বিশ্ব পেৰা-এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 06th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা-এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে ভাৰতীয় পেৰা-এথলীট দলটোক প্ৰশংসা কৰে। দেশৰ পেৰা-ক্ৰীড়া যাত্ৰাত এক নতুন মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি ৬ টা স্বৰ্ণপদককে ধৰি ২২ টা পদক লাভ কৰি ভাৰত এই প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ পদক তালিকাত অন্তৰ্ভুক্ত হয়। শ্ৰী মোদীয়ে লগতে প্ৰথমবাৰৰ বাবে ভাৰতে এই সন্মানীয় আন্তৰ্জাতিক অনুষ্ঠানৰ আয়োজন কৰাত গৌৰৱ প্ৰকাশ কৰে।