প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অৰ্থাত্ ২৪ নৱেম্বৰ তাৰিখে ক’ভিড-১৯ৰ বিৰুদ্ধে গ্ৰহণ কৰা তত্পৰতা আৰু প্ৰবন্ধন সন্দৰ্ভত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য মন্ত্ৰীসকলৰে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে হোৱা এক পৰ্যালোচনা সভাত সভাপতিত্ব কৰে। শেহতীয়া ভাবে মহামাৰীবিধে পুনৰ মূৰ দাঙি উঠা আঠখন ৰাজ্যৰ পৰিস্থিতিক লৈ সভাত বিশেষ ততপৰতা প্ৰদৰ্শন কৰা হয়। ৰাজ্যকেইখন হৈছে- হাৰিয়াণা, দিল্লী, চত্তিশগড়, কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট আৰু পশ্চিম বংগ। ক’ভিড-১৯ৰ প্ৰতিষেধকৰ বিতৰণ আৰু প্ৰশাসন বিধিৰ আৰ্হি সন্দৰ্ভতো সভাত আলোচনা কৰা হয়।

স্বাস্থ্য আন্তঃগাঁথনিৰ নিৰ্মাণ
সমন্বিত প্ৰয়াসেৰে ভাৰতে ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰি আৰোগ্য লাভৰ হাৰ বৃদ্ধি কৰাৰ লগতে মৃত্যুৰ হাৰ নিয়ন্ত্ৰিত কৰাত সাফল্য লাভ কৰিছে বুলি অভিমত ব্যক্ত কৰা প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পৃথিৱীৰ বহু দেশৰ তুলনাত ভাৰতে উন্নত প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰে। তেওঁ নমুনা পৰীক্ষণ আৰু নিদান ব্যৱস্থাৰ সম্প্ৰসাৰণত গুৰুত্ব প্ৰদানৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে ‘পিএম কেয়াৰ পুঁজি’ৰ জৰিয়তে ভেণ্টিলেটৰ উপলব্ধ কৰাত গুৰুত্ব আৰোপ কৰাৰ কথা জানিবলৈ দিয়ে। ইফালে, অক্সিজেনৰ উত্পাদনৰ ক্ষেত্ৰত চিকিত্সা মহাবিদ্যালয়সমূহৰ হাস্পটালসমূহৰ লগতে জিলা চিকিত্সালয়সমূহক স্ব-নিৰ্ভৰশীল কৰাৰ প্ৰায়স কৰাৰ প্ৰসংগ উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ১৬০টাৰো অধিক অক্সিজেন উত্পাদন প্ৰকল্প স্থাপনৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে।

জন-সহাৰিৰ চাৰিটা পৰ্যায়
মহামাৰী সন্দৰ্ভত ৰাইজে প্ৰকট কৰা প্ৰতিক্ৰিয়া অনুধাৱন কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ এই প্ৰক্ৰিয়াক চাৰিটা পৰ্যায়ত বিভাজিত কৰে। মহামাৰী সন্দৰ্ভত প্ৰকট কৰা প্ৰথমটো প্ৰতিক্ৰিয়া হৈছে ‘ভয়’। ৰাইজৰ মাজত ভাইৰাছৰ বিধৰ সংক্ৰমণক লৈ সৃষ্টি হোৱা দ্বিতীয়টো প্ৰতিক্ৰিয়া হৈছে ‘সন্দেহ’। তৃতীয় পৰ্যায়ত ৰাইজে ইয়াৰ ‘উপস্থিতি স্বীকাৰ’ কৰিছে। আৰু যেতিয়াই ৰাইজে ইয়াক লৈ সচেতন হ’বলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাহে ইয়াৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে সতৰ্কতা অৱলম্বন কৰাৰ মানসিকতা প্ৰদৰ্শন কৰিবলৈ ধৰিলে। আৰোগ্য