প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ আগষ্ট, ২০২৩ তাৰিখে জোহান্সবাৰ্গত অনুষ্ঠিত পঞ্চদশ ব্ৰিকছ সন্মিলনৰ সময়ত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰী চিৰিল ৰামাফোছাৰ সৈতে এক বৈঠকত মিলিত হয়।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে প্ৰতিৰক্ষা, কৃষি, বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য, নিৰাপত্তা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে।

দুয়োপক্ষই বহুপাক্ষিক সংগঠন আৰু পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বহুপাক্ষিক বিষয়ত ধাৰাবাহিক সমন্বয়ৰ ওপৰত মত বিনিময় কৰে। ৰাষ্ট্ৰপতি ৰামাফোছাই ভাৰতৰ জি-২০ অধ্যক্ষতাৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে আৰু আফ্ৰিকান ইউনিয়নক জি-২০ৰ সম্পূৰ্ণ সদস্যপদ প্ৰদানৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ কয় যে তেওঁ জি-২০ সন্মিলনৰ বাবে নতুন দিল্লী ভ্ৰমণৰ বাবে আশাবাদী।

প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোচাক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাৰ পাৰস্পৰিক সুবিধাজনক সময় অনুসৰি দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ আমন্ত্ৰণ গ্ৰহণ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2026
March 04, 2026

Citizens Celebrate Colours of Confidence: PM Modi's Vision Powers Holi Joy, Jobs, Security, and Global Trust