মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ বন্ধুসকল, আজিৰ ‘মন কী বাত’ত দেশৰ সেই মহান ব্যক্তিত্বৰ বিষয়ে মই উল্লেখ কৰিম৷ আমি সকলো ভাৰতবাসীৰ হৃদয়ত তেওঁৰ প্ৰতি অশেষ সন্মান আছে, প্ৰীতিভাৱ আছে৷ বোধহয় এনে কোনো ভাৰতীয় নোলাব যাৰ হৃদয়ত তেওঁৰ প্ৰতি আদৰ আৰু সন্মানৰ ভাৱ নাথাকিব৷ তেওঁ বয়সত আমাতকৈ ডাঙৰ আৰু দেশৰ বিভিন্ন ঘাত–প্ৰতিঘাত, উত্থান–পতনৰো তেওঁ সাক্ষী৷ আমি তেওঁক দিদি বুলি কও– ‘লতা দিদি’৷ তেওঁ এই ২৮ ছেপ্টেম্বৰত ৯০ বছৰত ভৰি দিছে৷ বিদেশ যাত্ৰালৈ যোৱাৰ পূৰ্বে মই দিদিৰ সৈতে ফোনত কথা পতাৰ সৌভাগ্য লাভ কৰিছিলো৷ এই কথোপকথন এনেকুৱা আছিল যেনে ডাঙৰ বায়েকে নিজৰ সৰু ভায়েকৰ লগত কথা পাতি আছে৷ মই এনেধৰণৰ ব্যক্তিগত কথোপকথনৰ বিষয়ে কেতিয়াও নকও কিন্তু আজি মই বিচাৰিছো যে আপোনালোকেও যাতে সেই কথোপকথন শুনক৷ শুনক, কিদৰে এই বয়সতো লতা দিদি দেশৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ বাবে কিদৰে উৎসুক হৈ আছে, তৎপৰ হৈ আছে আৰু জীৱনৰ সন্তুষ্টিও এয়া যে ভাৰতৰ প্ৰগতিত, পৰিৱৰ্তিত ভাৰতত, নতুন শক্তি লাভ কৰা ভাৰতত তেওঁ আছে৷
মোদী জী– লতা দিদি, প্ৰণাম! মই নৰেন্দ্ৰ মোদীয়ে কৈ আছো৷
লতা জী– প্ৰণাম,
মোদী জী– মই এইকাৰণে ফোন কৰিছো, কাৰণ এইবাৰ আপোনাৰ জন্মদিনত…
লতা জী– হয়, হয়
মোদী জী– মই বিমানেৰে যাত্ৰা কৰি আছো৷
লতা জী– আচ্ছা৷
মোদী জী– সেয়ে মই ভাবিলো, যোৱাৰ আগেয়ে..
লতা জী– হয় হয়৷
মোদী জী– আপোনাক জন্মদিনৰ অনেক শুভেচ্ছা যাচিলো৷ অগ্ৰীম অভিনন্দন জনাইছো৷ আপোনাৰ স্বাস্থ্য ভালে থাকক, আপোনাৰ আশীৰ্বাদ আমাৰ ওপৰত বৰষি থাকক আৰু আপোনাক প্ৰণাম কৰাৰ বাবে মই আমেৰিকালৈ যোৱাৰ পূৰ্বেই ফোন কৰিলো৷
লতা জী– আপোনাৰ ফোন আহিব, এই কথা শুনিয়েই…মই আনন্দিত হৈ উঠিছিলো৷ আপুনি গৈ কেতিয়া উভতি আহিব?
মোদী জী– মই আহিম ২৮ তাৰিখে ৰাতি আৰু ২৯ তাৰিখে ৰাতিপুৱা পামহি আৰু তেতিয়ালৈ আপোনাৰ জন্মদিন পালন হৈ উঠিব৷
লতা জী– আচ্ছা, আচ্ছা৷ জন্মদিন আৰু কি পাতিম, ঘৰতেই আছে সকলোবোৰ,
মোদী জী– দিদি, চাওক মোক তো…
লতা জী– আপোনাৰ আশীৰ্বাদ পালে..
মোদী জী– আৰে আপোনাৰ আশীৰ্বাদ আমাক লাগে, আপুনিতো আমাতকৈ ডাঙৰ৷
লতা জী– বয়সত ডাঙৰ হ’ব পাৰো, কিছুমান লোক থাকে কিন্তু নিজৰ কামৰ জৰিয়তে যি ডাঙৰ মানুহ হয় তেওঁৰ আশীৰ্বাদ লাভ কৰাটো বহু ডাঙৰ কথা৷
মোদী জী– দিদি, আপুনি বয়সতো ডাঙৰ আৰু কামতো ডাঙৰ৷ আপুনি যি সিদ্ধি লাভ কৰিছে সেয়া সাধনা আৰু তপস্যাৰ ফলত লাভ কৰিছে৷
লতা জী– হয়, মই ভাবো যে এয়া মোৰ পিতৃ–মাতৃৰ আশীৰ্বাদ আৰু শ্ৰোতাৰ আশীৰ্বাদ৷ মই একোৱেই নহয়৷
মোদী জী– এয়া আপোনাৰ বিনম্ৰতা যি আমাৰ নতুন প্ৰজন্মৰ বাবে শিক্ষাৰ বিষয় হৈ উঠিব পাৰে৷ এয়া আমাৰ বাবে প্ৰেৰণাৰ উৎস যে আপুনি জীৱনত ইমানবোৰ সিদ্ধি লাভ কৰাৰ পিছতো নিজৰ পিতৃ–মাতৃৰ সংস্কাৰ আৰু নম্ৰতাক অগ্ৰাধিকাৰ দিছে৷
লতা জী– হয়৷
মোদী জী– আপুনি যেতিয়া গৰ্বেৰে কয় যে আপোনাৰ মা গুজৰাটী আছিল তেতিয়া মই আৰু অধিক সুখী হও…
লতা জী– হয়৷
মোদী জী– আৰু যেতিয়াই মই আপোনাৰ তালৈ যাও..
লতা জী– হয়৷
মোদী জী– আপুনি মোক কিবা নহয় কিবা এটা গুজৰাটী খাদ্য খুৱায়৷
লতা জী– হয়৷ আপুনি কি হয় আপুনি নিজেই নাজানে৷ মই জানো যে ভাৰতৰ চিত্ৰ পৰিৱৰ্তিত হ’ব ধৰিছে আৰু সেয়াই মোক অধিক সন্তোষিত কৰে৷ বহুত ভাল লাগে৷
মোদী জী– দিদি, আপোনাৰ আশীৰ্বাদ বৰষি থাকক, সমগ্ৰ দেশত আপোনাৰ আশীৰ্বাদ বৰষি থাকক আৰু মোৰ দৰে মানুহে কিবা নহয় কিবা এটা ভাল কাম কৰি থাকক, আপুনি মোক সদায়েই প্ৰেৰণা দিছে৷ আপোনাৰ চিঠি মই পাই থাকো আৰু কিবা নহয় কিবা এটা উপহাৰ আপোনাৰ পৰা মই পায়েই থাকো৷ এই যি আপোনত্ব, পৰিয়ালৰ যি বান্ধোন, তাৰ এক বিশেষ আনন্দ মই লাভ কৰো৷
লতা জী– নহয় নহয়৷ মই আপোনাক অধিক কষ্ট দিব নোখোজো৷ কাৰণ মই দেখিছো, জানিছো যে আপুনি কিমান ব্যস্ত আৰু আপোনাৰ কিমান কাম থাকে৷ কি কি ত্যাগ কৰিব লাগে৷ যেতিয়া আপুনি গৈ নিজৰ মাতৃৰ চৰণ স্পৰ্শ কৰিলে, মইও এজনক তেওঁৰ ওচৰলৈ পঠিয়াইছিলো আৰু তেওঁৰ আশীৰ্বাদ লৈছিলো৷
মোদী জী– হয়৷ মোৰ মাৰ মনত আছিল আৰু তেওঁ এই বিষয়ে মোক কৈছিল৷
লতা জী– হয়৷
মোদী জী– হয়৷
লতা জী– আৰু টেলিফোনত তেওঁ মোক আশীৰ্বাদ দিয়াত মই অতিশয় সুখী হৈছিলো৷
মোদী জী– আমাৰ মা অতি সুখী হৈছিল আপোনাৰ এই মৰমৰ কাৰণে৷
লতা জী– হয়, হয়৷
মোদী জী– আৰু মই আপোনাৰ ওচৰতো কৃতজ্ঞ কিয়নো আপুনি সদায়েই মোৰ বিষয়ে চিন্তা কৰে৷ পুনৰবাৰ আপোনাক জন্মদিনৰ অলেখ শুভেচ্ছা জনাইছো৷
লতা জী– হয়৷
মোদী জী– এইবাৰ মুম্বাইলৈ যাওতে মুখামুখি হোৱাৰ মন আছিল৷
লতা জী– হয় হয়, নিশ্চয়৷
মোদী জী– কিন্তু সময়ৰ ইমান ব্যস্ততা আছিল যে মই যাব নোৱাৰিলো৷
লতা জী– হয়৷
মোদী জী– কিন্তু মই অতিশীঘ্ৰেই আপোনাৰ ওচৰলৈ যাম৷
লতা জী– হয়৷
মোদী জী– আৰু ঘৰলৈ গৈ আপোনাৰ হাতেৰে কিছু গুজৰাটী খাদ্য খাম৷
লতা জী– হয়, নিশ্চয় নিশ্চয়৷ এয়া মোৰ সৌভাগ্য হ’ব৷
মোদী জী– প্ৰণাম দিদি৷
লতা জী– প্ৰণাম৷
মোদী জী– বহু বহু শুভকামনা আপোনালৈ৷
লতা জী– বহুত বহুত প্ৰণাম৷
মোদী জী– প্ৰণাম৷