Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীত বিহাৰ ভ্ৰমণ কৰিব। প্ৰথমেই প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাউণীত উপস্থিত হৈ বিহাৰৰ বাবে এলানি উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব।

এই প্ৰকল্পসমূহে পাটনাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহৰ মাজত যাতায়াত ব্যৱস্থা উন্নত কৰি তুলিব। এই প্ৰকল্পসমূহে চহৰখন আৰু সমগ্ৰ অঞ্চলটোতেই বিদ্যুৎ শক্তিৰ উপলব্ধতা সুনিশ্চিত কৰিব। এই প্ৰকল্পসমূহে সাৰ উৎপাদনৰ দিশটোক ত্বৰান্বিত কৰিব আৰু বিশেষভাৱে বিহাৰত অনাময় ব্যৱস্থা আৰু স্বাস্থ্য খণ্ডক উত্তৰণ প্ৰদান কৰিব।

খণ্ডভিত্তিত প্ৰকল্পসমূহৰ সবিশেষ তলত দিয়াধৰণৰ –

নগৰ উন্নয়ন আৰু অনাময় ব্যৱস্থা

প্ৰধানমন্ত্ৰীয়ে পাটানা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ আধাৰশিলা মুকলি কৰিব, আশা কৰা হৈছে যে এই মেট্ৰ’ ৰে’ল প্ৰকল্পই পাটনা আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহত যোগাযোগ ব্যৱস্থাক বাৰুকৈয়ে ত্বৰান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে পাটনাত নদী তীৰ উন্নয়ন প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৯৬.৫৪ কিলোমিটাৰ এলেকা সামৰি থকা কৰ্মালিচক পয়ঃপ্ৰণালী নেটৱৰ্কৰো আধাৰশিলা মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে বাঢ়, চুলতানগঞ্জ আৰু নৌগাছিয়াত পয়ঃপ্ৰণালী ব্যৱস্থা কাৰখানা সম্পৰ্কীয় কাম-কাজৰো শুভাৰম্ভ কৰিব। তেওঁ লগতে বিভিন্ন স্থানত ২২ টা অম্ৰুট প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰিব।

ৰে’লৱে

প্ৰধানমন্ত্ৰীয়ে নিম্নোক্ত স্থানসমূহত ৰে’ল আলিৰ বৈদ্যুতিকৰণ ব্যৱস্থাৰ শুভাৰম্ভ কৰিব –

· বাৰাউণী – কুমেদপুৰ

· মুজাফৰপুৰ – ৰাক্সাউল

· ফাটুহা – ইছলামপুৰ

· বিহাৰশ্বৰীফ – ডানিয়াৱান

এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে ৰাঁচী – পাটনা সাপ্তাহিক এক্সপ্ৰেছ ৰে’লগাড়ীখনো শুভাৰম্ভ কৰিব।

তেল আৰু গেছ –

প্ৰধানমন্ত্ৰী মোদীয়ে জগদীশপুৰ – বাৰাণসী প্ৰাকৃতিক গেছ পাইপলাইনৰ ফুলপুৰৰ পৰা পাটনা অংশৰ শুভ উদ্বোধন কৰিব। তেওঁ লগতে পাটানা চিটি গেছ বিতৰণ প্ৰকল্পৰো শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালতে বাৰাউণী শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ৯এম এম টি এভিইউৰ আধাৰশিলা মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে পাৰাদীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইনৰ পৰা মুজফৰপুৰ আৰু পাটনালৈ যোৱা অংশৰ পৰিবৰ্ধনৰ বাবেও আধাৰশিলা মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে বাৰাউণী শোধনাগাৰৰ এটিএফ হাইড্ৰ’ট্ৰিটিং ইউনিট (INDJET)ৰ বাবে আধাৰশিলা মুকলি কৰিব।

এই প্ৰকল্পসমূহে চহৰখনৰ লগতে সমগ্ৰ অঞ্চলটোতেই বিদ্যুৎশক্তিৰ উপলব্ধতা সুনিশ্চিত কৰিব।

স্বাস্থ্যখণ্ড

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰণ, ছাপ্ৰা আৰু পুৰ্ণিয়াত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে ভগলপুৰ আৰু গয়াত চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ কামৰো আধাৰশিলা মুকলি কৰিব।

সাৰ

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্পৰ আধাৰশিলাৰ লগতে বাৰাউণীত এম’নিয়া-ইউৰিয়া সাৰ চৌহদৰ বাবেও আধাৰশিলা মুকলি কৰিব।

বাৰাউণীৰ পৰা প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডলৈ ৰাওনা হ’ব, তাতেই তেওঁ হাজাৰিবাগ আৰু ৰাঁচীলৈও যাব।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Nine years of Modi govt's transformative foreign policy

Media Coverage

Nine years of Modi govt's transformative foreign policy
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
We have strived to uphold the dignity and enhance the livelihoods of India's poorest: PM
May 30, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has shared a creative highlighting numerous initiatives that have transformed millions of lives over the past 9 years.

The Prime Minister tweeted;

“Over the past 9 years, we have strived to uphold the dignity and enhance the livelihoods of India's poorest. Through numerous initiatives we have transformed millions of lives. Our mission continues - to uplift every citizen and fulfill their dreams.”