প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ১৬ জানুৱাৰীৰ বিয়লি ৫ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ষ্টার্টআপসমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে প্রাৰম্ভ–‘ষ্টার্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়াব৷

কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য প্রসাৰ বিভাগে ১৫-১৬ জানুৱাৰীত দুদিনীয়াকৈ এই সন্মিলনৰ আয়োজন কৰিছে। উল্লেখ্য যে ২০১৮ৰ আগষ্টত কাঠমাণ্ডুত চতুর্থ বিমষ্টেক সন্মিলনত প্রধানমন্ত্রীয়ে ভাৰতত বিমষ্টেক সদস্যভুক্ত দেশসমূহৰ ষ্টার্টআপ সংস্থাসমূহক লৈ এক সন্মিলন আয়োজনৰ কথা ঘোষণা কৰিছিল৷ সেই অনুসৰি বিভাগে অহা শুক্ৰ আৰু শনিবাৰে এই সন্মিলন আয়োজন কৰিছে৷

ভাৰতত ষ্টার্টআপ উদ্যোগ গঢ়ি তোলাৰ পঞ্চম বার্ষিকী উদযাপন উপলক্ষে এই সন্মিলন আয়োজন কৰা হৈছে৷ প্রধানমন্ত্রী মোদীয়ে ২০১৬ৰ ১৬ জানুৱাৰীত ষ্টার্টআপ ইণ্ডিয়া প্ৰচেষ্টাৰ শুভাৰম্ভ কৰিছিল৷ এই সন্মিলনত ২৫খনতকৈ অধিক দেশ আৰু ২০০ জনতকৈও অধিক বক্তাই অংশগ্ৰহণ কৰিব। ষ্টার্টআপ ইণ্ডিয়া প্ৰচেষ্টাৰ শুভাৰম্ভ কৰাৰ সময়ৰ পৰা এয়াই হৈছে ভাৰতৰ সর্ববৃহৎ ষ্টার্টআপ সন্মিলন। এই সন্মিলনৰ ২৪টা অধিৱেশনত বহুপাক্ষিক সহযোগিতা আৰু অধিক সম্প্রসাৰিত কৰাৰ লগতে ষ্টার্টআপ ক্ষেত্রত এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন দেশৰ মাজৰ সম্পর্কক আৰু অধিক নিবিড় কৰাত দিশত জোৰ দিয়া হ’ব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi