ৰাইছিনা ডায়লগ-২০২১

Published By : Admin | April 13, 2021 | 20:05 IST
The Covid-19 pandemic has presented us an opportunity to reshape the world order, to reorient our thinking: PM Modi
Humanity as a whole must be at the center of our thinking and action: PM Modi
We must remember that we hold this planet merely as trustees for our future generations: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ৰাইছিনা ডায়লগ-২০২১’ কাৰ্যক্ৰমৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ৰাৱাণ্ডাৰ ৰাষ্ট্ৰপতি মহামহিম পল কাগামে আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম মেট্টে ফ্ৰেডেৰিকছেনে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে।

‘বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়’ আৰু ‘অবজাৰ্ভাৰ ৰিছাৰ্চ ফাউণ্ডেশ্যন’-য়ে যুটীয়া ভাবে আয়োজন কৰি অহা সন্মানীয় ‘ৰাইছিনা ডায়লগ’-ৰ ষষ্ঠ সংস্ককৰণৰ কাৰ্যক্ৰম অহা ১৩এপ্ৰিলৰ পৰা ১৬এপ্ৰিল, ২০২১লৈ অনুষ্ঠিত হ’ব। #ভাইৰেল ৱৰ্ল্ড- আউটব্ৰেক, আউটলায়াৰ্ছ এণ্ড আউট কণ্ট্ৰোল-ক এই সংস্কৰণৰ প্ৰাতিপাদ্য বিষয়বস্তু হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছে।

এবছৰৰো অধিক কালে সমগ্ৰ পৃথিৱীখনকে সংকটাপন্ন কৰা ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত মানৱ ইতিহাসৰ অন্যতম সন্ধিক্ষণত অনুষ্ঠিত ‘ৰাইছিনা ডায়লগ’ৰ এইবেলিৰ সংস্কৰণে বিশেষ গুৰুত্ব বহণ কৰিছে বুলি অনুভৱ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। তেওঁ সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত উদ্ভৱ হোৱা কেতবোৰ প্ৰশ্নৰ প্ৰসংগত বিশ্ব-সমুদায়ক আত্মানুসন্ধান কৰাৰ গোঁহাৰি জনায়।

লক্ষণৰ বিপৰীতে প্ৰকৃত কাৰকক বিচাৰি তাৰ নিৰসন কৰাৰ বাবেহে গোলকীয় ব্যৱস্থা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। মানৱ জাতিৰ মংগলৰ প্ৰসংগক আমাৰ প্ৰতিটো চিন্তা আৰু কামৰ মধ্যমণি হিচাপে ৰাখি সেই হিচাপে ব্যৱস্থাসমূহ বিকশিত কৰি আজিৰ সমস্যাৱলীৰ সমাধান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ আঁতৰোৱাৰো পোষকতা কৰে প্ৰধানমন্ত্ৰীয়ে।

মহামাৰীৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা আভ্যন্তৰীণ আৰু অন্য ৰাষ্ট্ৰক সহযোগিতামূলক পদক্ষেপসমূহৰ বিস্তৃত ব্যাখ্যাও প্ৰধানমন্ত্ৰীয়ে দাঙি ধৰে। মহামাৰীয়ে সৃষ্টি কৰা বিভিন্ন প্ৰকাৰৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত যৌথ প্ৰয়াসৰ আহ্বান জনোৱাৰ লগতে পৃথিৱীবাসীৰ মংগলৰ বাবে ভাৰতে আগবঢ়াই অহা অংশীদাৰিত্ব অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিও দোহাৰে প্ৰধানমন্ত্ৰীয়ে।

Click here to read PM's speech

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Oh My God! Maha Kumbh drives 162% jump in flight bookings; hotels brimming with tourists

Media Coverage

Oh My God! Maha Kumbh drives 162% jump in flight bookings; hotels brimming with tourists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Commissioning of three frontline naval combatants will strengthen efforts towards being global leader in defence: PM
January 14, 2025

The Prime Minister Shri Narendra Modi today remarked that the commissioning of three frontline naval combatants on 15th January 2025 will strengthen our efforts towards being a global leader in defence and augment our quest towards self-reliance.

Responding to a post on X by SpokespersonNavy, Shri Modi wrote:

“Tomorrow, 15th January, is going to be a special day as far as our naval capacities are concerned. The commissioning of three frontline naval combatants will strengthen our efforts towards being a global leader in defence and augment our quest towards self-reliance.”