মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 29th, 04:09 pm
বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 29th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত ৬২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব
October 03rd, 03:54 pm
যুৱ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ ১১ বজাত ৬২,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক উত্থান ঘটিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 04th, 05:56 am
আজি সন্ধিয়াটো আপোনালোক সকলোৰে সৈতে কটাবলৈ পোৱাটো মোৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ কথা। প্ৰধানমন্ত্ৰী কমলা ডাঙৰীয়াণীক তেওঁৰ উষ্ম আতিথ্য আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰ বাবে ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোত সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
July 04th, 04:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই অনুষ্ঠানত ত্ৰিনিদাদ আৰু টোবাগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰ, তেওঁৰ কেবিনেটৰ সদস্যসকল, সংসদৰ সদস্য আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰবাসীসকলে ব্যতিক্ৰমীভাৱে আদৰণি জনোৱাৰ লগতে ভাৰত-ত্ৰিনিদাদৰ বৰ্ণিল পৰম্পৰা প্ৰদৰ্শন কৰে।বিহাৰৰ ছিৱানত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
June 20th, 01:00 pm
সকলোকে প্ৰণাম জনাইছো। প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ পবিত্ৰ ভূমি বাবা মহেন্দ্ৰ নাথ, বাবা হন্সনাথ, সোহাগ্ৰা ধাম, মা থাৱে ভৱানী, মা অম্বিকা ভৱানীক প্ৰণাম জনাইছো।বিহাৰৰ ছিৱানত ৫,২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
June 20th, 12:00 pm
আজি বিহাৰৰ ছিৱানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বাবা মহেন্দ্ৰ নাথ আৰু বাবা হান্স নাথক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে সোহগৰা ধামৰ পবিত্ৰ উপস্থিতিৰ কথাও প্ৰকাশ কৰে। তেওঁ লগতে মা থাৱে ভৱানী আৰু মা অম্বিকা ভৱানীকো প্ৰণাম জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ স্মৃতিও সোঁৱৰণ কৰে।‘ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (আইটিআই)ৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা ‘ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন’ৰ প্ৰস্তাৱলৈ কেবিনেটে অনুমোদন জনাইছে
May 07th, 02:07 pm
ভাৰতত বৃত্তিমূলক শিক্ষাৰ পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি হিচাপে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)সমূহৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা (৫) ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।৩য় কৌটিল্য অৰ্থনীতি সন্মিলন ২০২৪ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 04th, 07:45 pm
মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ'থৰ সভানেত্ৰী এন কে সিং, ভাৰত আৰু বিদেশৰ পৰা সন্মানীয় অতিথিসকল, আৰু অভ্যাগতসকল: কৌটিল্য কনক্লেভৰ তৃতীয় সংস্কৰণলৈ আপোনালোকক আদৰণি জনাই আনন্দিত হৈছো। আপোনালোক সকলোৰে সৈতে জড়িত হ’বলৈ পাই মই ৰোমাঞ্চিত হৈছো। অনাগত তিনিটা দিনত আমাৰ মূল অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে বিভিন্ন ধৰণৰ অধিবেশন অনুষ্ঠিত হ’ব। মই আশাবাদী যে আমাৰ আলোচনাই ভাৰতৰ বিকাশক ত্বৰান্বিত কৰাত যথেষ্ট অৰিহণা যোগাব৷নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনৰ তৃতীয় সংস্কৰণৰ ভাষণ দিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 04th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনত ভাষণ প্ৰদান কৰে। বিত্ত মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰে দ্য ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ’থে আয়োজন কৰা কৌটিল্য ইকনমিক কনক্লেভে সেউজ পৰিৱৰ্তনৰ বাবে বিত্তীয় সাহায্য প্ৰদান, ভূ-অৰ্থনৈতিক বিভাজন আৰু বৃদ্ধিৰ বাবে ইয়াৰ প্ৰভাৱ, আৰু অন্যান্য দিশসমূহৰ মাজত সুস্থিৰতা ৰক্ষাৰ বাবে নীতিগত ব্যৱস্থাৰ নীতি আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।গ্লোবেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টমেণ্ট (পিজিআইআই) আৰু ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ বাবে অংশীদাৰিত্ব
