Share
 
Comments
ক’ভিডৰ বিৰুদ্ধে এই যুঁজখনত ৰাজ্যপালসকল হৈছে জনভাগীদাৰীৰ এটি গুৰুত্বপূৰ্ণ স্তম্ভঃ প্ৰধানমন্ত্ৰী
এই যুঁজত সকলো সামাজিক সংগঠন, ৰাজনৈতিক দল, এনজিঅ’ আৰু সামাজিক প্ৰতিষ্ঠানসমূহৰ সন্মিলত শক্তি প্ৰয়োগ কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
ট্ৰেকিং, ট্ৰেচিং আৰু টেষ্টিঙৰ ওপৰত গুৰুত্ব আৰোপ; আৰটিপিচিআৰ টেষ্ট বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ প্ৰধানমন্ত্ৰীৰ
ভেকচিনৰ যথোচিত উপলব্ধতা নিশ্চিত কৰিবলৈ চৰকাৰ অংগীকাৰবদ্ধঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ক’ভিড-১৯ পৰিস্থিতি আৰু অব্যাহত থকা টিকাদান অভিযান সন্দৰ্ভত ৰাজ্যসমূহৰ ৰাজ্যপালসকলেৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিডৰ বিৰুদ্ধে যুঁজখনত, ভেকচিনৰ সৈতে, আমাৰ দায়িত্বৰ চেতনা আৰু মূল্য হৈছে আমাৰ সৰ্ববৃহৎ শক্তি। যোৱা বৰ্ষত এই যুঁজত যিসকল নাগৰিকে তেওঁলোকৰ দায়িত্ব বুলি বিবেচনা কৰি অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ শলাগ লৈ, তেখেতে কয় যে এতিয়াও একেদৰে জনভাগীদাৰীৰ একেই ভাৱনাক উৎসাহিত কৰাটো প্ৰয়োজনীয়। তেখেতে কয় যে ৰাজ্যপালসকলৰ ভূমিকা, তেওঁলোকৰ সামাজিক ক্ষমতাৰ যথোচিত ব্যৱহাৰৰ জৰিয়তে, এয়া সম্ভৱ কৰি তুলিব পৰা যায়। ৰাজ্য চৰকাৰসমূহ আৰু সমাজৰ মাজত উত্তম সমন্বয় সাধানাৰ্থে ৰাজ্যপালসকলক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে অভিহিত কৰি, তেখেতে লগতে কয় যে সকলো সামাজিক সংগঠন, ৰাজনৈতিক দল, এনজিঅ’ আৰু সামাজিক প্ৰতিষ্ঠানসমূহৰ সন্মিলত শক্তি প্ৰয়োগ কৰিব লাগে।

পৰামৰ্শ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে মাইক্ৰ’ কন্টেইনমেন্টৰ অৰ্থে ৰাজ্য চৰকাৰসমূহৰ সৈতে সামাজিক অনুষ্ঠানসমূহে নিৰলস সহযোগিতা আগবঢ়োৱাটো নিশ্চিত কৰিবলৈ ৰাজ্যপালসকল সক্ৰিয়ভাৱে জড়িত হ’ব পাৰে। তেখেতে কয় যে তেওঁলোকৰ ছ’চিয়েল নেটৱৰ্কে চিকিৎসালয়সমূহত এম্বুলেন্স, ভেন্টিলেটৰ আৰু অক্সিজেনৰ ক্ষমতা বৃদ্ধি নিশ্চিতকৰণত সহায় কৰিব পাৰে। টিকাদান আৰু চিকিৎসা সন্দৰ্ভত বাৰ্তা প্ৰচাৰৰ লগতে, ৰাজ্যপালসকলে আয়ুস সম্পৰ্কীয় প্ৰতিকাৰসমূহৰ সম্পৰ্কেও সজাগতা সৃষ্টি কৰিব পাৰে।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয়, আমাৰ যুৱ সমাজ, আমাৰ কৰ্ম বল হৈছে আমাৰ অৰ্থনীতিৰ এটি গুৰুত্বপূৰ্ণ অংশ। সেয়েহে, আমাৰ যুৱ সমাজে ক’ভিড সম্পৰ্কীয় প্ৰট’কল আৰু সতৰ্কতাসমূহ অনুসৰণ নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। তেখেতে কয় যে এই জনভাগীদাৰীৰ অৰ্থে বিশ্ববিদ্যালয়ৰ চৌহদসমূহত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৃহত্তৰ অংশগ্ৰহণ নিশ্চিতকৰণতো ৰাজ্যপালসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। আমি তদুপৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় চৌহদসমূহত ফেচিলিটিসমূহৰ উত্তম ব্যৱহাৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয়, তেখেতে লগতে কয়। তেখেতে কয় যে যোৱা বৰ্ষৰ দৰে, এইবছৰো একেদৰে এনচিচি আৰু এনএছএছ এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই যুঁজত ৰাজ্যপালসকল হৈছে জনভাগীদাৰীৰ এটি গুৰুত্বপূৰ্ণ স্তম্ভ আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে তেওঁলোকৰ সহযোগিতা আৰু ৰাজ্যিক প্ৰতিষ্ঠানসমূহক তত্বাৱধানে ৰাষ্ট্ৰখনৰ সংকল্পক সুদৃঢ় কৰিব।

