'ভূমিকম্পৰ পাছত ভাৰতৰ ত্বৰিত প্ৰতিক্ৰিয়াই সমগ্ৰ পৃথিৱীৰ মনোযোগ আকৰ্ষিত কৰে। ই আমাৰ উদ্ধাৰ আৰু সাহায্য দলৰ প্ৰস্তুতিক প্ৰতিপন্ন কৰিছে'
'ভাৰতে নিজৰ আত্মনিৰ্ভৰতাৰ লগতে নিজৰ নিস্বাৰ্থতাৰো প্ৰদৰ্শন কৰিছে'
'পৃথিৱীত য'তেই কিবা দুৰ্যোগ হয়, ভাৰতে সবাতোকৈ আগত প্ৰতিক্ৰিয়া কৰোতা হিচাপে সাজু থাকে'
'আমি য'তেই 'ত্ৰিৰংগ' লৈ গৈ পাওঁ, তাত এটা আশ্বাস পাই যায় যে এতিয়া ভাৰতৰ টীম আহি গ'ল, পৰিস্থিতি ভাল হ'বলৈ আৰম্ভ কৰিব'
'এনডিআৰএফে দেশৰ মানুহৰ মাজত এটা অত্যন্ত ভাল ভাৱমূৰ্তি গঢ়িছে। দেশৰ জনসাধাৰণে আপোনালোকৰ ওপৰত ভৰষা কৰে'
'আমি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ উদ্ধাৰ আৰু সাহায্য দল হিচাপে নিজৰ পৰিচয় শক্তিশালী কৰিব লাগিব। আমাৰ প্ৰস্তুতি যিমানেই ভাল হ'ব, আমি পৃথিৱীৰো সিমানেই উন্নত উপায়েৰে সেৱা কৰিব পাৰিম'

প্ৰধানমন্ত্ৰীয়ে আজি ভূমিকম্প প্ৰভাৱিত তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ত অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে।

কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভূমিকম্প প্ৰভাৱিত তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ৰ জৰিয়তে কৰা চমকপ্ৰদ কাৰ্যৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বসুধৈৱ কুটুম্বকমৰ অৱধাৰণাৰ বিষয়ে বিস্তৃত ৰূপত আলোচনা কৰে। পিএমে কয় যে তুৰ্কিয়ে আৰু ছিৰিয়াত ভাৰতীয় দলে আমাৰ বাবে 'সমগ্ৰ পৃথিৱী এটা পৰিয়াল', এই ভাবনা প্ৰকট কৰিলে।

প্ৰাকৃতিক দুৰ্যোগৰ সময়ত শীঘ্ৰেই প্ৰতিক্ৰিয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে 'গোল্ডেন আৱাৰ'ৰ উল্লেখ কৰে। তেওঁ কয় যে তুৰ্কিয়েত এনডিআৰএফৰ টীম যিমান সোনকালে তাত উপস্থিত হ'ল, ই সমগ্ৰ পৃথিৱীৰ মনোযোগ আকৰ্ষণ কৰিছে। তেওঁ কয় যে ই দলৰ প্ৰস্তুতি আৰু প্ৰশিক্ষণৰ দক্ষতাক প্ৰতিপন্ন কৰে।

পিএমে এগৰাকী মাতৃৰ আলোকচিত্ৰৰ চৰ্চা কৰে, যি টীমৰ সদস্যসকলক মুৰত চুমা খাই আশীৰ্বাদ দি আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰভাৱিত ঠাইসমূহৰ পৰা উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ আলোকচিত্ৰ দেখাৰ পাছত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে অতুলনীয় বৃত্তিমূলক অনুভূতিৰ সমান্তৰালকৈ মানৱীয় সহমৰ্মিতাৰ যি সমাৱেশ কৰা হ'ল, সেয়া অতুলনীয়। তেওঁ কয় যে ই তেতিয়াই আৰু অধিক মহত্বপূৰ্ণ হৈ পৰে যেতিয়া ব্যক্তিয়ে নিজৰ সৰ্বস্ব হেৰুৱাই পেলায় আৰু আশংকাৰ পৰা মুক্ত হোৱাৰ চেষ্টা চলাই থাকে। প্ৰধানমন্ত্ৰীয়ে কয় যে এনেকুৱা সময়ত সেনাৰ হাস্পতাল আৰু আমাৰ কৰ্মীসকলে যি সহমৰ্মিতাৰে কাম কৰিলে, সেয়াও প্ৰশংসনীয়।

গুজৰাটত ২০০১ত অহা ভূমিকম্পৰ পাছত স্বয়ংসেৱক হিচাপে নিজৰ সময়ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ভগ্নস্তুপ আঁতৰোৱা আৰু তাৰ তলত সোমাই থকা মানুহ বিচৰাৰ কামত অহা বিপদৰ ৰেখাপাত কৰে। তেওঁ কয় যে কেনেকৈ সমগ্ৰ চিকিৎসা ব্যৱস্থা ধ্বংস হৈ গৈছিল কিয়নো ভুজত হাস্পতালেই ধ্বংস হৈ গৈছিল। প্ৰধানমন্ত্ৰীয়ে ১৯৭৯ত মচ্ছু বান্ধ ট্ৰাষ্ডিৰ কথাও স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "সেই দুৰ্যোগত নিজৰ অনুভৱ স্মৰণ কৰি মই আপোনালোকৰ কঠোৰ পৰিশ্ৰম, উদ্দীপনা আৰু ভাবনাৰ প্ৰশংসা কৰিছো। আজি, মই আপোনালোক সকলোকে ছেলুট কৰিছো।'

