৰু পুৰণি দৃষ্টিভংগীতকৈ ভাৰত এতিয়া বহু আগুৱাই গৈছে। ভাৰতে এতিয়া অধিক ক্ষীপ্ৰ গতিত সিদ্ধান্ত আৰু নীতি গ্ৰহণ কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়। তেওঁ কয় যে ভাৰতৰ অৰ্ধপৰিবাহী সপোনসমূহ প্ৰথমে ১৯৬০ চনৰ ভিতৰত কল্পনা কৰা হৈছিল যদিও ইচ্ছাশক্তি আৰু সংকল্পক সিদ্ধিলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা অভাৱৰ বাবে তেতিয়াৰ চৰকাৰসমূহে সেইবোৰৰ ওপৰত কাম কৰাত ব্যৰ্থ হৈছিল। লগতে পূৰ্বৰ চৰকাৰসমূহে দেশৰ সম্ভাৱনা, অগ্ৰাধিকাৰ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহ বুজিব নোৱাৰাৰ বাবেও আক্ষেপ প্ৰকাশ কৰে। বৰ্তমান চৰকাৰৰ আগন্তুক চিন্তাধাৰা আৰু ভৱিষ্যদ্বৰ্শী দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উন্নত দেশৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ উচ্চাকাংক্ষাৰে অৰ্ধপৰিবাহী নিৰ্মাণৰ কথা উল্লেখ কৰে। চৰকাৰে দেশৰ সকলো অগ্ৰাধিকাৰৰ যত্ন লৈছে বুলি উল্লেখ কৰি তেওঁ দৰিদ্ৰ লোকৰ বাবে পকী আৱাসত বিনিয়োগৰ লগতে গৱেষণাক উৎসাহিত কৰা, অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱা, বিশ্বৰ সৰ্ববৃহৎ অনাময় আন্দোলন হাতত লোৱা, আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে ব্যাপক আন্তঃগাঁথনিমূলক বিনিয়োগ আৰু দৰিদ্ৰতা দ্ৰুতভাৱে হ্ৰাস পোৱাৰ উদাহৰণ দাঙি ধৰে। কালি পোখৰাণত অনুষ্ঠিত ভাৰত শক্তি অনুশীলনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “কেৱল ২০২৪ চনত ১২ লাখ কোটিতকৈও অধিক মূল্যৰ আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে৷” এইবোৰে একবিংশ শতিকাৰ ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ আভাস প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডত ভাৰতে অগ্নি-৫ ৰূপত বিশ্বৰ একচেটিয়া ক্লাবত যোগদান, দুদিন পূৰ্বে কৃষিক্ষেত্ৰত ড্ৰোন বিপ্লৱৰ আৰম্ভণি, য'ত নমো ড্ৰোন দিদি আঁচনিৰ অধীনত হাজাৰ হাজাৰ ড্ৰোন মহিলাক গতাই দিয়া, গগনযানৰ বাবে ভাৰতৰ প্ৰস্তুতিয়ে গতি লাভ কৰিছে আৰু শেহতীয়াভাৱে  ভাৰতৰ প্ৰথমটো মেড ইন ইণ্ডিয়া ফাষ্ট ব্ৰিডাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ উদ্বোধন কৰা হৈছে। ‘এই সকলো প্ৰচেষ্টা, এই সকলোবোৰ প্ৰকল্পই ভাৰতক উন্নয়নৰ লক্ষ্যৰ ওচৰলৈ লৈ গৈছে। আৰু নিশ্চিতভাৱে আজিৰ এই তিনিটা প্ৰকল্পইও ইয়াত ডাঙৰ ভূমিকা ল’ব”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে আজিৰ বিশ্বত কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ উত্থানৰ ওপৰতো আলোকপাত কৰি তেওঁৰ ভাষণসমূহ কম সময়ৰ ভিতৰতে একাধিক ভাষালৈ অনুবাদ হোৱাৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীৰ বাৰ্তা সমগ্ৰ দেশতে বিভিন্ন ভাৰতীয় ভাষাত প্ৰচাৰৰ উদ্যোগ লোৱাৰ বাবে ভাৰতৰ যুৱক-যুৱতীসকলক প্ৰশংসা কৰে। ‘ভাৰতৰ যুৱক-যুৱতীসকল সক্ষম আৰু তেওঁলোকক এটা সুযোগৰ প্ৰয়োজন। অৰ্ধপৰিবাহী পদক্ষেপে আজি ভাৰতলৈ সেই সুযোগ কঢ়িয়াই আনিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। আজি অসমত তিনিটা অৰ্ধপৰিবাহী সুবিধাৰ ভিতৰত এটাৰ আধাৰশিলা স্থাপন হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত চলি থকা উন্নয়নৰ প্ৰশংসা কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সকলোকে ভাৰতৰ প্ৰগতি শক্তিশালী কৰিবলৈ আহ্বান জনাই কয়, “আপোনাৰ আৰু আপোনালোকৰ ভৱিষ্যত সুৰক্ষাই মোদীৰ গেৰাণ্টি।”