ক’ভিড ঘটনাৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাইৰাছটোৰ বিৰুদ্ধে যুঁজখনৰ এই পৰ্যায়ত, দেশখনে যোৱা বৰ্ষৰ অভিজ্ঞতা আৰু উন্নীত হেল্থকেয়াৰ ক্ষমতাৰপৰা শক্তি আহৰণ কৰিছে। তেখেতে আৰটিপিচিআৰ টেষ্টিং ক্ষমতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰে আৰু উল্লেখ কৰে যে টেষ্টিঙৰে সম্পৰ্কীয় কিট আৰু আন সা-সৰঞ্জামৰ ক্ষেত্ৰত দেশখন আত্মনিৰ্ভৰ হৈ উঠিছে। এই সকলোবোৰৰ বাবে আৰটিপিচিআৰ টেষ্টৰ ব্যয়ো হ্ৰাস হৈ পৰিছে। তেখেতে লগতে কয় যে টেষ্টিঙৰে সম্পৰ্কীয় গৰিষ্ঠসংখ্যক প্ৰডাক্ট জিইএম (GeM) পৰ্টেলতো উপলব্ধ হৈছে। প্ৰধানমন্ত্ৰীয়ে ট্ৰেকিং, ট্ৰেচিং আৰু টেষ্টিং বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কয় যে আৰটিপিচিআৰ টেষ্টিং ৬০% ৰপৰা ৭০% লৈ বৃদ্ধি কৰাটো প্ৰয়োজনীয়। তেখেতে কয় যে অধিকৰপৰা অধিকতম লোকে টেষ্ট কৰাটো নিশ্চিত কৰাৰ প্ৰাসংগিকতা আছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভেকচিনৰ যথোচিত উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে চৰকাৰখন অংগীকাৰবদ্ধ। তেখেতে উল্লেখ কৰে যে ১০ কোটি টিকাদানৰ সীমা স্পৰ্শ কৰিবলৈ ভাৰত দ্ৰুততম ৰাষ্ট্ৰ হৈ পৰিছে। যোৱা চাৰিটা দিনত টিকা উৎসৱৰ ইতিবাচক ভূমিকাৰ কথা উল্লেখ কৰি, তেখেতে কয় যে এই সময়ছোৱাত, টিকাদান অভিযানটো সম্প্ৰসাৰিত হয় আৰু নতুন টিকাদান কেন্দ্ৰও স্থাপিত হয়।

মত-বিনিময়

এই মত-বিনিময়ত ভাৰতৰ উপ ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰে।

উপ ৰাষ্ট্ৰপতিয়ে ক’ভিডৰ বিৰুদ্ধে যুঁজখনত নেতৃত্ব প্ৰদান আৰু মহামাৰীটো অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাৰ অৰ্থে অতিশয় সক্ৰিয় পদক্ষেপ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ শলাগ লয়। তেওঁ তদুপৰি ভাৰত আৰু সমগ্ৰ বিশ্বখনক এটা ভেকচিন প্ৰদানত বৈজ্ঞানিক সমাজখনৰ বৰঙণিৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি তেওঁ মহামাৰীটোৰ সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হেল্থকেয়াৰ কৰ্মী, অনাময় কৰ্মী আৰু আন ফ্ৰন্টলাইন কৰ্মীসকলৰ বৰঙণি সন্দৰ্ভত ব্যক্ত কৰে।

