খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 20th, 11:00 pm
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 10:55 pm
প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।ভাৰত-ইটালীৰ যুটীয়া ঘোষণা
May 20th, 10:28 pm
ইটালী গণৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষা জিঅ’ৰ্জিয়া মেল’নীৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৯-২০ মে’ত ইটালী ভ্ৰমণ কৰে।২০২৪ চনৰ জুন মাহত জি-৭ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ আৰু ২০২৩ চনত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মেল’নীয়ে কৰা ভাৰত ভ্ৰমণৰ পিছত এই ভ্ৰমণে নানান বিষয়ত দ্বিপাক্ষিক সম্পৰ্কক উন্নীত কৰিছে । দুয়োগৰাকী নেতাই ভাৰত-ইটালীৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
May 20th, 07:21 pm
নেতাদ্বয়ে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ নৱীকৃত গতি, বৃদ্ধি পোৱা বিনিয়োগ আৰু দীৰ্ঘম্যাদী সহযোগিতা গঢ়ি তোলাৰ প্ৰচেষ্টাৰ কথা লক্ষ্য কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে যোৱা বছৰ তিনিটা ব্যৱসায়িক মঞ্চৰ আদান-প্ৰদানক আদৰণি জনাইছিল। প্ৰতিৰক্ষা, ডিজিটেল, শক্তি পৰিৱৰ্তন, আন্তঃগাঁথনি আৰু লজিষ্টিক আদি খণ্ডক প্ৰতিনিধিত্ব কৰা নিৰ্বাচিত ইটালী আৰু ভাৰতীয় চিইঅ’সকলকো সাক্ষাৎ কৰে। ২০২৯ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ইউৰোলৈ সম্প্ৰসাৰণৰ ভাগ-বতৰা লক্ষ্য লক্ষ্য কৰি দুয়োজন নেতাই ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ পৰা পোৱা সুযোগসমূহৰ লাভ উঠাবলৈ সন্মত হয় আৰু ইয়াক আগতীয়াকৈ কাৰ্যকৰী কৰাৰ আহ্বান জনায়।ইটালীৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 07:19 pm
প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইটালীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি মাটাৰেলাৰ সহায় আৰু নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বৰ উৰ্ধমুখী গতিৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই বাণিজ্য তথা বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, শক্তি, এআই আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়তো তেওঁলোকে মত বিনিময় কৰে।ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া বিবৃতি
May 20th, 05:00 pm
ৰোমক বিশ্বজুৰি ‘চিৰন্তন চহৰ’ বুলি জনা যায়। ভাৰতবৰ্ষত মোৰ লোকসভা সমষ্টি—কাশী—ইয়াকো কোনো প্ৰাচীন আৰু চিৰন্তন নগৰ হিচাপে গণ্য কৰা হয়। দুটা সভ্যতা লগ হ’লে সংলাপ কেৱল আঁচনিৰ মাজতে সীমাবদ্ধ নাথাকে; বৰঞ্চ ই ঐতিহাসিক গভীৰতাৰ সংগম, ভৱিষ্যতৰ দৃষ্টিভংগী আৰু বন্ধুত্বৰ স্বাভাৱিক সহজতাক প্ৰতিফলিত কৰে।বিশেষ অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
May 20th, 12:30 am
কিছুসময় পূৰ্বে ইটালীৰ ৰোমত উপস্থিত হয় প্ৰধানমন্ত্ৰী। তেওঁ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইটালী ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম চাৰ্জিঅ’ মাটাৰেলা আৰু প্ৰধানমন্ত্ৰী মেল’নিৰ সৈতে আলোচনাত মিলিত হ’ব।