Share
 
Comments

ৰাষ্ট্ৰনিৰ্মাণৰ কামত দেশৰ মধ্যবিত্ত শ্ৰেণীৰ অৱদানক স্বীকৃতি প্ৰদান কৰা মোদী চৰকাৰে তেওঁলোকৰ ওপৰত কৰৰ বোজা হ্ৰাস কৰিবৰ বাবে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

দেশে বিকাশ লাভ কৰাৰ সমান্তৰালকৈ দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলেও বিকাশ লাভ কৰে, বিত্তীয় দিশৰ পৰাও আৰু সামগ্ৰিক দিশেৰেও। মধ্যবিত্ত শ্ৰেণীৰ লোকৰ আশা-আকাঙ্খা আৰু যাত্ৰাই এখন দেশৰো আশা-আকাঙ্খা আৰু যাত্ৰাক প্ৰতিনিধিত্ব কৰে। আৰু সেয়েহে, শাসনাধিষ্ঠিত যিকোনো চৰকাৰেই সমাজৰ এই শ্ৰেণীৰ লোকসকলৰ প্ৰতি পৰ্যাপ্ত গুৰুত্ব প্ৰদান কৰা উচিত।

মধ্যবিত্ত শ্ৰেণীৰ লোকসকলেই তেওঁলোকৰ সৎ কৰ পৰিশোধকাৰী হিচাপে দেশক নিয়মিতভাৱে সহায় কৰে। তথাপি তেওঁলোকৰ অৱদানক স্বীকৃতি প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেয়েই তেওঁলোকৰ মূৰৰ পৰা কৰৰ বোজা আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে, মোদী চৰকাৰে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত। এই সিদ্ধান্ত হৈছে এতিয়াৰে পৰা বছৰি ৫ লাখ টকা আয়ৰ লোকসকলে কোনো আয়কৰ পৰিশোধ কৰিব নালাগে, যিটোৱে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ধন সঞ্চয়ৰ ক্ষেত্ৰত ব্যাপক উদগনি যোগাইছে। কেৱল সেয়াই নহয়। মোদী চৰকাৰে ধাৰাবাহিকভাৱে কৰদাতাসকলৰ মূৰ পৰা কৰৰ বোজা হ্ৰাস কৰাৰ বাবে অহৰহ পদক্ষেপ গ্ৰহণ কৰি আহিছে। কেন্দ্ৰীয় বাজেটে বিগত বছৰসমূহত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে আগবঢ়োৱা বিভিন্নধৰণৰ বিত্তীয় সা-সুবিধাসমূহ এনেধৰণৰ -

• বাজেট ২০১৪-১৫ – একক কৰ পৰিশোধকাৰী বা ব্যক্তিগত কৰদাতাসকলৰ বাবে প্ৰাথমিক কৰ ৰেহাই পৰিমাণ ২ লাখৰ পৰা ২.৫ লাখলৈ বৃদ্ধি কৰা হৈছে। 
• বাজেট ২০১৭-১৮ – ব্যক্তিগত কৰদাতাৰ ক্ষেত্ৰত কৰ পৰিসৰ ২.৫ লাখৰ পৰা ৫ লাখৰ ভিতৰত কৰৰ হাৰ ১০% ৰ পৰা ৫% লৈ হ্ৰাস কৰা হৈছে, ইয়াৰ ফলত কৰদাতাসকলে অতিৰিক্ত ১২৫০০ টকা ৰাহি কৰাৰ সুবিধা লাভ কৰিছে।
• বাজেট ২০১৯-২০ – ৫,০০,০০০ লাখ টকা বছৰি আয়ৰ লোকসকলে কোনোধৰণৰ আয়কৰ পৰিশোধ কৰিব নালাগে। আনকি মুঠ দৰমহা বছৰি ৭ লাখ টকা লাভ কৰা এগৰাকী লোকে সঠিকভাৱে সঞ্চয় কৰি আৰু বিনিয়োগ কৰি সকলোধৰণৰ কৰৰ পৰাও মুক্ত হ’ব পাৰে, অৰ্থাৎ এনে পৰিস্থিতিতো বাজেটখনে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সকাহ প্ৰদান কৰিছে।

