জয় প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যক ভাৰতৰ ১০০ সংখ্যক ৰামছাৰ স্থানৰ স্বীকৃতিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 05th, 11:58 am
উত্তৰ প্ৰদেশৰ বালিয়াত থকা জয় প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যক (সুৰহা তাল) দেশৰ ১০০ সংখ্যক ৰামছাৰ স্থান হিচাপে ঘোষণা কৰাৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতে শততম ৰামছাৰ স্থান লাভ কৰাত অতি সন্তোষ প্ৰকাশ কৰে।বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
June 05th, 09:53 am
যোৱা দশকত গ্ৰহণ কৰা সেউজ আৱৰণ সম্প্ৰসাৰণ কৰা তথা কেইবাটাও প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰা কেইবাটাও চৰকাৰী পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই দিৱসে পৰিবেশ সুৰক্ষিত কৰা আৰু বহনক্ষম বিকাশৰ প্ৰতি দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে
May 31st, 11:30 am
মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।১৪এপ্ৰিলত উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 13th, 04:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৪ এপ্ৰিলত উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.১৫বজাত প্ৰধানমন্ত্ৰীয়ে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰৰ উত্তোলিত অংশৰ বন্যপ্ৰাণী কৰিড’ৰৰ পৰ্যালোচনা কৰিবলৈ উত্তৰ প্ৰদেশৰ চাহাৰাণপুৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৪০ বজাত প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ ওচৰৰ জয় মা দাত কালী মন্দিৰ দৰ্শন আৰু পূজা কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনত এক ৰাজহুৱা অনুষ্ঠানত দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰ উদ্বোধন কৰিব আৰু এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰিব।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 07th, 03:15 pm
মই যোৱা সপ্তাহত ৰাজস্থান ভ্ৰমণৰ সুযোগ পাইছিলো। আজমেৰৰ পবিত্ৰ ভূমিৰ পৰা আমি কেইবা হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিলো। সেই একেটা কাৰ্য্যসূচীতে ৰাজস্থানৰ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আৰু এতিয়া আজমেৰ ভ্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে আজি কোটাৰ এই গুৰুত্বপূৰ্ণ বিমানবন্দৰ প্ৰকল্পটো আৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছো। এসপ্তাহৰ ভিতৰতে ৰাজস্থানৰ এই দুই বৃহৎ উন্নয়ন কাৰ্য্যসূচীয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। এইসমূহে আজি ৰাজস্থান দ্ৰুতগতিত আগবাঢ়ি যোৱাটোকে প্ৰদৰ্শিত কৰিছে। আন্তঃগাঁথনিয়েই হওক, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগেই হওক, কৃষক-মহিলা সকলৰ বাবে আঁচনিয়েই হওক বা প্ৰতিটো খণ্ডৰ পদক্ষেপেই হওক- সমগ্ৰ ৰাজস্থানত কাম-কাজ অতি বেগেৰে সম্পন্ন হৈ আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপনেৰে হাডোটি অঞ্চলৰ ৰূপান্তৰৰ ওপৰত আলোকপাত কৰে
March 07th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্বোধন কৰি ইয়াক হাডোটি অঞ্চলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কাৰ্য্য বুলি অভিহিত কৰে। “ৰাজস্থান অভূতপূৰ্ব গতিৰে আগবাঢ়িছে, নতুন বিমানবন্দৰটো অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ অনুঘটক হিচাপে পৰিগণিত হ’ব”, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে বিশ্ব বন্যপ্ৰাণী দিৱসত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা দোহাৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে
March 03rd, 08:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্ব বন্যপ্ৰাণী দিৱস হৈছে আমাৰ গ্ৰহটোক সমৃদ্ধ কৰা আৰু আমাৰ পৰিৱেশতন্ত্ৰ অটুট ৰখা অবিশ্বাস্য জৈৱ বৈচিত্ৰ্যৰ উদযাপন। তেওঁ কয় যে এয়া বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা সকলোকে স্বীকৃতি দিয়াৰ লগতে সংৰক্ষণ, বহনক্ষম পদ্ধতি আৰু বাসস্থান সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ দিন, যাতে বন্যপ্ৰাণীসমূহ সুকলমে থাকে।১৭-১৮ জানুৱাৰীত অসম ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
January 16th, 02:51 pm
১৭ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় চিতা বাঘ দিৱস উপলক্ষে সকলো বন্যপ্ৰাণী প্ৰেমীক শুভেচ্ছা জনাইছে
