Share
 
Comments

"প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হৈছিল শ্বাসৰুদ্ধকাৰী গতি সলনিকৰণেৰে, বহুতো দীৰ্ঘদিন পেলাই ৰখা জৰুৰী চৰিত্ৰ বিশিষ্ট সংস্কাৰ সাধনৰ মাধ্যমেৰে। তত্সত্বেও কিন্তু মোদীয়ে অগ্ৰবৰ্তিতা বজাই ৰাখিছে, সময় সাপেক্ষে বিৰোধীয়ে ব্যৰ্থ কৌশল সমূহ দুগুণ কৰা সত্বেও " বৈজয়ন্ত জয় পাণ্ডাই লিখিছে

সত্যতো এয়ে যে তেওঁৰ দুৰ্নামকাৰীয়ে প্ৰায়ে  তেওঁক  লক্ষ্য-নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, আদালতৰ দ্বাৰস্থ হৈ তথা জনমত সৃষ্টিৰ প্ৰচেষ্টাৰে,তেওঁৰ সমৰ্থকৰ নাকচকৰণ সত্বেও। তেনে কাৰ্যই তেওঁৰ স্থিতিয়ে মাথোঁ সৱল কৰি এৰা নাই, ৰাষ্ট্ৰযোৰা অনুৰূপ সমৰ্থন সৃষ্টিৰো সূচনা কৰিছে। 

এয়া এটা কথা, কেৱল এটা মতামত নহয়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাজনৈতিক দৃঢ়তা 'লচাছৰ দৰে সম্প্ৰসাৰিত কৰে। এয়া বন্ধু আৰু শত্ৰু, বিশেষজ্ঞ নাইবা  নতুন সকলোৱে স্বীকাৰ কৰে যিহেতু তেওঁ ৰাজহুৱা জীৱনত তেওঁৰ ২০তম বছৰ আৰম্ভ কৰেতেওঁ ১৯ বছৰ আগতে এই সপ্তাহত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলতেওঁৰ আৰোহণ আৰু আধিপত্য অধিক ভালদৰে বুজি পোৱা উচিত।

১৯৮৭ চনত, যেতিয়া তেওঁ বিজেপিত যোগদান কৰিছিল, তেওঁ ইতিমধ্যে অক্লান্ত কৰ্মী হিচাপে নিজৰ নাম ৰাখিছিল, দ্ৰুত গতিত আগবাঢ়িছিল , মূল্যৱান অৱদান আগবঢ়াইছিল আৰু এজন সন্মোহনী শক্তিৰ অধিকাৰী আৰু কৌশলগত চিন্তাবিদ হিচাপে পৰিচিত হৈছিল যা হওক, এই সকলোৰে ভালদৰেই খ্যাত যদিও গুজৰাটৰ মুখ্য মন্ত্ৰী হিচাপে তেওঁৰ উদ্যমে খুউব ক্ষিপ্ৰতাৰে তেওঁক উজ্বলাই তুলিলে, যি পৰিস্থিতিত কম নেতাইহে ঠাৱৰিব পাৰে।

স্বাধীন ভাৰতৰ কোনো ৰাজনীতিবিদক তেওঁৰ দৰে এনে নিৰলস, গোৱেবলেচিয়ান আচৰণত দানৱ কৰা হোৱা নাই, আৰু কোনেও এই সকলোবোৰ এনে সহনশীলতা আৰু সাহসেৰে বুজি পোৱা নাই। সেই কালৰ প্ৰভাৱশালী মূলধাৰাৰ মাধ্যমৰ দ্বাৰা তেওঁৰ ওপৰত বছৰ বছৰ ধৰি সমৰ্পিত আক্ৰমণ হোৱা সত্বেও, তেওঁৰ জনপ্ৰিয়তা কেৱল বৃদ্ধি পাইছিল, কেৱল ৰাজনীতি আৰু শাসন দুয়োটাৰ ওপৰত তেওঁৰ ধাৰনা কেৱল দৃঢ় হৈ পৰিছিল।

তেওঁ নিজকে যি পৰিস্থিতিত পাইছিল তাৰ বাহিৰলৈ যোৱাৰ সেই সামৰ্থ্য তেওঁৰ যৌৱনৰ পৰাই এক গুৰুত্বপূৰ্ণ বিশেষত্ব। প্ৰচলিত পাৰিবাৰিক বাধাবোৰ অতিক্ৰম কৰাৰ পৰা অনাই-বনাই ঘূৰি ফুৰা, অনুসন্ধান কৰা, বিচৰা আৰু নিজৰ উদ্দেশ্য আৱিষ্কাৰ কৰালৈ  তেওঁৰ এক ক্লাছিক যাত্ৰা, যাৰ বিষয়ে বহুতো যুৱ আদৰ্শবাদীয়ে কল্পনা কৰে, কিন্তু সম্ভৱত কেতিয়াবাহে প্ৰয়াস কৰাৰ সাহস কৰে

তেওঁৰ বিৰোধীসকলে তেওঁক নিৰন্তৰ লক্ষ্য কৰিবলৈ চেষ্টা কৰিছিল, আদালতত আৰু জনমতত বিচাৰত প্ৰচলিত হোৱা স্বত্বেও, তেওঁৰ সমৰ্থন ভিত্তিৰ দ্বাৰা বিৰক্ত হৈছিল। কেৱল ৰাজ্যত তেওঁলোকৰ ওপৰত তেওঁৰ ধাৰক সুদৃষ্ট কৰাত সহায় কৰাই নহয়, লগতে দেশজুৰি একে ধৰণৰ সমৰ্থনৰ প্ৰৰোচনা আৰম্ভ কৰিছিল।

তাকে পাই এজন সাধাৰণ পৰ্যায়ৰ নেতা সন্তুষ্ট থাকিলহেঁতেন, অতি বেছি গুজৰাটৰ অবিসম্বাদী নেতা হিচাপে কাৰ্যকাল বৃদ্ধিৰ আঁচনি যুগুতালেহেঁতেন। বিপৰীতে মোদীয়ে তেওঁৰ ভাৱমূৰ্তি মিঃ উন্নয়নলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈ সফলতা লাভ কৰিলে। ই একে ৰাতিতে সম্ভৱপৰ হৈ উঠা নাছিল। কেৱল মাথোঁ উদ্যোগৰ উল্লেখযোগ্য নেতৃবৰ্গ আৰু তেওঁলোকৰ সমূহেই নহয়, বিভিন্ন মেৰুৰ পৰা অহা প্ৰাৰম্ভিক বিৰোধিতাৰ বিৰুদ্ধে তেওঁ যুঁজিবলগীয়া হৈছিল। ধীৰ কিন্তু নিশ্চিতভাৱে তেওঁ সিদ্ধান্ত গ্ৰহণৰ অভিলেখ-পথ নিৰ্মাণ কৰিলে, সকলো সময়তে দুৰ্নীতিৰ পাকচক্ৰ এৰাই চলি, দীৰ্ঘদিনীয়া শক্তি যোগানৰ পৰ্যাপ্তিহীনতাৰ দৰে অসুবিধা দূৰ কৰি তেওঁ বিনিয়োগৰ দৰে সুগম পথ প্ৰশস্ত কৰিলে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ আনকি সমৰ্থ-নেতাৰ গোলকীয় মৰ্যাদা লাভ কৰিবলৈ আৰম্ভ কৰিলে।