 

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, চিজি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছলিউচনছ লিমিটেডৰ অধ্যক্ষ শ্ৰী ভেল্লায়ন সুবিয়া আৰু টাটা ছন্সৰ অধ্যক্ষ শ্ৰী নটৰাজন চন্দ্ৰশেকৰন আদিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

পটভূমি

অৰ্ধপৰিবাহী সম্পৰ্কীয় আৰ্হি, উৎপাদন আৰু প্ৰযুক্তি বিকাশৰ বাবে ভাৰতক এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো হৈছে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগী, যি দেশৰ যুৱপ্ৰজন্মৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গুজৰাটৰ ‘ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল’ (ডিএছআইআৰ)ত ‘অৰ্ধপৰিবাহী নিৰ্মাণ সুবিধা প্ৰকল্প’; অসমৰ মৰিগাঁও আৰু গুজৰাটৰ সানন্দত এটাকৈ ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে।

ভাৰতত ‘অৰ্ধপৰিবাহী ফেব’ স্থাপনৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত ‘টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড’ (টিইপিএল)য়ে ‘ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল’ (ডিএছআইআৰ)ত ‘অৰ্ধপৰিবাহী নিৰ্মাণ সুবিধা প্ৰকল্প’ স্থাপন কৰে৷। মুঠ ৯১,০০০ কোটিৰো অধিক টকা বিনিয়োগৰে ই হৈছে দেশৰ প্ৰথমটো ‘বাণিজ্যিক অৰ্ধপৰিবাহী ফেব’।

‘অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ, পৰীক্ষণ, মাৰ্কিং আৰু পেকেজিঙ’ (এটিএমপি)ৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত অসমৰ মৰিগাঁৱত ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সংলগ্নকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পটো মুঠ প্ৰায় ২৭,০০০ কোটি টকা বিনিয়োগৰে ‘টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড’ (টিইপিএল)য়ে স্থাপন কৰে৷

‘অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ, পৰীক্ষণ, মাৰ্কিং আৰু পেকেজিঙ’ (এটিএমপি)ৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত গুজৰাটৰ সানন্দত ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সংলগ্নকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পটো মুঠ প্ৰায় ৭,৫০০ কোটি টকা বিনিয়োগৰে ‘চিজি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছলিউশ্যন লিমিটেড’-য়ে স্থাপন কৰে৷

এই সুবিধাসমূহৰ জৰিয়তে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ শক্তিশালী হ'ব আৰু ভাৰতত এক দৃঢ় স্তৰ লাভ কৰিব। এই গোটবোৰে অৰ্ধপৰিবাহী উদ্যোগত হাজাৰ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ লগতে ইলেক্ট্ৰনিকছ, টেলিকম আদিৰ দৰে সম্পৰ্কিত খণ্ডসমূহতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

এই কাৰ্যসূচীত অৰ্ধপৰিবাহী উদ্যোগৰ কৰ্ণধাৰসকলৰ লগতে মহাবিদ্যালয় পৰ্যায়ৰ কেবা সহস্ৰ শিক্ষাৰ্থীকে ধৰি যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে৷

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”