Cabinet approves extension and restructuring of Jal Jeevan Mission

March 10th, 04:12 pm

The Union Cabinet chaired by PM Modi has approved the Ministry of Jal Shakti’s proposal to restructure and reorient the implementation of the Jal Jeevan Mission. JJM 2.0 fosters the vision of Viksit Bharat @2047 with assured 24×7 rural drinking water supply by shifting from infrastructure-centric approach to a citizen-centric utility-based service delivery approach through Structural Reforms.

কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

January 28th, 02:39 pm

​আজিৰ এই মৰ্য্যাদাপূৰ্ণ অনুষ্ঠানত আপোনালোক সকলোৰে সৈতে মিলিত হোৱাটো মোৰ বাবে এক আনন্দৰ উপলক্ষ। আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। ১২৫ বছৰৰ যাত্ৰাত এই প্ৰতিষ্ঠানে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। আজি এই উপলক্ষে মই আৰ্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানক স্মৰণ কৰিছো। আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাই আজিও আমাক অনুপ্ৰাণিত কৰে।

কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 28th, 02:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সকলোৰে সৈতে সংযোগ স্থাপন কৰাটো তেওঁৰ বাবে আনন্দৰ বিষয়। তেওঁ উল্লেখ কৰে যে আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰ ১২৫ বছৰীয়া যাত্ৰাত প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ আর্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানৰ কথা স্মৰণ কৰি গুৰুত্ব আৰোপ কৰি কয় যে আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ মনোভাৱে অনুপ্ৰেৰণা যোগাই আহিছে।

২০৩০ চনৰ দিশত: ভাৰত-ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী

January 27th, 06:48 pm

২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন’ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় সংঘৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচীৰ লক্ষ্য হৈছে ইউৰোপীয় সংঘ-ভাৰতৰ সহযোগিতাক বিস্তৃত, গভীৰ আৰু উন্নত সমন্বয়ৰ দ্বাৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলা যাতে উভয় অংশীদাৰৰ লগতে সামগ্ৰিক বিশ্বৰ বাবে পাৰস্পৰিকভাৱে লাভজনক, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফল প্ৰদান কৰিব পৰা হয়।

পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

December 18th, 04:21 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰ ২০২৫ তাৰিখে বিয়লি ৪:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ইথিঅ'পিয়াৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

December 17th, 12:25 pm

আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্যৰ মুহূৰ্ত। এইদৰে সিংহৰ দেশ ইথিঅ’পিয়া ভ্ৰমণ কৰাটো আচৰিত কথা। মোৰ ঘৰত থকা যেনেই লাগিছে। কাৰণ ভাৰতৰ মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বিচৰণভূমি।

ইথিঅ’পিয়াত সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ

December 17th, 12:12 pm

প্ৰধানমন্ত্ৰীয়ে ইথিঅ’পিয়াৰ সাংসদসকলক ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বন্ধুত্ব আৰু সদিচ্ছাৰ শুভেচ্ছা জনাই তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে সংসদত আৰু গণতন্ত্ৰৰ এই মন্দিৰৰ জৰিয়তে ইথিঅ’পিয়াৰ সাধাৰণ মানুহ-কৃষক, উদ্যোগী, গৌৰৱান্বিত মহিলা আৰু দেশৰ ভৱিষ্যত গঠন কৰা যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিবলৈ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্য। তেওঁ ইথিঅ’পিয়াৰ জনসাধাৰণ আৰু চৰকাৰক তেওঁক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা-‘গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া’ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সম্পৰ্কৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে যে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বহু বছৰ পুৰণি সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে।

