Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰ ২০১৯ তাৰিখে বিজ্ঞান ভৱনত অনুষ্ঠিত আৰোগ্য মন্থন অনুষ্ঠানৰ সমাপন অনুষ্ঠানত সভাপতিত্ব কৰিব৷ আয়ুষ্মান ভাৰত পি এম–জে এ ৱাইৰ এবছৰীয়া বৰ্ষপূৰ্তিত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে দুদিনীয়াকৈ আৰোগ্য মন্থন শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে৷

সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ এক নতুন ম’বাইল এপ্লিকেচন মুকলি কৰিব৷ তাৰোপৰি তেওঁ ‘আয়ুষ্মান ভাৰত ষ্টাৰ্ট–আপ গ্ৰেণ্ড চেলেঞ্জ’’ মুকলি কৰি অনুষ্ঠানটোত এক স্মাৰক ডাক–টিকটো মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত পি এম–জে এ ৱাইৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ সৈতে মত–বিনিময় কৰিব৷ তেওঁ যোৱা এবছৰত আঁচনিটোৰ পৰিক্ৰমা প্ৰদৰ্শিত কৰা পি এম–জে এ ৱাইৰ এক প্ৰদৰ্শনীও দৰ্শন কৰিব৷

আৰোগ্য মন্থনৰ প্ৰধান উদ্দেশ্য হ’ল পি এম–জে এ ৱাইৰ সকলো গুৰুত্বপূৰ্ণ ষ্টেকহ’ল্ডাৰসকলক সমবেত কৰি যোৱা বছৰটোত আঁচনিটোৰ প্ৰণয়নত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আলোচনা কৰা আৰু ইয়াৰ ৰূপায়ণ উন্নত কৰাৰ দিশত নতুন পথ নিৰূপণ কৰা৷ অনুষ্ঠানটোত আৰোগ্য মন্থৰ প্ৰধান পৰামৰ্শসমূহ উপস্থাপন কৰা হ’ব৷

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ ২০১৮ তাৰিখে আয়ুষ্মান ভাৰত পি এম–জে এ ৱাই আঁচনি মুকলি কৰিছিল৷

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Head-on | Why the India-Middle East-Europe corridor is a geopolitical game-changer

Media Coverage

Head-on | Why the India-Middle East-Europe corridor is a geopolitical game-changer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 ছেপ্টেম্বৰ 2023
September 26, 2023
Share
 
Comments

New India Extends Its Appreciation and Gratitude for Yet Another Successful Rozgar Mela

Citizens Praise PM Modi's Speech at ‘G20 University Connect’