ভাৰতীয় যুৱক-যুৱতীসকলে দেশখনত বিশ্ব ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ শীৰ্ষ তিনি উপনীত কৰাইছেঃ লালকিল্লাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা আগবঢ়োৱা ভাষণত কয় যে ভাৰতৰ ৰপ্তানি দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ভাৰত এতিয়া আৰু ৰুদ্ধ নহয়৷ বিশ্বৰ ৰেটিং এজেন্সিসমূহে ভাৰতৰ প্ৰশংসা কৰিছে আৰু ক’ৰোনাৰ পাছত নতুন বিশ্বত ভাৰতৰ সক্ষমতাক স্বীকৃতি দিছে, তেওঁ কয়৷ এটা সময় আছিল, যেতিয়া যোগান শৃংখলত বিৰূপ প্ৰভাৱ পৰিছিল, তেতিয়া আমি বিশ্বক দেখুৱালো যে যিকোনো সমস্যাৰ সমাধান মানৱীয় প্ৰয়োজনীয়তাত গুৰুত্ব দিয়াৰ জৰিয়তেহে পোৱা যায়, তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত গ্ল’বেল ছাউথৰ কণ্ঠ হৈ পৰিছে আৰু সুস্থিৰতা প্ৰদানেৰে ভাৰতীয় অৰ্থনীতি বিশ্ব যোগান শৃংখলৰ এক অংশ হৈছে৷

ষ্টাৰ্টআপ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় যুৱক-যুৱতীসকলে দেশখনত বিশ্ব ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ শীৰ্ষ তৃতীয় স্থানত উপনীত কৰাইছে৷ তেওঁ লগতে কয় যে এই উন্নয়নত তথা ভাৰতী যুৱক-যুৱতীসকলৰ সক্ষমতা দেখি বিশ্বৰ যুৱক-যুৱতীসকল আচৰিত হৈছে৷ বৰ্তমানৰ বিশ্ব প্ৰযুক্তিচালিত আৰু ভাৰতৰ প্ৰতিভা প্ৰদৰ্শনেৰে বিশ্বত আমি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিম৷ প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে অতি উন্নত দেশসমূহৰ বিশ্ব নেতাসকলে ভাৰতৰ ডিজিটেল ইণ্ডিয়াৰ সফলতাক স্বীকৃতি দিছে আৰু এই প্ৰচেষ্টাৱলীৰ বিষয়ে অধিক জানিব বিচাৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jan Dhan accounts hold Rs 2.75 lakh crore in banks: Official

Media Coverage

Jan Dhan accounts hold Rs 2.75 lakh crore in banks: Official
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ডিচেম্বৰ 2025
December 07, 2025

National Resolve in Action: PM Modi's Policies Driving Economic Dynamism and Inclusivity