September 09th, 09:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ মাজতে পাৰ্টনাৰশ্বিপ ফৰ গ্ল’বেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টমেণ্ট (পিজিআইআই) আৰু ইণ্ডিয়া-মিডল ইষ্ট-ইউৰোপ ইকনমিক কৰিডৰ (আইএমইচি)ৰ ওপৰত এক বিশেষ অনুষ্ঠানৰ সহ-অধ্যক্ষতা কৰে।বৈশ্বিক আন্তঃগাঁথনি বিনিয়োগৰ অংশীদাৰীত্ব (পিজিআইআই) আৰু ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ সন্দৰ্ভত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ চমু ভাষণ
September 09th, 09:27 pm
এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে সাদৰ স্বাগতম জনাইছো। মোৰ বন্ধু ৰাষ্ট্ৰপতি বিডেনৰ সৈতে এই অনুষ্ঠানত একেলগে সহ-অধ্যক্ষতা কৰিবলৈ পাই মই অতি আনন্দিত হৈছো। আজি আমি সকলোৱে আন এক গুৰুত্বপূৰ্ণ ঐতিহাসিক চুক্তি সম্পাদনৰ সাক্ষী হৈছো।NDA today stands for N-New India, D-Developed Nation and A-Aspiration of people and regions: PM Modi
July 18th, 08:31 pm
PM Modi during his address at the ‘NDA Leaders Meet’ recalled the role of Atal ji, Advani ji and the various other prominent leaders in shaping the NDA Alliance and providing it the necessary direction and guidance. PM Modi also acknowledged and congratulated all on the completion of 25 years since the establishment of NDA in 1998.PM Modi addresses the NDA Leaders Meet
July 18th, 08:30 pm
PM Modi during his address at the ‘NDA Leaders Meet’ recalled the role of Atal ji, Advani ji and the various other prominent leaders in shaping the NDA Alliance and providing it the necessary direction and guidance. PM Modi also acknowledged and congratulated all on the completion of 25 years since the establishment of NDA in 1998.'Sabka Saath-Sabka Vikaas, Sabka Vishwaas-Sabka Prayaas' is the vision for our domestic as well as global governance: PM
May 23rd, 08:54 pm
PM Modi attended mega community programme in Sydney, Australia. Australian PM Albenese also joined in for the event. He said, The basis of historic ties between India and Australia is mutual trust and mutual respect.অষ্ট্ৰেলিয়াৰ ছিডনীত ভাৰতীয় সমাজৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
May 23rd, 01:30 pm
প্ৰধানমন্ত্ৰীৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্টনি আলবেনিজে ২০২৩ৰ ২৩ মে’ত ছিডনীৰ কুড’ছ বেংক এৰিনাত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।‘বাণিজ্য’ আৰু ‘লজিষ্টিক্স’ ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ হ’বলৈ আগবাঢ়িছে ভাৰত: প্ৰধানমন্ত্ৰী
May 01st, 03:43 pm
বিশ্ব বেংকৰ ‘এলপিআই ২০২৩’ প্ৰতিবেদনৰ তথ্য অনুসৰি, বহুতো দেশতকৈ ভাল টাৰ্ণ এৰাউণ্ড টাইমৰ সৈতে ভাৰতীয় বন্দৰসমূহৰ দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি হৈছে বুলি বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে ‘টুইট’ কৰিছে।বিশ্ব বেংকৰ লজিষ্টিক প্ৰদৰ্শন সূচকত ভাৰতৰ ১৬ টা স্থানৰ আকৰ্ষণীয় অগ্ৰগতি : আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
April 22nd, 07:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বেংকৰ লজিষ্টিক প্ৰদৰ্শন সূচকত ভাৰতৰ ১৬ টা স্থানৰ আকৰ্ষণীয় অগ্ৰগতিত আনন্দ প্ৰকাশ কৰিছে।জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা সন্দৰ্ভত ‘বিশ্ব বেংক’-য়ে অয়োজন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ‘ভিডিঅ' বাৰ্তা’ৰ পাঠ
April 15th, 09:45 am
বিশ্ব বেংকৰ মহামান্য সভানেত্ৰী, মৰক্কোৰ শক্তি ৰূপান্তৰণ আৰু বহনক্ষম উন্নয়ন দপ্তৰৰ মন্ত্ৰীমহোদয়, মোৰ কেবিনেট সহযোগী নিৰ্মলা সীতাৰমণ জী, লৰ্ড নিকোলাছ ষ্টাৰ্ণ, অধ্যাপক ছানষ্টাইন আৰু অন্যান্য বিশিষ্ট অতিথিসকল,প্ৰধানমন্ত্ৰীয়ে বিশ্ব বেংকৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰে- ‘ইয়াক ব্যক্তিগত স্বভাৱ কৰি তোলক: আচৰণগত পৰিৱৰ্তনে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিব পাৰে’
April 15th, 09:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে 'মেকিং ইট পাৰ্চনেল: হাউ বিহেভিয়েৰেল চেঞ্জ কেন টেকল ক্লাইমেট চেঞ্জ' শীৰ্ষক বিশ্ব বেংকৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে বিষয়বস্তুটোৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক স্বীকাৰ কৰে আৰু ই এক গোলকীয় আন্দোলনত পৰিণত হোৱাত সন্তোষ প্ৰকাশ কৰে।