Prime Minister shares Sanskrit Subhashitam highlighting the importance of inclusive development and nation-building
July 13th, 08:32 am
PM Modi shared a Sanskrit Subhashitam highlighting that inclusive development and positive transformation in the lives of every citizen give new momentum to the nation's progress. He said India is continuously working to strengthen its capabilities with this guiding spirit.সহকাৰী সচিব হিচাপে নিযুক্তি দিয়া ২০২৪ বৰ্ষৰ প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
June 23rd, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি সেৱা তীৰ্থত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত সহকাৰী সচিব হিচাপে সংযুক্ত হৈ থকা ২০২৪ বৰ্ষৰ ১৮৩ গৰাকী প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াৰ সৈতে মত বিনিময় কৰে।এফ আই এইচ হকী ৱমেনছ নেচন কাপ জয়ৰ বাবে ভাৰতীয় মহিলা হকী দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 21st, 05:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এফ আই এইচ হকী ৱমেনছ নেচন কাপ জয় কৰাৰ বাবে ভাৰতীয় মহিলা হকী দলক অভিনন্দন জ্ঞাপন কৰিছে।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 01:10 pm
সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যপাল শ্ৰীযুত হৰি বাবু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও জী, শ্ৰীমতী প্ৰৱতী পৰিদা জী, ওড়িশাৰ মন্ত্ৰী শ্ৰী গণেশ সিং খুন্তিয়া জী, শ্ৰী কৃষ্ণ চন্দ্ৰ মহাপাত্ৰ জী, সংসদ সদস্য শ্ৰী নৱ চৰণ মাঝি জী, শ্ৰী মনমোহন সমল জী, শ্ৰী বৈজয়ন্ত পাণ্ডা জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 20th, 01:00 pm
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ময়ূৰভঞ্জ জিলাৰ পাহাড়পুৰ গাঁও ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ উপবন চাওতালী জাহেৰা আৰু হো জাহেৰা, দক্ষতা কেন্দ্ৰ আৰু পাহাড়পুৰ বিদ্যালয়ত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ বিষয় হৈছে ‘বিকাশ ৰা ধাৰা, ওড়িশা সাৰা’। শ্ৰী মোদীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
June 19th, 05:15 pm
মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে
June 19th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 04:36 pm
এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।বিভিন্ন খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ
June 12th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে যোৱা ১২ বছৰত চৰকাৰে মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে কৰা কাম সকলো ক্ষেত্ৰতে দৃশ্যমান হৈছে। তেওঁ উল্লেখ কৰে যে বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগশীলতাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্যসেৱা, অনাময়, আৱাস, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈকে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।PM chairs 11th Governing Council Meeting of NITI Aayog
June 11th, 08:09 pm
While addressing the 11th Governing Council Meeting of NITI Aayog, PM Modi called for collective efforts by States and the Centre to achieve Viksit Bharat@2047. He also highlighted the importance of youth empowerment, women-led development, AI-driven growth, MSMEs, defence manufacturing and inclusive human development across the country.The trust of 140 crore Indians is our greatest strength and responsibility: PM Modi at the NDA Leaders’ Conclave
June 10th, 06:33 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.PM Modi addresses NDA Leaders' Conclave, reaffirms commitment to Viksit Bharat
June 10th, 06:30 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে উৎসৰ্গিত চৰকাৰৰ ১২ বছৰৰ কাৰ্যকালৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
June 09th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰে যে চৰকাৰৰ বিগত ১২টা বছৰ বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে সমৰ্পিত আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি দেশবাসীৰ আশীৰ্বাদ আৰু 'ৰাষ্ট্ৰ প্ৰথম' ভাৱনাৰে যুৱ প্ৰজন্ম, মহিলা আৰু কৃষক ভাই-ভনীসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি কৰা হোৱা নাই।ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে মেজৰ অভিলাষা বৰাকক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 07th, 02:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেজৰ অভিলাষা বৰাকক ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মেজৰ বৰাকে লেবাননত থকা ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ (UNIFIL) অধীনত এগৰাকী এনগেজমেণ্ট টিম কমাণ্ডাৰ আৰু জেণ্ডাৰ ফ’কেল পইণ্ট হিচাপে সেৱা আগবঢ়াই আছে।ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত বিজয়ৰ বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 07th, 01:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত খিতাপ অৰ্জন কৰা বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে।২০২৬ চনৰ ১৮ বছৰ অনুৰ্ধৰ এছিয়া কাপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় মহিলা ১৮ অনুৰ্ধ হকী দলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
June 06th, 06:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহিলা ১৮ অনুৰ্ধ হকী দলক এছিয়া কাপ ২০২৬ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে উল্লেখযোগ্য উদ্যম প্ৰদৰ্শন কৰিছিল।প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰশংসনীয় কৃতিত্বৰ বাবে অসমবাসীক অভিনন্দন জ্ঞাপন কৰে
June 05th, 11:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশংসনীয় কৃতিত্ব অৰ্জন কৰাৰ বাবে অসমবাসীক, বিশেষকৈ ৰাজ্যখনৰ নাৰী শক্তিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যখনৰ নাৰী শক্তিয়ে আমাৰ গ্ৰহটোৰ বহনক্ষম নিৰ্মাণৰ লক্ষ্যৰে গ্ৰহণ কৰা উল্লেখযোগ্য প্ৰচেষ্টাত আগভাগ লৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।