পশ্চিমবংগৰ কলকাতাত উদযাপন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

June 21st, 06:45 am

মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবিজী, উদ্যমী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীজী, কেন্দ্ৰত মোৰ সহযোগী প্ৰতাপ ৰাও যাদৱজী, আন সকলো গণ্যমান্য ব্যক্তি, ইয়াত কলকাতাত সমবেত হোৱা সকলো অংশগ্ৰহণকাৰী, দেশ-বিদেশত অনুষ্ঠিত যোগ দিৱসত যোগদান কৰা বন্ধুকল আৰু মোৰ মৰমৰ দেশবাসী!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে

June 21st, 06:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শ্ৰী মোদীয়ে সহস্ৰাধিক যোগ সাধকৰ সৈতে ‘কমন যোগ প্ৰট’কল’ অধিবেশনত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ জনগণক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে ২১ জুন তাৰিখটো বিশ্বৰ বহু ঠাইত বছৰৰ আটাইতকৈ দীঘলীয়া দিন আৰু ই যোগৰ জৰিয়তে মানৱতাৰ অন্যতম বৃহৎ সামূহিক উদযাপন হিচাপেও আত্মপ্ৰকাশ কৰিছে।