বিশ্ব যকৃত দিৱসত দেশৰ নাগৰিকসকলক মননশীল খাদ্যাভ্যাস আকোৱালি ল’বলৈ আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

April 19th, 01:13 pm

বিশ্ব যকৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলক মননশীল খাদ্যাভ্যাস আৰু স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সৰু সৰু অথচ প্ৰভাৱশালী পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দৰে ব্যৱস্থাই সামগ্ৰিক স্বাস্থ্য আৰু শাৰীৰিক কল্যাণ সাধনত যথেষ্ট অৰিহণা যোগাব পাৰে।