Prime Minister plants tree in Surat under the 'Ek Ped Maa Ke Naam' campaign on World Environment Day

June 05th, 10:11 pm

PM Modi plants tree in Surat under the ‘Ek Ped Maa Ke Naam’ campaign on World Environment Day and urged citizens to renew their collective commitment towards making nature greener and protecting it for future generations. The initiative reflects the shared responsibility of environmental conservation and sustainable development.

Daman has become a living example of Mini India: PM Modi

June 05th, 07:20 pm

Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

June 05th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।

গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

June 05th, 04:30 pm

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

June 05th, 04:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

June 05th, 09:53 am

যোৱা দশকত গ্ৰহণ কৰা সেউজ আৱৰণ সম্প্ৰসাৰণ কৰা তথা কেইবাটাও প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰা কেইবাটাও চৰকাৰী পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই দিৱসে পৰিবেশ সুৰক্ষিত কৰা আৰু বহনক্ষম বিকাশৰ প্ৰতি দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 29th, 11:30 am

নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীয়েদিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত গছপুলি ৰোপণেৰে এক পেড় মা কে নাম পদক্ষেপ শক্তিশালী কৰে আৰু আৰাৱল্লী সেউজ প্ৰাচীৰ প্ৰকল্পৰ অধীনত আৰাৱল্লী পৰ্বতমালাত পুনৰ বনানীকৰণৰ সংকল্প লয়

June 05th, 01:33 pm

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত গছপুলি ৰোপণ অভিযানত অংশগ্ৰহণ কৰি এক পেড় মা কে নাম পদক্ষেপক শক্তিশালী কৰি এটি গছপুলি ৰোপণ কৰে।

স্বচ্ছ আৰু সেউজ নগৰীয়া গতিশীলতাকউৎসাহিত কৰিবলৈ দিল্লীত বৈদ্যুতিক বাছৰশুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

June 05th, 12:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহনক্ষম উন্নয়ন আৰু স্বচ্ছ নগৰীয়া গতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে দিল্লী চৰকাৰৰ পদক্ষেপৰ অধীনত বৈদ্যুতিক বাছৰ শুভাৰম্ভ কৰে।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে নতুন দিল্লীস্থিত বাসভৱনত সিন্দূৰ গছপুলি ৰোপণ প্ৰধানমন্ত্ৰীৰ

June 05th, 11:50 am

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত এটা সিন্দূৰ গছপুলি ৰোপণ কৰে। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত অসাধাৰণ সাহস আৰু দেশপ্ৰেম প্ৰদৰ্শন কৰা গুজৰাটৰ কুচ্চৰ সাহসী মাতৃ আৰু ভগ্নীসকলে তেওঁক এই গছপুলিটো উপহাৰ দিছিল।

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক পৰিৱেশ সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ একাগ্ৰতা অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়

June 05th, 09:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক পৰিৱেশ সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ একাগ্ৰতা অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায় আৰু পৰিৱেশ সেউজীয়া তথা উন্নত কৰি তুলিবলৈ তৃণমূল পৰ্যায়ত কাম কৰা লোকসকলৰ বহুমূলীয়া অৱদানক স্বীকাৰ কৰে।

বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে

June 04th, 01:20 pm

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ জুন, ২০২৫ তাৰিখে পুৱা ১০:১৫ বজাত নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এক বিশেষ বৃক্ষৰোপণৰ পদক্ষেপৰ নেতৃত্ব দিব, যাৰ জৰিয়তে পৰিৱেশ পৰিচালনা আৰু সেউজ গতিশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব।

সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।

জি৭ আউটৰীচ্চ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

June 14th, 09:54 pm

প্ৰথমে প্ৰধানমন্ত্ৰী মেলনীক মোক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমাৰ প্ৰতি আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। চেন্সেলৰ অ’লাফ শ্বলজক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। জি-৭ সন্মিলনৰ এই অনুষ্ঠানটো কেৱল বিশেষ নহয়, ঐতিহাসিকো। এই গোটৰ ৫০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে জি-৭ৰ সকলো সহকৰ্মীলৈ আন্তৰিক অভিনন্দন জনালোঁ।

জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা আৰু শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ সন্দৰ্ভত আউটৰীচ্চ অধিবেশনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

June 14th, 09:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত আজি অনুষ্ঠিত জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ ওপৰত আউটৰীচ্চ অধিৱেশনত ভাষণ আগবঢ়ায়। তেওঁ গ্ৰুপটোক ৫০ বছৰীয়া মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীৰ ‘এক পেড় মা কে নাম’ অভিযানৰ শুভাৰম্ভ

June 05th, 02:21 pm

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক পেড় মা কে নাম’ অভিযানৰ শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত এটি আঁহত গছৰ পুলি ৰোপণ কৰে। তেখেতে আমাৰ গ্ৰহটোক উন্নত কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈয়ো আহ্বান জনাইছে আৰু কয় যে যোৱা দশকত ভাৰতে অগণন সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাৰ ফলত সমগ্ৰ দেশতে বনাঞ্চলৰ আৱৰণ বৃদ্ধি পাইছে। এয়া বহনক্ষম উন্নয়নৰ দিশত আমাৰ প্ৰচেষ্টাৰ পৰিপূৰক বুলি শ্ৰী মোদীয়ে লগতে কয়।