ই এই কথা প্ৰকাশ নকৰে যে নিৰ্বাচক-মণ্ডলীৰ গৰিষ্ঠাংশৰ নায়ক হিচাপে তেওঁ অতীত ঐতিহ্যৰেও গৌৰৱান্বিত এখন প্ৰগতিশীল আধুনিক ভাৰতৰ প্ৰতি তেওঁৰ অনুৰাগ পৰিত্যাগ কৰিছে। ভাৰতৰ ধৰ্মনিৰপেক্ষতা আৰু উদাৰতালৈ পিঠি দি তোষামোদৰ নীতিৰে সমাজৰ এটা চামক একগোট কৰাৰ পৰিৱৰ্তে পৃথকোৱাৰ নীতিক প্ৰতিনিধিত্ব কৰা চামটোৰ ভণ্ডামীৰ বিৰুদ্ধে তেওঁ সৰ্বদাই মাত মাতি আহিছে। এয়া আধুনিক সময়ৰ এক বৃহত্ বিভ্ৰম যে ৰাজনৈতিক ইচ্ছাক অধিনায়কত্ব কৰা ব্যক্তিজন, যি তিন তালাকৰ সংস্কাৰ সাধন কৰিছে ভাৰতত, তেওঁ সেই ধৰ্ম-নিৰপেক্ষতাবাদী আৰু উদৰতাবাদীৰ মাজৰে এজন নহয়, বৰং তেওঁলোকৰ নিৰৱচ্ছিন্ন সমালোচনাৰ পাত্ৰ হৈহে আহিছে তেওঁ।

সত্যটো হৈছে, এইজন প্ৰধানমন্ত্ৰী মত-সাপেক্ষ বহল পৰিসৰৰ বিষয়সমূহৰ এজন দৃঢ়চেতা সংস্কাৰক, যি সংস্কাৰে মাথোঁ সামাজিক পৰিৱৰ্তনকে নেসামৰে, সকলোৰে দ্বাৰা অসফলপ্ৰদ প্ৰতিপন্ন দীৰ্ঘদিন ধৰি এৰালপৰীয়া হৈ অহা আৰ্থ-ৰাজনৈতিক পৰিৱৰ্তনকো সামৰি লয়। এইসমূহৰে শেহতীয়া সংস্কাৰ হৈছে পাম-বিধেয়কসমূহ, দশকজুৰি বামপন্থী আদৰ্শবাদী ব্যতিৰেকে যি সমূহৰ সকলোৱে পোষকতা কৰি আহিছে।

কেইবছৰমান পূৰ্বৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটলৈ ঘূৰি চালে বহুতৰে বাবে ই অৱধাৰ্য হৈ পৰিছিল যে মোদীয়ে আজি বা কাইলৈ ৰাষ্ট্ৰক নিশ্চিতভাৱে নেতৃত্ব প্ৰদান কৰিব আনকি যিহেতু তেতিয়াৰ চৰকাৰ পূৰ্বতকৈ অধিকভাৱে দুৰ্নীতি-কেলেংকাৰী, পাৰস্পৰিক সংঘাত আৰু আভ্যন্তৰীণ চক্ৰান্তৰে ভাৰাক্ৰান্ত হৈ পৰিছিল, জনসাধাৰণৰো ভান-ভংগীত প্ৰতিফলিত হব ধৰিছিল যেতিয়া তেতিয়াৰ প্ৰধান মন্ত্ৰী, স্বয়ং এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তি তেওঁ, কৈছিল যে  দেশৰ সম্পদৰ ওপৰত সংখ্যালঘুসকলৰ  প্ৰথম অধিকাৰ, ই চূড়ান্ত বিন্দুত উপনীত হৈছিলগৈ

আনটো কোণত ৰৈছিল  দীৰ্ঘকাল  মুখ্য মন্ত্ৰীজনৰ ব্যক্তিগত সততা, নিৰ্মলতা আৰু সু-প্ৰশাসনৰ দৃষ্টান্ত কিন্তু  ৰাজনীতিত স্বজনপ্ৰীতি,সংৰক্ষিত, নিষিদ্ধ অঞ্চলত শাৰীৰিক তথা ভোটবংক কৰি  জনগণৰ এটা অংশক আৱদ্ধ কৰি ৰখাৰ বিৰুদ্ধে তেওঁ নিৰ্ভিকভাৱে মাত মাতিছিল তেওঁ বিশ্বাসেৰে ৰাষ্ট্ৰবাদ আৰু ভাৰতীয় পুনৰ্জাগৰণৰ পোষকতা কৰিছিল। পৰিস্থিতি-সাপেক্ষ প্ৰস্তুতি শ্লোগান আছিল "সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস" আৰু "কম প্ৰশাসক, অধিক প্ৰশাসন"

