স্পীড স্কেটিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৫ত স্বৰ্ণ পদক লাভ আৰু স্কেটিঙত ভাৰতৰ প্ৰথম বিশ্ব চেম্পিয়ন হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আনন্দকুমাৰ ভেলকুমাৰক অভিনন্দন জনাইছে
September 16th, 08:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্পীড স্কেটিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ-২০২৫ত পুৰুষৰ ছিনিয়ৰ শাখাত ১০০০ মিটাৰ স্প্ৰিণ্টত সোণৰ পদক লাভ কৰাৰ বাবে আনন্দকুমাৰ ভেলকুমাৰক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয়, তেওঁৰ ধৈৰ্য, গতি আৰু উৎসাহে তেওঁক স্কেটিঙত ভাৰতৰ প্ৰথমগৰাকী বিশ্ব চেম্পিয়ন কৰি তুলিছে। তেওঁৰ এই কৃতিত্বই অগণন যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব।