বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দেশবাসীৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

March 03rd, 07:14 pm

আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বৈচিত্ৰময় বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। MyGovIndia ৰ এটা এক্স পোষ্টৰ উত্তৰত তেওঁ লিখিছে -

যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী

March 03rd, 12:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো।

PM Modi calls to protect and preserve the biodiversity on the occasion of World Wildlife Day

March 03rd, 08:37 am

The Prime Minister Shri Narendra Modi reiterated the commitment to protect and preserve the incredible biopersity of our planet today on the occasion of World Wildlife Day.

২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 11:30 am

মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।

বন্যপ্ৰাণী প্ৰেমীসকললৈ বিশ্ব বন্যপ্ৰাণী দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

March 03rd, 10:12 am

তেওঁ কয় যে এই দিনটোৱে আমাৰ পৃথিৱীখনৰ জীৱকূলৰ অনিন্দ্যসুন্দৰ বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে ইয়াক সুৰক্ষা দিয়াৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰবাৰ সোঁৱৰই দিয়ে।

বিশ্ব বন্যপ্ৰাণী দিৱসত বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু অনুৰাগী সকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 03rd, 06:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণকাৰী আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত সকলো লোকক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু চুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ষ্টেফান লাফভেনৰ মাজত ভাৰ্চুৱেল সন্মিলন

March 03rd, 09:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৫ মাৰ্চত চুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম ষ্টেফান লাফভেনৰ সৈতে এখনি ভাৰ্চুৱেল সন্মিলনত মিলিত হ’ব।