এটা কথা উল্লেখ কৰা দৰকাৰ যে খুটি পুতি বহা বৌদ্ধক মহলে তেওঁলোকৰ ভৰিৰ তলৰ মাটি আঁতৰি যোৱা পৰিলক্ষ কৰি তেওঁৰ ঘোৰ বিৰোধিতা কৰিছিল। সংস্কাৰ সাধনৰ তেওঁৰ প্ৰাৰম্ভিক প্ৰচেষ্টাসমূহ, ভূমি-অধিগ্ৰহণ আৰু দৃঢ়ীকৰণ, আদিৰ বেলিকা সংগবদ্ধভাৱে তেওঁলোকে তেওঁক অগ্ৰাহ্য কৰিছিল। তাৰ পিছত তেওঁৰ প্ৰতিটো সিদ্ধান্তৰে বিৰোধিতা কৰিছিল সমুদায়ভাৱে। তেওঁলোকে তেওঁৰ শ্লোগানসমূহক উপলুঙা কৰিছিল আৰু অ-সংস্কাৰক বুলি সমালোচনা কৰিছিল।

তথাপিও তেওঁ পিছ হুঁহকা নাছিল, সকলো অশুভৰ বিৰুদ্ধে সংস্কাৰ সাধন তেওঁ সম্পন্ন কৰিলে প্ৰশ্নাতীতভাৱে জি এছ টি হৈছে স্বাধীনতাৰ পিছত এক বৃহৎ অৰ্থনৈতিক সংস্কাৰ। আৰু বিপক্ষৰ দ্বাৰা  নিৰন্তৰ সমালোচনা হোৱা সত্বেও ডিজিটাইজেশ্যন কাৰ্যকৰীকৰণ হৈ উঠিল, যি এই মহামাৰীৰ সময়ত শ-নিযুত ভাৰতীয়ক বৃহৎ পৰিমাণৰ বিত্তীয় সাহায্য-দান সম্ভৱ কৰি পেলাইছিল। সীমান্তৰ সন্ত্ৰাসবাদী আক্ৰমণ বিষয়ক তেওঁৰ নীতি যথেষ্ট গুৰুত্বপূৰ্ণ এই সময়তে তেওঁ এগৰাকী অতি প্ৰভাৱশালী বিশ্ব নেতা হিচাপে প্ৰতিস্থিত হল

প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হৈছে শ্বাসৰুদ্ধকাৰী গতি সলনিকৰণেৰে, বহুতো দীৰ্ঘদিন পেলাই ৰখা জৰুৰী চৰিত্ৰ বিশিষ্ট সংস্কাৰ সাধনৰ মাধ্যমেৰে। সময় সাপেক্ষে বিৰোধীয়ে ব্যৰ্থ কৌশল সমূহ দুগুণ কৰা সত্বেও  কিন্তু মোদীয়ে অগ্ৰবৰ্তিতা বজাই ৰাখিছে, আৰু তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আহিবলৈ সময় আৰু বাকী আছেই

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Prime Minister Modi lived up to the trust, the dream of making India a superpower is in safe hands: Rakesh Jhunjhunwala

Media Coverage

Prime Minister Modi lived up to the trust, the dream of making India a superpower is in safe hands: Rakesh Jhunjhunwala
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ, মাত্ৰ এটা বিশেষ গুণ যাৰ বাবেই সকলোতকৈ ব্যতিক্ৰম নৰেন্দ্ৰ মোদী
October 20, 2021
Share
 
