Share
 
Comments
PM Modi interacts with over 100 MUDRA beneficiaries from across the country at his residence
PM Modi says around 11 crore people have been benefited from the government's flagship #MudraYojana
Prime Minister Modi appreciates the efforts of the entrepreneurs who have made good use of the Mudra Loans
#MudraYojana has helped in the development of the personal sector, as a means of livelihood & self-employment: PM Modi

দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ ১০০০ৰো অধিক উপভোক্তাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেঁওৰ বাসগৃহত সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ সৈতে অনানুষ্ঠানিক বাৰ্তালাপত বহুসংখ্যক উপভোক্তাই বৰ্ণনা কৰে কিদৰে মুদ্ৰা ঋণে তেওঁলোকৰ জীৱনশৈলী উন্নত কৰিছে৷

২লাখ টকাৰ ঋণ লাভ কৰা ঝাৰখণ্ডৰ বোকাৰোৰ শ্ৰীমতী কিৰণ কুমাৰীয়ে উল্লেখ কৰে কিদৰে তেওঁ নিজাববীয়াকৈ পুতলা আৰু উপহাৰ সামগ্ৰীৰ দোকান আৰম্ভ কৰে৷ পূৰ্বে স্বামীৰ সৈতে তেওঁ হকাৰ হিচাপে পুতলা বিক্ৰী কৰি জীৱন-নিৰ্বাহ কৰিছিল৷ কিন্তু ঋণ লাভ কৰাৰ পাছত তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল৷

১.৭৭ লাখৰ ঋণ লাভ কৰা ছুৰাটৰ শ্ৰীমতী মুনিৰাবানু চব্বিৰ হুছেইন মালেকে ব্যাখ্যা কৰে কিদৰে তেওঁ এলএমভি ড্ৰাইভিং প্ৰশিক্ষণ লাভ কৰে আৰু এতিয়া এখন অ’টো ৰিক্সা চলাই মাহিলি ২৫,০০০টকা উপাৰ্জন কৰি আছে৷

কেৰালাৰ কান্নুৰৰ শ্ৰীমান চিজেশ পি. নামৰ ব্যক্তিগৰাকী ৮বছৰ ধৰি বিদেশত কাম কৰি আছিল৷ স্বদেশলৈ ঘূৰি আহি তেওঁ এটি মেডিকেল ইউনিটত ছেলছ মেনেজাৰ হিচাপে কাম আৰম্ভ কৰে৷ তেওঁ প্ৰধানমন্ত্ৰীক বৰ আগ্ৰহেৰে কয় কিদৰে মুদ্ৰা ঋণ হিচাপে লাভ কৰা ৮.৫৫ লাখ টকাৰে তেওঁ এটি হাৰ্বেল টুথ পাউডাৰ কোম্পানী স্থাপন কৰিবলৈ সক্ষম হয়৷

টেলেংগনাৰ পৰা অহা শ্ৰীমান ছালেহান্দাম ৰাৱে প্ৰধানমন্ত্ৰীৰ সৈতে নিজৰ ব্যৱসায়ৰ কথা ভাগ-বতৰা কৰে৷ তেওঁ ৯.১০ লাখ টকাৰ ঋণ লাভ কৰিছিল, যাৰ জৰিয়তে তেওঁ ডাই কাষ্টিং আৰু ঘৰুৱা সা-সামগ্ৰীৰ ব্যৱসায় বিস্তাৰ কৰিবলৈ সক্ষম হয়৷

জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাৰ শ্ৰীমতী বীনা দেৱী তাতশিল্পৰ সৈতে জড়িত৷ তেওঁ ১ লাখ টকাৰ মুদ্ৰা ঋণ লাভ কৰে আৰু এতিয়া তেওঁ অঞ্চলটোৰ এগৰাকী আগশাৰীৰ পশ্মিনা শ্ব’ল প্ৰস্তুতকাৰী হৈ পৰিছে৷ আজি তেওঁ প্ৰধানমন্ত্ৰী মোদীক এখন পশ্মিনা শ্ব’ল উপহাৰ দিয়ে৷