December 04th, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় চিতা বাঘ দিৱস উপলক্ষে চিতা সুৰক্ষাৰ বাবে সমৰ্পিত সকলো বন্যপ্ৰাণী প্ৰেমী আৰু সংৰক্ষণবিদক শুভেচ্ছা জনাইছে। আমাৰ চৰকাৰে তিনি বছৰ পূৰ্বে এই প্ৰকাণ্ড প্ৰাণীটোক সুৰক্ষিতকৰণৰ লগতে ইয়াৰ শ্ৰীবৃদ্ধি ঘটা এটা বাতাবৰণ পুনৰুদ্ধাৰৰ লক্ষ্যৰে প্ৰজেক্ট চিতা আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও এয়া আছিল হেৰুৱা পৰিবেশগত ঐতিহ্যক পুনৰুজ্জীৱিতকৰণৰ লগতে আমাৰ জৈৱ বৈচিত্ৰ্যক সুদৃঢ়কৰণৰ অৰ্থে এটি প্ৰচেষ্টা, শ্ৰী মোদীয়ে কয়।জীৱ-জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত সদায় সকলোৰে আগত থাকিব: প্ৰধানমন্ত্ৰী
March 09th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত বন্যপ্ৰাণী বৈচিত্ৰ্য আৰু বন্যজীৱক উদযাপন কৰা সংস্কৃতিৰে আশীৰ্বাদপু্ষ্ট। আমি সদায় জীৱ-জন্তুৰ সুৰক্ষা আৰু এক বহনক্ষম গ্ৰহৰ প্ৰতি অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সকলোৰে আগত থাকিম, শ্ৰী মোদীয়ে লগতে কয়।বনতাৰাত প্ৰধানমন্ত্ৰী মোদীৰ দিনঃ আশাৰে বন্যপ্ৰাণীৰ শুশ্ৰূষা
March 05th, 03:15 pm
২০২৫ চনৰ ৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ জামনগৰত অৱস্থিত যুগান্তকাৰী বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন কৰে। ৰিলায়েন্স জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ ভিতৰত ৩৫০০ একৰতকৈও অধিক মাটিত বিস্তৃত বনতাৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ পৰিসৰ, যিয়ে ২০০০ৰো অধিক প্ৰজাতিৰ পৰা ১.৫ লাখৰো অধিক উদ্ধাৰ কৰা, বিপন্ন আৰু বিলুপ্তপ্ৰায় জীৱ-জন্তুক আশ্ৰয় প্ৰদান কৰা হৈছে। বনতাৰা কেৱল আশ্ৰয় শিবিৰ নহয়, পশু কল্যাণ আৰু পৰিৱেশ বহনক্ষমতাৰ প্ৰতি ভাৰতৰ বিকাশশীল তথা নৈতিক দায়বদ্ধতাৰ প্ৰমাণ।গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ'ব পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন
March 04th, 04:05 pm
ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগে আয়োজন কৰা পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণ অনুষ্ঠান কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে অংশ গ্ৰহণ কৰিব। সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ শ্ৰী দিলীপ শইকীয়া আৰু শ্ৰীমতী বিজুলী কলিতা মেধি।বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দেশবাসীৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
March 03rd, 07:14 pm
আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বৈচিত্ৰময় বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। MyGovIndia ৰ এটা এক্স পোষ্টৰ উত্তৰত তেওঁ লিখিছে -প্ৰধানমন্ত্ৰীয়ে ৩ মাৰ্চত গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত পৌৰহিত্য কৰে
March 03rd, 04:48 pm
আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনেৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰে।যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী
March 03rd, 12:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো।PM Modi calls to protect and preserve the biodiversity on the occasion of World Wildlife Day
March 03rd, 08:37 am
The Prime Minister Shri Narendra Modi reiterated the commitment to protect and preserve the incredible biopersity of our planet today on the occasion of World Wildlife Day.ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 09th, 11:00 am
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 09th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।Prime Minister receives Parimal Nathwani’s book on Gir and Asiatic lions
July 31st, 08:10 pm
The Prime Minister, Shri Narendra Modi received “Call of the Gir” a coffee table book on Gir and Asiatic lions by Rajya Sabha Member, Parimal Nathwani.ভাৰতত নাহৰফুটুকী বাঘৰ বৰ্ধিত সংখ্যাক লৈ প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে
February 29th, 09:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত নাহৰফুটুকী বাঘৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে নাহৰফুটুকী বাঘৰ সংখ্যাৰ এই উল্লেখযোগ্য বৃদ্ধি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাৰতৰ অটল সমৰ্পণৰ প্ৰমাণ।