ইয়াৰ পিছতে পণ্য-সেৱা কৰৰ আগমণ ঘটিল আৰু এই ব্যৱস্থাই আয়কৰৰ বোজা আৰু অধিক হ্ৰাস কৰিবলৈ সক্ষম হ’ল। পৰোক্ষ কৰ ব্যৱস্থা সুস্থিৰ হোৱা আৰু যুক্তিসংগত হোৱাৰ সমান্তৰালকৈ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী আৰু বিভিন্ন সেৱা মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে অতি ব্যয়সাধ্য মূল্যতে উপলব্ধ হৈছে। উদাহৰণস্বৰূপে, পূৰ্বে ঘৰৰ বাহিৰত গ্ৰহণ কৰা আহাৰ বা খাদ্যৰ ক্ষেত্ৰত অতি বেছি কৰ সংযোজিত হৈ আছিল, পিছে এতিয়া এই কৰৰ পৰিমাণ মাত্ৰ ৫ শতাংশ। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ দুয়োটাৰে ক্ষেত্ৰতেই ভালেসংখ্যক কৰ-কাটল একেটা শিতানৰ অন্তৰ্ভুক্ত কৰি লোৱাৰ ফলত ল’জিষ্টিক আৰু অন্যান্য ব্যয় যথেষ্ট পৰিমাণে হ্ৰাস পাইছে, যিয়ে প্ৰকাৰন্তৰে উপভোক্তা-গ্ৰাহকসকলকেই লাভৱান্বিত কৰিছে।

মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে কৰৰ সমান্তৰালকৈ মুদ্ৰাস্ফীতিও আছিল এক বৃহৎ সমস্যাৰ কাৰণ, বিশেষকৈ ইউপিএ চৰকাৰৰ শাসনকালত মুদ্ৰাস্ফীতিয়ে দহকৰ ঘৰ স্পৰ্শ কৰাত যথেষ্ট বিপদত পৰিছিল মধ্যবিত্ত শ্ৰেণীৰ লোকসকল। আচলতে, ইও আছিল এক পৰোক্ষ কৰেই, যিয়ে মধ্য বিত্ত শ্ৰেণীটোক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছিল, আৰু বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক জুৰুলা কৰি পেলাইছিল। পাচ বছৰৰো অধিক কাল মুদ্ৰাস্ফীতিৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ ফলত, বিশেষ খাদ্য বস্তুৰ মূল্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি সমাজৰ এই শ্ৰেণীৰ লোকসকলক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে। যদিহে এই মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ ৰখা নহ’লহেতেন, তেন্তে দেশৰ বহু পৰিয়ালেই আজি তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তাখিনিৰ বাবে ৩৫-৪০%কৈ অধিক ব্যয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’লহেতেন।

এই আটাইবোৰ কাৰকেই মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে সঞ্চয়ৰ ক্ষেত্ৰত ব্যাপক বৰঙণি আগবঢ়াইছে, আৰু ইয়াৰ বাবেই তেওঁলোকে এতিয়া অধিক উচ্চাকাঙ্খা কৰাৰ বাবে ধন বিনিয়োগ কৰিব পৰা হৈছে, তেওঁলোকৰ সুখপ্ৰদ ভৱিষ্যতৰ বাবে। এখন মহান দেশ গঠনৰ বাবে সুশিক্ষাই হৈছে মূল আধাৰ। কিয়নো ইয়েই হৈছে মানৱীয় মূল্যবোধৰ মান, যিয়ে দেশ গঠন কৰে বা দেশ ভাঙিব পাৰে। আৰু মধ্যবিত্ত শ্ৰেণীটোৱেই এই মানৱীয় মূল্যবোধৰ এক যোগসূত্ৰৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰে। শেহতীয়াকৈ শিক্ষা ঋণৰ ক্ষেত্ৰত সূদৰ হাৰ হ্ৰাস হোৱাৰ ফলত বহুসংখ্যক যুৱক-যুৱতীয়েই তেওঁলোকৰ সম্ভাৱনীয়তা তথা সামৰ্থ্যৰে শিক্ষা গ্ৰহণ কৰিব পাৰিছে, তেওঁলোকক নিজকে উত্তোলিত কৰিব পাৰিছে আৰু নিজৰ লগতে পৰিয়ালকো বিকাশৰ এক নতুন স্তৰলৈ লৈ যাবলৈ সক্ষম হৈছে।

মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে নিজাকৈ এটা ঘৰৰ সপোন সৰ্বপ্ৰথম প্ৰয়োজনীয়তা হৈ থাকে। ই তেওঁলোকৰ এক চিহ্নস্বৰূপ। গৃহ ঋণৰ ক্ষেত্ৰতো সূদৰ হাৰ ব্যাপকভাৱে হ্ৰাস হৈছে, বিশেষকৈ ইউপিএ চৰকাৰ আৰু এনডিএ চৰকাৰৰ শাসনকালৰ মাজত এই সূদৰ হাৰৰ পাৰ্থক্য লক্ষণীয়। এই সূদৰ হাৰ হ্ৰাস হোৱাৰ ফলত মাহেকীয়া কিস্তিতো দেখা গৈছে ইয়াৰ প্ৰভাৱ। ইয়াৰ উপৰিও ক্ৰেডিট সংযোগী ৰাজসাহায্য আঁচনিত থকা সূদৰ আৰ্থিক সাহায্যও মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে উপলব্ধ কৰোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিতে বহু লোকেই নিজাকৈ একোটা ঘৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছে। তেনে এটি ঘৰ, য’ত তেওঁলোকে সপোন ৰচিব পাৰে আৰু সেই সপোনক বাস্তৱত পৰিণত কৰিবও পাৰে।

সমগ্ৰ বিশ্বতে, য’তেই উন্নয়ন দেখা যায় ত’তেই মধ্যবিত্ত শ্ৰেণীৰ লোকসকলেই ইয়াৰ কেন্দ্ৰ বিন্দু হিচাপে দেখা যায়। এক সবলীকৃত মধ্যবিত্ত শ্ৰেণীয়েই গঢ়িব পাৰে এখন সবল দেশ। অন্য কথাত, দেশ গঠন প্ৰক্ৰিয়াত মধ্যবিত্ত শ্ৰেণীটোৱে এক অতি গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। গতিকে, যদিহে নিয়মিত আৰ্থিক চিন্তা বা সমস্যাৰ পৰা মুক্ত হৈ থাকে, অৰ্থাৎ অন্ন বস্ত্ৰ বাসস্থানৰ চিন্তাৰ পৰা যদিহে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকল মুক্ত হৈ তাকে তেন্তে আমাৰ দেশ নিৰ্মাণ প্ৰক্ৰিয়াত তেওঁলোকে অধিক গঠনমূলকভাৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু চৰকাৰখনে সেয়াই কৰিবলৈ লৈছে।



ডনেচন
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
‘Modi Should Retain Power, Or Things Would Nosedive’: L&T Chairman Describes 2019 Election As Modi Vs All

Media Coverage

‘Modi Should Retain Power, Or Things Would Nosedive’: L&T Chairman Describes 2019 Election As Modi Vs All
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi Adorns Colours of North East
March 22, 2019
Share
 
Comments

The scenic North East with its bountiful natural endowments, diverse culture and enterprising people is brimming with possibilities. Realising the region’s potential, the Modi government has been infusing a new vigour in the development of the seven sister states.

Citing ‘tyranny of distance’ as the reason for its isolation, its development was pushed to the background. However, taking a complete departure from the past, the Modi government has not only brought the focus back on the region but has, in fact, made it a priority area.

The rich cultural capital of the north east has been brought in focus by PM Modi. The manner in which he dons different headgears during his visits to the region ensures that the cultural significance of the region is highlighted. Here are some of the different headgears PM Modi has carried during his visits to India’s north east!