Comments

অক্টোবৰৰ ৭ তাৰিখে নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে এখন চৰকাৰৰ মুৰব্বী হিচাপে ২০ বছৰ সম্পূৰ্ণ কৰিলে। গুজৰাটবাসী হিচাপে আমি নিচেই কাষৰ দেখিছোঁ নৰেন্দ্ৰ মোদীৰ উত্থান আৰু তেওঁ কেনেদৰে ৰাজ্যখনৰ গতিপথ সলনি কৰিছিল। মানুহে প্ৰায়ে সুধিছিল, মোদীক আনৰ পৰা পৃথক কৰা এই এটা বস্তু কি? মোৰ বাবে সেই এটা বস্তু হৈছে মোদীৰ মানৱীয় পৰশ, সেয়া লাগিলে কামতেই হওক বা ব্যক্তিগত কথাবতৰাতেই হওক, যিয়ে তেওঁক অনতিক্ৰম উচ্চতালৈ তুলি নিছে।

গুজৰাটৰ ৰাজনীতিত ১৯৮০ৰ দশকটো এটা আকৰ্ষণীয় সময় আছিল। কংগ্ৰেছ আৰামেৰে ক্ষমতাত অধিষ্ঠিত হৈছিল, কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতে। নিষ্প্ৰভ শাসন, তিক্ত বিভাজন আৰু ভুল অগ্ৰাধিকাৰ স্বত্বেও আন কোনো ৰাজনৈতিক দল ক্ষমতালৈ অহাটো সেই সময়ত অকল্পনীয় আছিল, আনকি কট্টৰ বিজেপি সমৰ্থক আৰু কৰ্মীসকলেও এই কথা ভাবিব পৰা নাছিল।

এনে সময়তে নৰেন্দ্ৰ মোদীয়ে RSSৰ পৰা অধিক BJPলৈ ৰাজনৈতিক জীৱনৰ পৰিৱৰ্তন কৰিছিল। তেওঁ AMC নিৰ্বাচনৰ বাবে দলটোক প্ৰস্তুত কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক পদক্ষেপবোৰৰ ভিতৰত এটা আছিল পেছাদাৰীসকলক বিজেপিৰ সৈতে একত্ৰিত কৰা। দলে ৰাজনৈতিক প্ৰক্ৰিয়াত যোগদান কৰিবলৈ বিশিষ্ট চিকিৎসক, উকীল, অভিযন্তা আৰু শিক্ষকসকলৰ ওচৰলৈ গৈছিল। একেদৰে, নৰেন্দ্ৰ মোদীয়ে কেৱল ৰাজনীতিৰ উপৰিও সুশাসনৰ বিষয়বোৰৰ বিষয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। তেওঁ নিৰন্তৰ মানুহৰ জীৱন উন্নত কৰা আৰু পৰিৱৰ্তনৰ অভিনৱ উপায় উদ্ভাৱনৰ কথা ভাবি আছিল।

দুটা উপাখ্যান আছে যিয়ে মোৰ বাবে নৰেন্দ্ৰ মোদীৰ মানৱীয় দিশটো দেখুৱায়। তাৰ মাজৰ এটা ২০০০ চনৰ আৰম্ভণিৰেই। বুৰঞ্জীবিদ ৰিজৱান কাদ্ৰী আৰু মই গুজৰাটী সাহিত্যৰ কাণ্ডাৰী আৰু সংঘৰ প্ৰবীণ ব্যক্তি কেকা শাস্ত্ৰীৰ কিছুমান ৰচনা নথিভুক্ত কৰি আছিলোঁ। আমি তেওঁক লগ কৰিবলৈ গৈছিলোঁ আৰু এটা বস্তু যি মোক আঘাত দিছিল সেয়া হ'ল তেওঁৰ দুৰ্বল স্বাস্থ্য। মই এখন ফটো তুলিছিলোঁ আৰু নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিলোঁ। অতি সোনকালেই কেকা শাস্ত্ৰীৰ বাবে এগৰাকী নাৰ্ছৰ ব্যৱস্থা কৰা হৈছিল।

