Today, India has embarked on the Reform Express, aimed at making both life and business easier: PM Modi at the 18th Rozgar Mela

January 24th, 11:30 am

While addressing the 18th Rozgar Mela, PM Modi expressed his happiness that over 61,000 young people are receiving appointment letters for government services. He noted that India is entering into trade and mobility agreements with several countries, opening up vast new opportunities for young Indians. Highlighting the nation’s progress across sectors over the past decade, he urged the youth to work with the spirit of “Nagrik Devo Bhava.”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অষ্টাদশ ৰোজগাৰ মেলাত ভাষণ

January 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ১৮ সংখ্যক ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে জনসাধাৰণৰ জীৱনত নতুন সুখ কঢ়িয়াই অনাৰ লগতে নাগৰিকসকলক তেওঁলোকৰ সাংবিধানিক কৰ্তব্যৰ সৈতে সংযোগ কৰি ২০২৬ বৰ্ষ আৰম্ভ হৈছে। তেওঁ উল্লেখ কৰে যে এই সময়ছোৱা গণৰাজ্যৰ বিশাল উৎসৱৰ সৈতে মিলি যায়। শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২৩ জানুৱাৰীত ৰাষ্ট্ৰই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে পৰাক্ৰম দিৱস উদযাপন কৰে আৰু কাইলৈ ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব আৰু তাৰ পাছতে গণৰাজ্য দিৱস পালন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজিৰ দিনটোও বিশেষ, কিয়নো এই দিনটোতে সংবিধানে ‘জন গণ মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে আৰু ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই গুৰুত্বপূৰ্ণ দিনটোত ৬১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰি তেওঁলোকৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে এই নিযুক্তি পত্ৰসমূহক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ আৰু উন্নত ভাৰতৰ সৃষ্টি ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি হিচাপে বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে বহু যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব, শিক্ষা আৰু স্বাস্থ্যসেৱা তথা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিব, বিত্তীয় সেৱা আৰু শক্তি সুৰক্ষাক শক্তিশালী কৰিব আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে সকলো যুৱক-যুৱতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

২৪ জানুৱাৰীত ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ মাজত ৬১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 23rd, 05:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ জানুৱাৰী, ২০২৬ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ মাজত ৬১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষ্যে আয়োজিত সভাতো ভাষণ আগবঢ়াব। নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। এতিয়ালৈকে দেশজুৰি আয়োজিত ৰোজগাৰ মেলাৰ জৰিয়তে ১১ লাখৰো অধিক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ১৮ সংখ্যক ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৫টা স্থানত আয়োজন কৰা হৈছে। ভাৰতৰ সকলো প্ৰান্তৰ পৰা নতুনকৈ নিযুক্তি লাভৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে গৃহ পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, উচ্চ শিক্ষা বিভাগকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় তথা বিভাগত যোগদান কৰিব।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ মন্তব্য

October 24th, 11:20 am

এইবাৰ, পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ সকলোৰে জীৱনত নতুন পোহৰ কঢ়িয়াই আনিছে। আজি দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে উৎসৱৰ মাজতে এটা নিৰ্দিষ্ট চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাৰ সুখ অনুভৱ কৰিছে, অৰ্থাৎ উৎসৱৰ আনন্দ আৰু সফলতাৰ দুগুণ সুখ। মই অনুভৱ কৰিব পাৰো, আপোনালোকৰ পৰিয়ালে কিমান আনন্দ পাব। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গক মোৰ আন্তৰিক অভিনন্দন জনাইছো। জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বছৰৰ পোহৰৰ উৎসৱ দীপাৱলীয়ে সকলোৰে জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনিছে। উৎসৱ উদযাপনৰ মাজতে, স্থায়ী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাটোৱে আনন্দৰ মাত্ৰা দুগুণ কৰে - উৎসৱৰ আনন্দ আৰু নিযুক্তিৰ সফলতা দুয়োটাই। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সুখ আজি সমগ্ৰ দেশৰ ৫১,০০০ৰো অধিক যুৱক-যুৱতীয়ে অনুভৱ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ পৰিয়াললৈ অহা অপৰিসীম আনন্দক তেওঁ স্বীকাৰ কৰে আৰু সকলো প্রাপক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

উত্তৰপ্ৰদেশৰ বাৰাণসীত উন্নয়নমূলক কামৰ আধাৰশিলা, উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 02nd, 11:30 am

নমোঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ, শাওনৰ পবিত্ৰ মাহত আজি কাশীৰ আমাৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ সৌভাগ্য হ’ল। মই কাশীৰ প্ৰতিগৰাকী পৰিয়ালৰ সদস্যক প্ৰণাম জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভণি কৰে

August 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ শাওণ মাহত বাৰাণসীৰ পৰিয়ালক লগ পোৱাৰ সন্দৰ্ভত আন্তৰিক আৱেগ প্ৰকাশ কৰে। বাৰাণসীবাসীৰ সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মহানগৰীৰ প্ৰতিজন পৰিয়ালৰ সদস্যক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শাওণ মাহৰ শুভ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে।

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 12th, 11:30 am

কেন্দ্ৰীয় চৰকাৰৰ যুৱক-যুৱতীসকলক স্থায়ী চাকৰি প্ৰদানৰ বাবে আমাৰ অভিযান অব্যাহত আছে। আৰু আমাৰ পৰিচয়, কাৰো পৰামৰ্শ অবিহনে বা ব্যয় নোহোৱাকৈ কৰা। আজি ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিয়া হৈছে। এনে নিয়োগ মেলাৰ জৰিয়তে এতিয়ালৈকে লাখ লাখ যুৱকে ভাৰত চৰকাৰত স্থায়ী চাকৰি লাভ কৰিছে। এতিয়া এই যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত ডাঙৰ ভূমিকা পালন কৰিছে। আজিও আপোনালোকৰ বহুতেই ভাৰতীয় ৰে’লৱেত নিজৰ কৰ্তব্য আৰম্ভ কৰিছে, বহু বন্ধু এতিয়া দেশৰ নিৰাপত্তাৰক্ষী হ'ব, ডাক বিভাগত নিযুক্ত বন্ধুৱে প্ৰতিখন গাওঁলৈ চৰকাৰৰ সা-সুবিধাসমূহ যোগান ধৰিব, কিছুমান বন্ধু হ'ব হেল্থ ফৰ অল মিছনৰ যোদ্ধা, বহু যুৱকে আৰ্থিক অন্তৰ্ভুক্তিৰ ইঞ্জিন আৰু অধিক দ্ৰুত কৰিব আৰু বহু বন্ধুৱে ভাৰতৰ ঔদ্যোগিক উন্নয়নত নতুন গতি দিব। আপোনাৰ বিভাগবোৰ বেলেগ বেলেগ, কিন্তু লক্ষ্য এটা আৰু সেই লক্ষ্য কি, আমি বাৰে বাৰে মনত ৰাখিব লাগিব, আমাৰ লক্ষ্য এটাই। বিভাগ যিয়েই নহওক, কাম যিয়েই নহওক কিয়, পদ যিয়েই নহওক কিয়, অঞ্চল যিয়েই নহওক কিয়, লক্ষ্য এটাই-ৰাষ্ট্ৰীয় সেৱা। সূত্ৰটো এটা-নাগৰিক প্ৰথম। দেশৰ জনসাধাৰণৰ সেৱা কৰিবলৈ আপুনি বহুত ডাঙৰ মঞ্চ পাইছে। জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত ইমান ডাঙৰ সফলতা লাভ কৰাৰ বাবে আপোনালোক সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছো। এই নতুন যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।

ৰোজগাৰ মেলাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

July 12th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ দৃঢ়তাৰে কয় যে আজি ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা এই যুৱক-যুৱতীসকলৰ নতুন দায়িত্ব আৰম্ভ হৈছে। তেওঁ যুৱক-যুৱতীসকলক বিভিন্ন বিভাগত চাকৰি আৰম্ভ কৰাৰ বাবে অভিনন্দন জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে বিভিন্ন ভূমিকা সত্ত্বেও তেওঁলোকৰ উমৈহতীয়া লক্ষ্য হৈছে নাগৰিক প্ৰথম নীতিৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সেৱা।

প্ৰধানমন্ত্ৰীয়ে ১২ জুলাইত ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগ আৰু সংস্থাসমূহত নৱ-নিযুক্ত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব

July 11th, 11:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১২ জুলাইৰ পুৱা প্ৰায় ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ-নিযুক্ত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ইয়াতে তেখেতে নিযুক্তিপ্ৰাপ্তসকলক সম্বোধনো কৰিব।

