নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 25th, 06:16 pm

ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !

বিশ্ব খাদ্য ভাৰত ২০২৫ ৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 25th, 06:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 24th, 06:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

বিশ্ব খাদ্য ভাৰত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাৰ পাঠ

September 19th, 12:30 pm

কেইবাখনো ৰাষ্ট্ৰৰ অংশগ্ৰহণে বিশ্ব খাদ্য উদ্যোগ ২০২৪ক শিক্ষা আৰু গৱেষণাৰ আটাইতকৈ উজ্জ্বল মনৰ বাবে বৰ্ধিত সুযোগৰ সৰ্বাধিক সদ্ব্যৱহাৰ কৰাৰ লগতে ইজনে সিজনৰ অভিজ্ঞতাৰ পৰা দ্বিমুখী শিক্ষা লাভ কৰিব পৰা এক সক্ৰিয় মঞ্চ হিচাপে প্ৰতিফলিত কৰিছে।

ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 03rd, 11:00 am

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী পীয়ুষ গোৱেলজী, গিৰিৰাজ সিংজী, পশুপতি পাৰসজী, পৰুষোত্তম ৰূপালাজী, প্ৰহ্লাদ সিং পেটেলজী, বিশ্বৰ বিভিন্ন দেশৰ সকলো অতিথি, ৰাজ্যসমূহৰ পৰা অহা মন্ত্ৰীসকল, উদ্যোগ আৰু ষ্টাৰ্টআপ জগতৰ সকলো বন্ধু, দেশৰ বিভিন্ন প্ৰান্তৰ আমাৰ কৃষক ভাই-ভনীসকল, মহিলা আৰু ভদ্ৰলোকসকল, ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩লৈ আপোনালোক সকলোকে স্বাগতম, অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩ উদ্বোধন কৰে

November 03rd, 10:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত অনুষ্ঠিত মেগা ফুড অনুষ্ঠান 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩'ৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰে। তেওঁ আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ এক লাখতকৈও অধিক এছ এইচ জি সদস্যৰ বাবে বীজ মূলধন সহায় বিতৰণ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানটোত আয়োজিত প্ৰদৰ্শনীৰ মাজেৰে এপাক মাৰে। এই অনুষ্ঠানটোৰ লক্ষ্য হৈছে ভাৰতক 'বিশ্বৰ খাদ্যৰ বাস্কেট' হিচাপে প্ৰদৰ্শন কৰা আৰু ২০২৩ক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে উদযাপন কৰা।

প্ৰধানমন্ত্ৰীয়ে ৩ নৱেম্বৰত ‘ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩’ কাৰ্যক্ৰম উদ্বোধন কৰিব

November 02nd, 06:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰৰ পুৱা ১০ বজাত নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ৰ ‘ভাৰত মণ্ডপম’ত বিশাল খাদ্য মেলা কাৰ্যক্ৰম 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩'ৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰিব।