ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ৰ ১২৫ সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচীত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 21st, 11:04 pm

মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগু ভাই পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, সিন্ধিয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু মন্ত্ৰীসভাত মোৰ সহযোগীসকল শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীযুত নৰেন্দ্ৰ সিং টোমৰ, ডাঃ জিতেন্দ্ৰ সিং, বিদ্যালয় পৰিচালনাৰ সহকৰ্মী আৰু সকলো কৰ্মচাৰী, শিক্ষক আৰু অভিভাৱকসকল আৰু মোৰ প্ৰিয় যুৱ বন্ধুসকল!

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ দ্য সিন্ধিয়া স্কুলৰ ১২৫সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ

October 21st, 05:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত ভাষণ আগবঢ়ায়। কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে বিদ্যালয়খনত ‘বহুমূখী ক্ৰীড়া চৌহদ’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিশিষ্ট প্রাক্তন ছাত্র-ছাত্রী আৰু কৃতিত্বতে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিদ্যালয়খনৰ বার্ষিক বঁটা প্রদান কৰে৷ ১৮৯৭ চনত প্ৰতিষ্ঠা হোৱা সিন্ধিয়া বিদ্যালয়খন ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত অৱস্থিত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰে।

সমগ্ৰ দেশতে মোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে হোৱাটছএপ মোৰ বাবে আন এক শক্তিশালী মাধ্যম হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী

October 09th, 06:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হোৱাটছএপ মোৰ বাবে সমগ্ৰ দেশতে মোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে আন এক শক্তিশালী মাধ্যম হৈ পৰিছে।