ডেৰাডুনৰ শ্ৰীমান ৰাজেন্দ্ৰ সিং এগৰাকী প্ৰাক্তন সৈনিক৷ তেওঁ প্ৰধানমন্ত্ৰীক কয় কিদৰে মুদ্ৰা যোজনাৰ পৰা লাভ কৰা ৫লাখ টকাৰ ঋণৰ জৰিয়তে ঝাড়ু প্ৰস্তুতৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি প্ৰতিষ্ঠিত হৈছে৷ তেওঁ কেৱল নিজৰ ব্যৱসায় সফলতাৰে প্ৰতিষ্ঠা কৰাই নহয়, আন কেইবাজনো লোকক সংস্থাপনৰ বাট দেখুৱাইছে৷

চেন্নাইৰ শ্ৰীমান টি.আৰ. সজীৱনে ১০ লাখ টকাৰ মুদ্ৰা ঋণ লাভ কৰিছিল৷ এই ঋণেৰে কিদৰে তেওঁ  লোহা ঢালাই কাৰ্যত মনোনিবেশ কৰিব পাৰিছে, সেয়া প্ৰধানমন্ত্ৰীক অৱগত কৰায়৷

জম্মুৰ শ্ৰীমান সতীশ কুমাৰে ৫ লাখ টকাৰ ঋণ লৈছিল৷ তেওঁ আগতে নিৱনুৱা আছিল৷ কিন্তু এতিয়া তেওঁ তীখাৰ সামগ্ৰী নিৰ্মাণ আৰু কিনা-বেচাৰ এক ব্যৱসায় গঢ়ি তুলিছে৷ প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত তেওঁ এই অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে৷

উত্তৰাখণ্ডৰ উধাম সিং নগৰৰ পৰা অহা শ্ৰীমান বিপ্লৱ সিঙে এটি ফাৰ্মা ফাৰ্মৰ সৈতে কাম কৰিছিল৷ কিন্তু তেওঁ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিল৷ মুদ্ৰা ঋণৰ জৰিয়তে পোৱা ৫ লাখ টকাৰ সহায়ত তেওঁ কীটনাশক আৰু সাৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হয় আৰু আন কেইবাজনো ব্যক্তিক সংস্থাপনৰ সুযোগ দিছে৷

প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ আজি ভাৱ বিনিময় কৰে৷

প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা ঋণৰ সদব্যৱহাৰ কৰা উদ্যোগীসকলৰ প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ পৰা ১১ কোটি লোক উপকৃত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে এই আঁচনিৰ এটি অন্যতম লক্ষ্য আছিল মানুহৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰা৷ এই আঁচনিয়ে জীৱন-নিৰ্বাহ আৰু আত্মসংস্থাপনৰ ৰূপত ‘ব্যক্তিগত খণ্ড’ৰ বিকাশ সাধনত সহায় কৰিছে৷ 

প্ৰধানমন্ত্ৰী আৰু উপভোক্তাসকলৰ মাজত চলা অনানুষ্ঠানিক বাৰ্তালাপ প্ৰায় এঘণ্টা ধৰি চলে৷ কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী শ্ৰী পন ৰাধাকৃষ্ণন আৰু শ্ৰী শিৱ প্ৰতাপ শুক্লাও আলোচনাকালত উপস্থিত আছিল৷

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi

Popular Speeches

Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi
India exports Rs 27,575 cr worth of marine products in Apr-Sept: Centre

Media Coverage

India exports Rs 27,575 cr worth of marine products in Apr-Sept: Centre
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ডিচেম্বৰ 2021
December 08, 2021
Share
 
Comments

The country exported 6.05 lakh tonnes of marine products worth Rs 27,575 crore in the first six months of the current financial year 2021-22

Citizens rejoice as India is moving forward towards the development path through Modi Govt’s thrust on Good Governance.