উপ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালসকলক তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যসমূহত সৰ্ব-দলীয় সভা অনুষ্ঠিত কৰা আৰু ক’ভিডৰ যথোচিত আচৰণ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ চিভিল ছচাইটি অৰ্গেনাইজেশ্যনসমূহৰ সৈতে জড়িত হৈ এটা সমন্বিত শক্তি গঢ়ি তুলিবলৈ আহ্বান জনায়। উপ ৰাষ্ট্ৰপতিজনে কয় যে সকলো পলিছী লাইন নিৰ্বিশেষে এটি ‘টীম ইণ্ডিয়া স্পিৰিট’ গঢ়ি তোলা উচিত আৰু ইয়াৰ বাবে, ‘ৰাজ্যৰ অভিভাৱক’ হিচাপে ৰাজ্যপালসকলে ৰাজ্য চৰকাৰসমূহক পথ নিৰ্দেশনা প্ৰদান কৰিব পাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰতিটো জীৱন ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিবে ক’ভিড ঘটনা আৰু টিকাদান অভিযান সন্দৰ্ভত প্ৰেজেনটেশ্যন আগবঢ়ায়। এই দিশত ভাৰতে কিদৰে এটা অতিশয় সক্ৰিয় আৰু অগ্ৰাধিকাৰমূলক প্ৰচেষ্টা গ্ৰহণ কৰিছে তাৰ অৱলোকন কৰে।

ৰাজ্যপালসকলে তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যসমূহে কিদৰে ভাইৰাছটোৰ সংক্ৰমণ অতিক্ৰম আৰু টিকাদান অভিযানটোৰ সুচল ৰূপায়ণ নিশ্চিতকৰণৰ অৰ্থে কাম-কাজত সহযোগিতা কৰিছে তাৰ সবিশেষ দাঙি ধৰে। তেওঁলোকে লগতে ৰাজ্যসমূহৰ হেল্থকেয়াৰ ব্যৱস্থাসমূহৰ অভাৱ সন্দৰ্ভতো ব্যক্ত কৰে।

তেওঁলোকে ভিন্ন জন সমষ্টিৰ সক্ৰিয় সামাজিক অংশগ্ৰহণৰ জৰিয়তে কিদৰে জনভাগীদাৰী বৃদ্ধি কৰিব পৰা যায়, সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India’s blue economy sets sail to unlock a sea of opportunities!

Media Coverage

India’s blue economy sets sail to unlock a sea of opportunities!
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's telephonic conversation with Crown Prince and PM of Saudi Arabia
June 08, 2023
Share
 
Comments
Prime Minister Narendra Modi holds telephone conversation with Crown Prince and Prime Minister of Saudi Arabia.
The leaders review a number of bilateral, multilateral and global issues.
PM thanks Crown Prince Mohammed bin Salman for Saudi Arabia's support during evacuation of Indian nationals from Sudan via Jeddah.
PM conveys his best wishes for the upcoming Haj pilgrimage.
Crown Prince Mohammed bin Salman conveys his full support to India’s ongoing G20 Presidency.

Prime Minister Narendra Modi had a telephone conversation today with Crown Prince and Prime Minister of Saudi Arabia, HRH Prince Mohammed bin Salman bin Abdulaziz Al Saud.

The leaders reviewed a number of issues of bilateral cooperation and exchanged views on various multilateral and global issues of mutual interest.

PM thanked Crown Prince Mohammed bin Salman for Saudi Arabia's excellent support during evacuation of Indian nationals from Sudan via Jeddah in April 2023. He also conveyed his best wishes for the upcoming Haj pilgrimage.

Crown Prince Mohammed bin Salman conveyed his full support to India’s initiatives as part of its ongoing G20 Presidency and that he looks forward to his visit to India.

The two leaders agreed to remain in touch.