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 26th, 11:23 am

আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে

April 26th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।

‘ৰোজগাৰ মেলা’ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ২৬ এপ্ৰিলত চৰকাৰী বিভাগ আৰু সংগঠনসমূহত নৱ নিয়োজিত যুৱক-যুৱতীসকলক ৫১,০০০ তকৈয়ো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব

April 25th, 07:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৬ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনসমূহত নৱ নিয়োজিত যুৱক-যুৱতীসকলক ৫১,০০০ তকৈয়ো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধনো কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব

March 07th, 07:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব। তেওঁ ৭ মাৰ্চত চিলভাছা ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত তেওঁ ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ চিলভাছাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত তেওঁ চুৰাট ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান’ আৰম্ভ কৰিব। ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে নৱসাৰী ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব যাৰ পিছত এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত ৭১,০০০ ৰো অধিক নিযুক্তি পত্ৰ বিতৰণত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

December 23rd, 11:00 am

মোৰ কেবিনেটৰ সতীৰ্থবৃন্দ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, আৰু মোৰ ডেকা বন্ধু-বান্ধবীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০ তকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে

December 23rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিয়োগ সৃষ্টিত অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। ই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু আত্মসৱলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰি শক্তিশালী কৰিব।

Prime Minister Narendra Modi to distribute over 71,000 appointment letters under Rozgar Mela

December 22nd, 09:48 am

PM Modi will distribute more than 71,000 appointment letters to newly appointed recruits. He will also address the gathering on this occasion. Rozgar Mela is a step towards fulfilment of the commitment of PM Modi to accord highest priority to employment generation.

‘ৰোজগাৰ মেলা’ৰ মাধ্যমেৰে ৫১,০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 29th, 11:00 am

আজি হৈছে ‘ধনতেৰছ’ৰ পবিত্ৰ উৎসৱ। ‘ধনতেৰছ’ উপলক্ষে সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ। দুদিনৰ পিছত আমি সকলোৱে ‘দীপাৱলী’ উৎসৱ উদযাপন কৰিম। আৰু এই বছৰৰ দেৱালী অতিকে বিশেষ হ’ব, বাৰুকৈয়ে বিশেষ হ’ব। আপোনালোকে জানে যে দেৱালী প্ৰতিবাৰেই আহে, তেন্তে এইবাৰনো একেটা উত্সৱেই কিয় বিশেষ হৈ উঠিছে, বিশেষ হোৱাৰ কাৰণ মই আপোনালোকক ক'ম। ৫০০ বছৰৰ পিছত ভগৱান শ্ৰী ৰাম তেওঁৰ অযোধ্যাৰ বিশাল মন্দিৰত উপৱিষ্ট হৈছেহি। আৰু ভব্য মন্দিৰত উপৱিষ্ট হোৱাৰ পিছত এইটো হৈছে প্ৰথমটো দীপাৱলী, আৰু এনে এটা দীপাৱলীৰ বাবে অপেক্ষা কৰি কৰিয়েই বহু প্ৰজন্মই জীৱনপাত কৰিছিল, লাখ লাখ লোকে বলিদান দিছিল আৰু যাতনা ভূগিবলগীয়া হৈছিল। আমি সকলোৱেই বহুত সৌভাগ্যশালী কিয়নো আমি ইমান বিশেষ, অন্যন্য, বিশাল দীপাৱলী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। এই উৎসৱৰ পৰিৱেশত... আজি এই শুভ দিনত... ‘নিযুক্তি মেলা’ত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ দিয়া হৈছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

PM Narendra Modi addresses Rozgar Mela

October 29th, 10:30 am

PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to newly appointed youth in Government departments and organizations. Citing the Pradhan Mantri Internship Yojana, PM Modi said provisions are made for paid internships in the top 500 companies of India, where every intern would be given Rs 5,000 per month for one year. He added the Government’s target is to ensure one crore youth get internship opportunities in the next 5 years.

Prime Minister Narendra Modi to distribute over 51,000 appointment letters under Rozgar Mela

October 28th, 01:05 pm

PM Modi will distribute over 51,000 appointment letters to youth on October 29, 2024. As part of his commitment to job creation, this Rozgar Mela offers recruits opportunities to serve in various ministries. New appointees will also begin foundational training through ‘Karmayogi Prarambh’ on the iGOT Karmayogi portal, enhancing their skills to contribute to a Viksit Bharat.