২১ ফেব্ৰুৱাৰীত এইচচিএল–ফক্সকন যৌথ উদ্যোগ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 20th, 06:50 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ ফেব্ৰুৱাৰী, ২০২৬ৰ বিয়লি ৫ বজাত উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষ (YEIDA)ত এইচ চি এল-ফক্সকন যৌথ উদ্যোগ প্ৰকল্প - ইণ্ডিয়া চিপ প্ৰাইভেট লিমিটেডৰ ভূমি পূজন অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত সভাতো ভাষণ আগবঢ়াব। এইচ চি এল-ফক্সকন অৰ্ধপৰিবাহী সুবিধা ভাৰতৰ প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতাৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ই ভাৰতক উচ্চমানৰ ইলেক্ট্ৰনিকছ আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে এক বিশ্বাসযোগ্য বিশ্বজোৰা গন্তব্যস্থান হিচাপে পৰিগণিত হোৱাৰ লগতে প্ৰকল্পটোৱে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীকো প্ৰতিফলিত কৰিছে।