সংসদৰ ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 21st, 10:30 am

বৰ্ষাকাল হৈছে সতেজতা আৰু সৃষ্টিৰ প্ৰতীক। এতিয়ালৈকে পোৱা খবৰ অনুসৰি, সমগ্ৰ দেশতে বতৰ অনুকূলভাৱে আগবাঢ়িছে, কৃষিৰ বাবে উপযোগী বতৰৰ বাতৰিও পোৱা গৈছে । বৰষুণে কেৱল আমাৰ কৃষকসকলৰ অৰ্থনীতিতে নহয়, দেশৰ অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি আৰু প্ৰতিটো পৰিয়ালৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই লাভ কৰা তথ্য অনুসৰি, যোৱা দহ বছৰৰ তুলনাত এই বছৰ পানীৰ সংৰক্ষণ প্ৰায় তিনিগুণ অধিক হৈছে, যাৰ ফলত অনাগত দিনবোৰত দেশৰ অৰ্থনীতি যথেষ্ট লাভান্বিত হ’ব।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

July 21st, 09:54 am

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত তেওঁ ভয়াবহ পেহেলগাম হত্যাকাণ্ডৰ কথা স্পৰ্শ কৰি পাকিস্তানৰ ভূমিকা উদঙাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ ঐক্যবদ্ধ কণ্ঠক প্ৰশংসা কৰে। ডিজিটেল ইণ্ডিয়া বিশেষকৈ ইউপিআইৰ বিশ্বজোৰা স্বীকৃতিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ নক্সালবাদ আৰু মাওবাদৰ অৱনতি ঘটিছে বুলি দৃঢ়তাৰে কয় আৰু অপাৰেচন সিন্দূৰৰ সফলতাকো প্ৰশংসা কৰে।

ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ

July 07th, 06:00 am

আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।

২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 29th, 11:30 am

নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 25th, 11:30 am

নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।

While building a healthy planet, let us ensure that no one is left behind: PM Modi at World Health Assembly

May 20th, 04:42 pm

PM Modi addressed the 78th World Health Assembly, aligning India’s vision with One World for Health. He showcased India’s scalable health models like Ayushman Bharat, tech-driven solutions, and affordable access initiatives. Encouraging inclusion, collaboration and holistic well-being, he called for united global action to ensure no one is left behind.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেনেভাত বিশ্ব স্বাস্থ্য সন্মিলনৰ ৭৮ সংখ্যক অধিৱেশন সম্বোধন কৰে

May 20th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেনেভাত বিশ্ব স্বাস্থ্য সন্মিলনৰ ৭৮ সংখ্যক অধিৱেশনত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে। সমাৱেশত সম্বোধন কৰি তেওঁ এই বছৰৰ মূল বিষয় 'স্বাস্থ্যৰ বাবে এখন বিশ্ব'ৰ ওপৰত আলোকপাত কৰি অংশগ্ৰহণকাৰীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু বিশ্ব স্বাস্থ্যৰ সৈতে ভাৰতৰ দৃষ্টিভংগীৰ সংগতি থকা বুলি গুৰুত্ব আৰোপ কৰে। ২০২৩ চনৰ বিশ্ব স্বাস্থ্য সমাবেশত তেওঁ দিয়া ভাষণৰ কথা মনত পেলাই তেওঁ ‘এখন পৃথিৱী, এটা স্বাস্থ্য’ৰ বিষয়ে কয়। তেওঁ মন্তব্য কৰে যে অন্তৰ্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত এখন সুস্থ পৃথিৱীৰ ভৱিষ্যত নিৰ্ভৰশীল।

২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 11:30 am

মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 04th, 07:00 pm

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 04th, 06:55 pm

লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।

চিকিৎসক, খেলুৱৈ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলে মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক সমৰ্থন কৰিছে

January 31st, 06:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। এই আহ্বানে চিকিৎসক, খেলুৱৈৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছে।

দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 05th, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ মূল লক্ষ্য হৈছে আঞ্চলিক সংযোগ উন্নত কৰা আৰু মসৃণ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে নমো ভাৰত ৰে’লত চাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ যাত্ৰা কৰে।

‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

November 16th, 10:15 am

১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল... তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে... তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক'ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।