বিশ্ব পৰিৱেশ দিৱস, ২০২৩ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

June 05th, 03:00 pm

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে, দেশ তথা বিশ্বৰ জনসাধাৰণক বহুত বহুত শুভকামনা জনাইছো৷ এই বৰ্ষৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে-এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ অভিযান৷ মই সুখী অনুভৱ কৰিছো যে যিটো কথা বিশ্বই আজি কৰিছে, সেই দিশত ভাৰতে বিগচ ৪-৫ বছৰৰ পৰা একেৰাহে কৰি আছে৷ ২০১৮ চনতে ভাৰতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ বাবে দুটা পৰ্যায়ত কাম আৰম্ভ কৰিছিল৷ আমি এফালে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছো আৰু আনফালে প্লাষ্টিক আৱৰ্জনা প্ৰক্ৰিয়াকৰণক বাধ্যাতামুলক কৰিছো৷ সেইবাবে ভাৰতত প্ৰায় ৩০লাখ টন প্লাষ্টিক পেকেজিংৰ ৰিচাক্লিং বাধ্যতামুলক হৈছে৷ এয়া ভাৰতত উৎপাদন হোৱা প্লাষ্টিক আৱৰ্জনাৰ প্ৰায় ৭৫%৷ বৰ্তমান ইয়াৰ আওতাত প্ৰায় ১০হাজাৰ উৎপাদক, আমদানিকাৰক আৰু ব্ৰেণ্ডৰ স্বত্তাধিকাৰী আছিল৷

বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ বৈঠক

June 05th, 02:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভাষণ আগবঢ়ায়৷

জাৰ্মানীত অনুষ্ঠিত ‘জি-৭ শীৰ্ষ সন্মিলন’ত ‘একত্ৰে শক্তিশালী : খাদ্য-সুৰক্ষা সম্ভৱ কৰা আৰু লৈংগিক সমতা আগুৱাই নিয়া’ সম্পৰ্কীয় অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্য

June 27th, 11:59 pm

আমি গোলকীয় উত্তেজনাপূৰ্ণ বাতাবৰণৰ মাজত সন্মিলিত হৈছো। ভাৰতে সদায়ে শা্ন্তিৰ পক্ষত অৱস্থান কৰি আহিছে। সাম্প্ৰতিক পৰিস্থিতিতো আমি নিৰন্তৰ আলোচনা তথা কুটনৈতিক সম্পৰ্কৰ পথ অৱলম্বন কৰাৰ প্ৰয়াস কৰি আহিছো। এই ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰভাৱ কেৱল ইউৰোপতে সীমাবদ্ধ হৈ থকা নাই। ইন্ধন আৰু খাদ্য-সামগ্ৰীৰ বৰ্দ্ধিত দামৰ কু-প্ৰভাৱ সকলো দেশৰ ওপৰতে পৰিবলৈ ধৰিছে। উন্নয়ণশীল দেশৰ ইন্ধন আৰু খাদ্য সুৰক্ষা বিশেষ ভাবে বিপদাপন্ন হৈছে। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতে বহুকেইখন অভাৱগ্ৰস্থ দেশক খাদ্য-সামগ্ৰী যোগান ধৰি আছে। আমি আফাগানিস্তানক যোৱা কেইটামান মাহত প্ৰায় ৩৫ হাজাৰ টন ঘেহু মানৱীয় সহযোগিতাৰ ৰূপত দিয়াৰ ব্যৱস্থা কৰিছো। আৰু অলপতে দেশখনত হোৱা ভয়ংকৰ ভূমিকম্পৰ পিচতো সাহায্য সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো প্ৰথম খন দেশ আছিল ভাৰতেই। আমি আমৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সহায় আগবঢ়াই আছো।

জাৰ্মানীত অনুষ্ঠিত ‘জি-৭ শীৰ্ষ সন্মিলন’ত ‘এক উন্নত ভৱিষ্যতত বিনিয়োগ : জলবায়ু, শক্তি, স্বাস্থ্য’ সম্পৰ্কীয় অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা অভিমত

June 27th, 07:47 pm

দুৰ্ভাগ্যবশতঃ, এনেকৈ ভবা হয় যে, বিশ্বৰ বিকাশ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে নিৰ্দ্ধাৰণ কৰা লক্ষ্যসমূহৰ মাজত এক ধৰণৰ মূলভূত সংঘাত আছে। আনহাতে, দুখীয়া দেশ আৰু দুখীয়া মানুহে পৰিৱেশৰ অধিক ক্ষতি সাধন কৰে বুলিও আন এক ভুল ধাৰণা পোষণ কৰি অহা হৈছে। কিন্তু, ভাৰতৰ বহু হেজাৰ বছৰ জোৰা ইতিহাসে এই ধাৰণাক সম্পূৰ্ণ ৰূপেই খণ্ডন কৰে।