তেওঁ কয় যে যেতিয়া কোনোবাই নিজৰ সহায় নিজে কৰিব পাৰে, তেতিয়াই তেওঁক আত্মনিৰ্ভৰ বুলি ক'ব পাৰি, কিন্তু যেতিয়া কোনোবাই আনৰ সহায় কৰিবলৈ সক্ষম হয় তেতিয়াই তেওঁ নিস্বাৰ্থ হয়। তেওঁ কয় যে এই কথা কেৱল ব্যক্তিৰ ওপৰতে নহয়, ৰাষ্ট্ৰৰ ওপৰতো খাতে। সেয়ে ভাৰতে যোৱা বছৰবোৰত আত্মনিৰ্ভৰতাৰ সমান্তৰালকৈ নিস্বাৰ্থ দেশৰ পৰিচয়ো শক্তিশালী কৰিছে। ইউক্ৰেইনত ত্ৰিৰংগৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'ত্ৰিৰংগ লৈ আমি য'তেই গৈ পাওঁ, তাত এটা আশ্বাস পাই যায় যে এতিয়া ভাৰতৰ টীম আহি গ'ল, পৰিস্থিতি ভাল হ'বলৈ আৰম্ভ কৰিব।' প্ৰধানমন্ত্ৰীয়ে স্থানীয় মানুহৰ মাজত ত্ৰিৰংগই পোৱা সন্মানৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে কেনেকৈ অপাৰেশ্যন গংগাৰ সময়ত ইউক্ৰেইনত ভাৰতীয় নাগৰিকৰ লগতে আন দেশৰ নাগৰিকৰ বাবেও ত্ৰিৰংগ ঢাল হৈ পৰিছিল। এনেকৈ, অপাৰেশ্যন দৈৱ শক্তিত আফগানিস্তানৰ পৰাও বহুত বিপৰীত পৰিস্থিতিত আমি আপোনজনক নিৰাপদে ওভতাই আনিলো। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংকল্পবদ্ধতাকে কৰোনা বিশ্বজনীন মহামাৰীৰ সময়তো দেখা গ'ল। অনিশ্চয়তাৰে ভৰা পৰিস্থিতিত ভাৰতে এজন-এজন নাগৰিকক স্বদেশলৈ অনাৰ দায়িত্ব ল'লে আৰু অভাবী দেশক ঔষধ আৰু ভেকচিন যোগান ধৰিলে।

প্ৰধানমন্ত্ৰীয়ে 'অপাৰেশ্যন দোস্ত'ৰ মাধ্যমত মানৱতাৰ প্ৰতি ভাৰতৰ সংকল্পবদ্ধতাৰ ৰেখাপাত কৰে। তেওঁ কয়, 'যেতিয়া তুৰ্কিয়ে আৰু ছিৰিয়াত ভূমিকম্প আহে তেতিয়া ভাৰতে সবাতোকৈ আগত সহায় লৈ উপস্থিত হোৱাসকলৰ অন্যতম আছিল।' তেওঁ নেপালত ভূমিকম্প, মালদ্বীপ আৰু শ্ৰীলংকাত সংকটৰ উদাহৰণ দিয়ে আৰু কয় যে ভাৰত সবাতোকৈ প্ৰথমে সহায় লৈ আগবাঢ়ি আহিল। তেওঁ কয় যে এতিয়া তো ভাৰতৰ সেনাৰ সমান্তৰালকৈ এনডিআৰএফৰ ওপৰতো দেশৰ উপৰি অন্য দেশৰ ভৰষা বাঢ়ি আছে। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে যে যোৱা বছৰবোৰত এনডিআৰএফে দেশৰ জনসাধাৰণৰ মাজত এটা অত্যন্ত ভাল ভাৱমূৰ্তি গঢ়িছে। তেওঁ কয়, 'দেশৰ মানুহে এনডিআৰএফৰ ওপৰত বিশ্বাস কৰে।' তেওঁ এই কথাৰ ওপৰত জোৰ দিয়ে যে যেতিয়াই এনডিআৰএফৰ টীম গৈ পায় তেতিয়াই মানুহৰ আশা আৰু বিশ্বাস উভতি আহে, এয়া নিজে নিজেই এটা বহুত ডাঙৰ প্ৰাপ্তি।

দুৰ্যোগৰ সময়ত সাহায্য আৰু উদ্ধাৰৰ ভাৰতৰ ক্ষমতাক শক্তিশালী কৰাৰ প্ৰয়োজনৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, 'আমি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহায্য আৰু উদ্ধাৰ দলৰ নিজৰ পৰিচয় শক্তিশালী কৰিব লাগিব। আমাৰ নিজৰ প্ৰস্তুতি যিমানেই ভাল হ'ব, আমি পৃথিৱীৰো সিমানেই উন্নত উপায়েৰে সেৱা কৰিব পাৰিম।' সম্বোধনৰ শেষত প্ৰধানমন্ত্ৰীয়ে এনডিআৰএফ দলৰ প্ৰয়াস আৰু প্ৰাপ্তিৰ প্ৰশংসা কৰে। তেওঁ কয় যে যদিও তেওঁলোকে তাত উদ্ধাৰ অভিযান চলাই আছিল কিন্তু তেওঁলোকে যোৱা ১০ দিনৰ পৰা অহৰহ মন আৰু মগজুৰে তেওঁৰ সৈতে সংযুক্ত হৈ আছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"