অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসউদযাপনকাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 21st, 07:06 am

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ লগতে সমগ্ৰ বিশ্বৰ জনতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ১১ সংখ্যক বাৰৰ বাবে সমগ্ৰ বিশ্বই ২১ জুনত একেলগে যোগাসন কৰিছে। যোগৰ অৰ্থ হৈছে কেৱল সংযোগ আৰু যোগে কেনেকৈ সমগ্ৰ বিশ্বখনক সংযোগ কৰিছে, সেয়া আশ্চৰ্য্যকৰ। যোৱা দশকত যোগৰ পৰিক্ৰমালৈ উভতি চালে বহু কথা মনত পৰে। যিদিনা ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়া হওঁক বুলি প্ৰস্তাৱ জনাইছিল আৰু তাৰ পিছতে কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে আমাৰ প্ৰস্তাৱলৈ সমৰ্থন জনাইছিল, সেয়া এক বিৰল ঘটনা আছিল। এনে সংহতি আৰু সমৰ্থন আজিৰ বিশ্বত এক সাধাৰণ পৰিঘটনা নহয়। এয়া কেৱল এটা প্ৰস্তাৱলৈ সমৰ্থন জনোৱা কাৰ্য্য নাছিল, বৰঞ্চ মানৱতাৰ মংগলৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। আজি ১১ বছৰৰ পাছত আমি দেখিবলৈ পাওঁ যে যোগাসন বিশ্বৰ লক্ষ-লক্ষলোকৰ জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। আমাৰ দিব্যাংগজনে ব্ৰেইল মাধ্যমত যোগশাস্ত্ৰ পঢ়িছে, বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰিছে, গাঁৱৰ ডেকা বন্ধুসকলে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াত চাওঁকচোন, নৌসেনাৰ সকলো জাহাজতে যোগাসনৰ কাৰ্য্যসূচী অব্যাহত আছে। ছিডনী অপেৰা হাউছেই হওঁকবা এভাৰেষ্ট শৃংগই হওঁকবা সাগৰৰ বিস্তৃতিয়েই হওঁক, সকলোৱেএটাইবাৰ্তা প্ৰেৰণ কৰিছে – যোগাসন সকলোৰেআৰু সকলোৰে বাবে। যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

June 21st, 06:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD)কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়েআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানেৰে যোগ অধিবেশনত অংশগ্ৰহণ কৰে।