আনটো ঘটনা লেখক প্ৰিয়কান্ত পাৰিখৰ সৈতে সম্পৰ্কিত। তেওঁৰ এটা তীব্ৰ ইচ্ছা আছিল যে তেওঁৰ ১০০তম কাম কেৱল নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিব কিন্তু তাত একমাত্ৰ বাধা আছিল এইটোৱেই যে পাৰিখ এক ডাঙৰ দুৰ্ঘটনাৰ বাবে অলৰ-অচল হৈ ঘৰতে আবদ্ধ হৈ আছিল। মোৰ মনত আছে মুখ্যমন্ত্ৰী মোদীয়ে আশ্ৰম ৰোডত প্ৰিয়কান্ত পাৰিখৰ ঘৰলৈ গৈ তেওঁৰ কিতাপখন উন্মোচন কৰিছিল। গুজৰাট সাহিত্য জগতৰ সকলো এই কথা ভাবি মন্ত্ৰমুগ্ধ হৈছিল যে এজন মুখ্যমন্ত্ৰীয়ে এজন ৰুগীয়া লেখকৰ ড্ৰয়িং ৰুমলৈ যাব আৰু তেওঁৰ কিতাপখন উন্মমোচন কৰিব!

মোদীক সঠিক মাপ কৰিব পৰা আৰু দুটা গুণ, যি প্ৰতিজন ৰাজনৈতিক ব্যক্তিকে ভালদৰে গঢ়িব পাৰেব, সেয়া হ'ল তেওঁৰ তীক্ষ্ণ শ্ৰৱণ দক্ষতা আৰু প্ৰযুক্তিৰ প্ৰতি তেওঁৰ প্ৰেম। আচৰিত নহয় নে যে যেতিয়াই নৰেন্দ্ৰ মোদীক দলৰ ৰণনীতি নিৰ্মাণৰ কাম দিয়া হৈছিল বিজেপিয়ে কেতিয়াও এটাও নিৰ্বাচনত পৰাজিত হোৱা নাই – সেয়া লোকসভা হওঁক, বিধান সভা হওঁক বা পৌৰসভাৰ নিৰ্বাচনেই হওক । ২০০০ চনত বিজেপিয়ে নিৰ্বাচনত বিফলতা দেখিছিল আৰু তেতিয়া নৰেন্দ্ৰ মোদী ৰাজ্যৰ বাহিৰত আছিল।

সাংবাদিক হিচাপে আমি বহু লোককে লগ কৰিব লাগে, কিন্তু যেতিয়া মই এজন যুৱ সাংবাদিক আছিলোঁ নৰেন্দ্ৰ মোদীয়ে মোক কৈছিল যে এইবোৰ সম্পৰ্ক কেৱল লেন-দেনৰ নহয়, এইয়া জীৱনজুৰি থকা বান্ধোন হ'ব লাগিব। ১৯৯৮ চনত হোলীৰ সময়ত মই দিল্লীত আছিলোঁ, নৰেন্দ্ৰ মোদীয়ে এনেকুৱা এটা কথা কৈছিল যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁ কৈছিল, "আপোনাৰ টেলিফোন ডায়েৰীত ৫০০০ নম্বৰ থাকিব পাৰে আৰু আপুনি নিশ্চয় তেওঁলোকক জীৱনত এবাৰেই লগ পাইছিল আৰু সেয়াও আনুষ্ঠানিক ভাৱে নহয়। কিন্তু আপুনি তেওঁলোকক কেৱল এজন উৎস হিচাপে নহয়, এজন পৰিচিত বা বন্ধু হিচাপে জানিব লাগিব।" নৰেন্দ্ৰ মোদীয়ে মোক কোৱাৰ দৰে মই ৫০০০ লোকক লগ পোৱা নাই কিন্তু ই মোক এটা মানৱীয় পৰশৰ গুৰুত্ব উপলব্ধি কৰাইছিল যিটো অতি গুৰুত্বপূৰ্ণ। নৰেন্দ্ৰ মোদীৰ ওচৰত এইটো অসীম পৰিমাণে আছে, যাৰ বাবেই তেওঁ ইমান সফল...

 

Author Name: Japan K Pathak

Disclaimer:

This article was first published in News 18

It is part of an endeavour to collect stories which narrate or recount people’s anecdotes/opinion/analysis on Prime Minister Shri Narendra Modi & his impact on lives of people.