লাভৰ বৰ্দ্ধিত হাৰ প্ৰত্যক্ষ কৰা ৰাইজে চতুৰ্থ পৰ্যায়ত ভাইৰাছবিধৰ পৰা ‘নিজকে সুৰক্ষিত ৰখাৰ এক ভুল ধাৰণা’ বিকশিত কৰিবলৈ ধৰিলে আৰু ইয়েই ৰাইজৰ মাজত ৰোগবিধক কেৰেপ নকৰাৰ এক মানসিকতাৰ সৃষ্টি কৰিবলৈ ধৰিলে। এনে প্ৰেক্ষাপটতে এইটো পৰ্যায়ত ভাইৰাছবিধে দৰাচলতে সৃষ্টি কৰিব পৰা ভয়াবহতা সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ বিশেষ প্ৰয়োজনীয়তা দোহাৰে প্ৰধানমন্ত্ৰীয়ে। আগতে মহামাৰীৰ প্ৰভাৱ স্তিমিত হোৱা বহু দেশৰ দৰেই এতিয়া বহুকেইখন ৰাজ্যতো মহামাৰীয়ে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিবলৈ ধৰিছে আৰ ইয়াৰ পৰিপ্ৰেক্ষিততে এনেবোৰ ৰাজ্যত প্ৰশাসনীয় বিধি-ব্যৱস্থা অধিক কটকটীয়া কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ ‘আৰটি-পিচিআৰ’ পৰীক্ষাৰ হাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ লগতে ৰোগীৰ উন্নত নিৰীক্ষণ, বিশেষকৈ ‘হোম আইছলেশ্যন’ত থকাসকলৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰা, স্বাস্থ্য কেন্দ্ৰসমূহক অধিক উন্নত কৰি তোলা, গণ সচেতনতা অভিযানৰ পৰিসৰ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ মৃত্যুৰ হাৰ ১%ৰ তললৈ অনাৰ বাবে যাৱতীয় তত্পৰতা অৱলম্বনৰ আহ্বান জনায়।
মসৃণ, পদ্ধতিগত আৰু নিৰন্তৰ টীকাৰণৰ নিশ্চয়তা
ক’ভিড-১৯ৰ প্ৰতিষেধকৰ বিকাশ কাৰ্যক্ৰমক চৰকাৰে সুক্ষ্মভাবে নিৰীক্ষণ কৰি থকাৰ লগতে ভাৰতীয় বিকাশক, উত্পাদকসকলৰ লগতে পৃথিৱীৰ নিয়ন্ত্ৰক আৰু অন্য দেশৰ চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ সৈতে নিকট সম্পৰ্ক অব্যাহত ৰাখি অহা বুলি প্ৰধানমন্ত্ৰীয়ে নিশ্চয়তা প্ৰদান কৰে। ক’ভিড-বিৰোধী যুঁজত যেনেকৈ প্ৰতিগৰাকী লোকৰ প্ৰাণ ৰক্ষাত গুৰুত্ব দিয়া হৈছে ঠিক তেনেদৰেই প্ৰতিগৰাকী ব্যক্তিয়েই যাতে প্ৰতিষেধক লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰাত প্ৰথমিকতা প্ৰদান কৰা হ’ব বুলি দেশবাসীক আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত সামাজিক সংগঠন, অনুষ্ঠান আদিৰ লগতে সংবাদ মাধ্যম আৰু ‘এনচিচি’ আৰু ‘এনএছএছ’ৰ দৰে সংগঠনসমূহে ভূমিকা পালন কৰাত গুৰুত্ব আৰোপ কৰে।
ৰাজ্যসমূহৰ বাস্তৱ পৰিস্থিতি সন্দৰ্ভত বিস্তৃত তথ্য অৱগত কৰে মুখ্য মন্ত্ৰীসকলে। সভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব শ্ৰী ৰাজেশ ভূষণ, নীতি আয়োগৰ সদস্য(স্বাস্থ্য) ড০ ভি কে পালে প্ৰতিষেধক বিতৰণ সম্পৰ্কীয় প্ৰস্তুতি সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে।


