ভাৰত-কানাডা চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

March 02nd, 02:30 pm

দুয়োখন দেশৰ ব্যৱসায়িক নেতা, ভদ্ৰলোক-ভদ্ৰমহিলা আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক শুভেচ্ছা জনাইছো!

তামিলনাডুৰ মাদুৰাইত বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 01st, 03:30 pm

পবিত্ৰ আৰু ঐতিহাসিক চহৰ মাদুৰাইত উপস্থিত হৈ মই নিজে সন্মানিত অনুভৱ কৰিছো। মই মীনাক্ষী আম্মান আৰু ভগৱান সুন্দৰেশ্বৰক প্ৰণাম জনাইছো। তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত আজিৰ এই অনুষ্ঠান এক গৌৰৱৰ অধ্যায় হিচাপে চিহ্নিত হৈছে। আমি আজি চাৰি হাজাৰ চাৰিশ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গাও কৰিছো। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে অৰ্থনীতিৰ বিকাশ, নিয়োগৰ সুযোগ সৃষ্টি আৰু লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব। কৃষকসকলৰ বাবে তেওঁলোকৰ উৎপাদিত শস্য লৈ বজাৰত উপনীত হোৱাৰ উন্নত পথ লাভ কৰিছে। তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে যাত্ৰা সহজ কৰাটো হৈ পৰিছে। ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ সম্ভৱ হৈছে। উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থ হৈছে জনসাধাৰণক সৱলীকৰণ কৰা।

মাদুৰাইত ৪,৪০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 01st, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ৪,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পৱিত্ৰ চহৰ মাদুৰাইত উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা হৈছে। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাত পৰিৱৰ্তন আনিব, অৰ্থনীতিৰ বিকাশ ঘটাব, যুৱক-যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক সৱলীকৰণ কৰা। শ্ৰী মোদীয়ে কয় যে এই উন্নয়নসমূহৰ অৰ্থ হৈছে কৃষকসকলৰ সামগ্ৰী উলিয়াই বজাৰলৈ যোৱাৰ বাবে উন্নত পথ, তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে সুগম যাত্ৰা আৰু ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ।

Cabinet approves the widening of National Highway-167 in Telangana worth Rs.3175.08 crore

February 14th, 01:00 pm

The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the widening of National Highway-167 from Gudebellur to Mahabubnagar on the Hyderabad-Panaji Economic Corridor to 4-lane standards in Telangana, worth Rs. 3175.08 crore. It will provide seamless connectivity to key economic, social and logistics nodes across Telangana and provide employment opportunities.

ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া

November 26th, 10:10 am

মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে

November 26th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।

PM to inaugurate Safran Aircraft Engine Services India facility on 26th November

November 25th, 04:16 pm

In a big step towards the goal of Aatmanirbharta in the aviation sector, PM Modi will inaugurate the Safran Aircraft Engine Services India (SAESI) facility on 26th November at 10 AM via video conferencing. It is located at the GMR Aerospace and Industrial Park – SEZ, Rajiv Gandhi International Airport, Hyderabad. With an initial investment of around ₹1,300 crore, the SAESI facility is designed to service up to 300 LEAP engines annually.

‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী

October 26th, 11:30 am

চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।

দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

September 21st, 06:09 pm

কাইলৈৰ পৰা আৰম্ভ হ'ব শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰি। আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত আন এক গুৰুত্বপূৰ্ণ আৰু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ ​​২২ ছেপ্টেম্বৰ, নৱৰাত্ৰিৰ প্ৰথম দিনা সূৰ্য্য উদয় হোৱাৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব। এক প্ৰকাৰে কাইলৈৰ পৰা দেশত জি এছ টি ৰাহি উৎসৱ আৰম্ভ হ’বলৈ গৈ আছে। এই জিএছটি ৰাহি উৎসৱে আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব আৰু আপুনি বিচৰা বস্তুবোৰ অতি সহজে ক্ৰয় কৰিব পাৰিব। আমাৰ দেশৰ দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ মানুহ, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী, উদ্যোগী সকলোৱে এই ৰাহি উৎসৱৰ পৰা বহু উপকৃত হ’ব। অৰ্থাৎ এই উৎসৱৰ বতৰত সকলোৱে মিঠাই খাব, আৰু দেশৰ প্ৰতিটো পৰিয়াল ধন্য হ’ব। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু এই ৰাহি উৎসৱ উপলক্ষে দেশৰ কোটি কোটি পৰিয়াললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই সংস্কাৰসমূহে ভাৰতৰ বৃদ্ধিৰ কাহিনী ত্বৰান্বিত কৰিব, ব্যৱসায় কৰাটো সহজ কৰি তুলিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্যক উন্নয়নৰ দৌৰত সমান অংশীদাৰ কৰি তুলিব।

দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 21st, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰিৰ আৰম্ভণিতে দেশৰ সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ মন্তব্য কৰে যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশখনে আত্মনিৰ্ভৰ ভাৰত অভিযানত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াব। ২২ ছেপ্টেম্বৰৰ সূৰ্য্য উদয়ৰ পৰা আৰম্ভ কৰি দেশত পৰৱৰ্তী প্ৰকল্পৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াৰ দ্বাৰা সমগ্ৰ ভাৰততে জি এছ টি ৰাহি উৎসৱ(সঞ্চয় মহোৎসৱ) আৰম্ভ হৈছে। তেওঁ কয় যে এই উৎসৱে সঞ্চয় বৃদ্ধি কৰিব আৰু মানুহে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰাত সহজ হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সঞ্চয় উৎসৱৰ সুফল দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী আৰু উদ্যোগীসকলৰ মাজত একেদৰেই পৰিলক্ষিত হ'ব । তেওঁ মন্তব্য কৰে যে এই উৎসৱৰ বতৰত প্ৰতিখন ঘৰতে সুখ আৰু মধুৰতা বৃদ্ধি পাব। সকলোকে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ কোটি কোটি পৰিয়াললৈ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু জি এছ টি সঞ্চয় মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এই সংস্কাৰে ভাৰতৰ বিকাশৰ কাহিনীক ত্বৰান্বিত কৰিব, ব্যৱসায়িক কাৰ্য্যকলাপ সৰল কৰিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্য উন্নয়নৰ দৌৰত সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব।

মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

August 31st, 11:30 am

এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাসকলৰ দুখত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

May 18th, 12:00 pm

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ দুখত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

‘ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (আইটিআই)ৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা ‘ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন’ৰ প্ৰস্তাৱলৈ কেবিনেটে অনুমোদন জনাইছে

May 07th, 02:07 pm

ভাৰতত বৃত্তিমূলক শিক্ষাৰ পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি হিচাপে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)সমূহৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা (৫) ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

Developing Indian Railways is key to achieving the resolve of Viksit Bharat: PM

January 06th, 01:00 pm

PM Modi inaugurated key railway projects in Jammu, including the new Jammu Railway Division, and launched the Charlapalli Terminal Station in Telangana. He also laid the foundation for the Rayagada Railway Division Building in Odisha. These initiatives aim to modernize railway infrastructure, improve connectivity, create jobs, and promote regional development, with special emphasis on enhancing passenger facilities and boosting economic growth.

বিভিন্ন ৰে'ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 06th, 12:30 pm

শ্ৰী গুৰু গোবিন্দ সিংজী জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ শিক্ষা আৰু জীৱনে এক শক্তিশালী আৰু সমৃদ্ধিশালী দেশৰ দৃষ্টিভংগীক অনুপ্ৰাণিত কৰে। সংযোগৰ ক্ষেত্ৰত ভাৰতৰ দ্ৰুতগতিত অগ্ৰগতিৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে ২০২৫ চনৰ আৰম্ভণিৰ পৰাই ভাৰতে মেট্ৰ’ ৰে’ল নেটৱৰ্ক ১০০০ কিলোমিটাৰতকৈও অধিক সম্প্ৰসাৰণ কৰি নিজৰ পদক্ষেপ ত্বৰান্বিত কৰি আহিছে। তেওঁ কালি দিল্লী মেট্ৰ’ প্ৰকল্প আৰম্ভ কৰাৰ লগতে দিল্লী-এনচিআৰত শেহতীয়াকৈ নমো ভাৰত ৰে’ল উদ্বোধনৰ কথা উল্লেখ কৰে।

৬ জানুৱাৰীত একাধিক ৰে’লৱে প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 05th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জানুৱাৰীত দিনৰ ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন ৰে'ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

ভূৱনেশ্বৰত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিতব্য আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

November 29th, 09:54 am

ওড়িশাৰ ভূৱনেশ্বৰৰ ‘লোকসেৱা ভৱন’ৰ ‘ৰাজ্যিক সন্মিলন কেন্দ্ৰ’ত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰ, ২০২৪লৈ অনুষ্ঠিত হ'বলগীয়া ‘আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।

ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

October 28th, 12:47 pm

প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।

৩০ জুনত প্ৰাক্তন উপৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰা সম্পৰ্কীয় তিনিখন গ্ৰন্থ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

June 29th, 11:03 am

ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ৩০ জুনৰ দুপৰীয়া ১২ বজাত তেওঁৰ জীৱন আৰু যাত্ৰা সম্পৰ্কীয় তিনিখন গ্ৰন্থ উন্মোচন কৰিব। অনুষ্ঠানটো হায়দৰাবাদৰ ‘গাচিবাউলীৰ অনভায়া সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত হ'ব।

Congress has always been an anti-middle-class party: PM Modi in Hyderabad

May 10th, 04:00 pm

Addressing his second public meeting, PM Modi highlighted the significance of Hyderabad and the determination of the people of Telangana to choose BJP over other political parties. Hyderabad is special indeed. This venue is even more special, said PM Modi, reminiscing about the pivotal role the city played in igniting hope and change a decade ago.