ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 07th, 03:15 pm
মই যোৱা সপ্তাহত ৰাজস্থান ভ্ৰমণৰ সুযোগ পাইছিলো। আজমেৰৰ পবিত্ৰ ভূমিৰ পৰা আমি কেইবা হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিলো। সেই একেটা কাৰ্য্যসূচীতে ৰাজস্থানৰ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আৰু এতিয়া আজমেৰ ভ্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে আজি কোটাৰ এই গুৰুত্বপূৰ্ণ বিমানবন্দৰ প্ৰকল্পটো আৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছো। এসপ্তাহৰ ভিতৰতে ৰাজস্থানৰ এই দুই বৃহৎ উন্নয়ন কাৰ্য্যসূচীয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। এইসমূহে আজি ৰাজস্থান দ্ৰুতগতিত আগবাঢ়ি যোৱাটোকে প্ৰদৰ্শিত কৰিছে। আন্তঃগাঁথনিয়েই হওক, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগেই হওক, কৃষক-মহিলা সকলৰ বাবে আঁচনিয়েই হওক বা প্ৰতিটো খণ্ডৰ পদক্ষেপেই হওক- সমগ্ৰ ৰাজস্থানত কাম-কাজ অতি বেগেৰে সম্পন্ন হৈ আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপনেৰে হাডোটি অঞ্চলৰ ৰূপান্তৰৰ ওপৰত আলোকপাত কৰে
March 07th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্বোধন কৰি ইয়াক হাডোটি অঞ্চলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কাৰ্য্য বুলি অভিহিত কৰে। “ৰাজস্থান অভূতপূৰ্ব গতিৰে আগবাঢ়িছে, নতুন বিমানবন্দৰটো অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ অনুঘটক হিচাপে পৰিগণিত হ’ব”, শ্ৰী মোদীয়ে কয়।নতুন দিল্লীত সংসদৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত ফ্লেটৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
August 11th, 11:00 am
অনুষ্ঠানত উপস্থিত শ্ৰী ওম বিৰলা মহাশয়, মনোহৰ লাল মহাশয়, কিৰেন ৰিজিজু মহাশয়, মহেশ শৰ্মা মহাশয়, সংসদৰ সন্মানীয় সদস্যসকল, লোকসভাৰ মহাসচিব তথা ভদ্ৰ লোক আৰু ভদ্ৰ মহিলাসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীত সংসদ ভৱনৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত ফ্লেট উদ্বোধন
August 11th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বাবা খড়ক সিং মাৰ্গত সংসদৰ সদস্যসকলৰ বাবে ১৮৪টা নৱনিৰ্মিত টাইপ-সেভেন কেইবা মহলীয়া ফ্লেট উদ্বোধন কৰে। এই উপলক্ষে সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ তেওঁ কৰ্তব্য পথত কৰ্তব্য ভৱন নামেৰে জনাজাত সাধাৰণ কেন্দ্ৰীয় সচিবালয় উদ্বোধন কৰাৰ পাছত আজি তেওঁ সংসদৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত আৱাসিক কমপ্লেক্স উদ্বোধন কৰাৰ সুযোগ লাভ কৰে। তেওঁ ভাৰতৰ চাৰিখন মহান নদী-কৃষ্ণা, গোদাবৰী, কোচি আৰু হুগলীৰ নামেৰে নামকৰণ কৰা চৌহদটোৰ চাৰিটা স্তম্ভৰ বিষয়ে উল্লেখ কৰি কয় যে লাখ লাখ লোকক জীৱন দিয়া এই নদীসমূহে এতিয়া জনপ্ৰতিনিধিসকলৰ জীৱনত এক নতুন আনন্দৰ ধাৰা অনুপ্ৰাণিত কৰিব। তেওঁ লগতে কয় যে নদীসমূহৰ নামকৰণৰ পৰম্পৰাই দেশক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। শ্ৰী মোদীয়ে কয় যে নতুন ভৱনটোৱে দিল্লীত সাংসদসকলৰ জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰিব। তেওঁ উল্লেখ কৰে যে দিল্লীত সাংসদসকলৰ বাবে চৰকাৰী আৱাসৰ উপলব্ধতা এতিয়া বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে সংসদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিষ্ঠা আৰু পৰিশ্ৰমেৰে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে অভিযন্তা আৰু শ্ৰমজীৱিসকলক অভিনন্দন জ্ঞাপন কৰে।While the BJP is committed to the empowerment of women, Congress has repeatedly been involved in scandals: PM in Nanded
November 09th, 12:41 pm
In his rally in Nanded, Maharashtra, PM Modi highlighted the BJP's initiatives for women, including housing, sanitation, and economic empowerment through schemes like 'Drone Didis' to make women 'Lakhpati Didis.' He criticized Congress for disrespecting Baba Saheb Ambedkar’s Constitution and attempting to pide communities for political gain. PM Modi emphasized that a developed, united, and secure Maharashtra is key to a Viksit Bharat and urged voters to support the vision for the state's progress.PM Modi addresses massive gatherings in Akola & Nanded, Maharashtra
November 09th, 12:00 pm
PM Modi addressed large public gatherings in Akola & Nanded, Maharashtra, expressing deep gratitude for the people’s steadfast support over the past decade. He opened by highlighting the ambitious infrastructure initiatives launched by his government, including the Vadhavan Port, a nearly 80,000-crore project initiated within the first five months of his government’s third term at Centre and stated that respect, safety, and women’s empowerment have always been priorities for the BJP government.কাশীত কাশী তেলেগু সংগমমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 29th, 07:46 pm
আপোনালোক সকলোকে গংগা-পুষ্কৰালু উৎসৱৰ আন্তৰিক শুভাকামনা জ্ঞাপন কৰিছো৷ আপোনালোক কাশীলৈ আহিছে, সেইবাবে আপোনালোক ব্যক্তিগতভাৱে মোৰ অতিথিও আৰু আমাৰ ইয়াৰ কোৱা হয় যে অতিথি দেৱতাৰ সমান৷ মই কৰ্তব্যৰ খাতিৰত আপোনালোকক আদৰণি জনাবলৈ কাশীলৈ যাব পৰা নাই যদিও মোৰ মনটো আপোনালোকৰ মাজতে থকাৰ দৰে অনুভৱ হৈছে৷ মই এই অনুষ্ঠান আয়োজনৰ বাবে কাশী-তেলেগু সমিতি আৰু সংসদৰ মোৰ সতীৰ্থ বি এল নৰসিংহ ৰাও জীক অভিনন্দন জনাইছো৷ কাশীৰ ঘাটত এই গংগা-পুষ্কৰালু উৎসৱ, গংগা আৰু গোদাবৰীৰ সংগমৰ দৰে৷ এয়া ভাৰতৰ প্ৰাচীন সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ সংগমৰ উৎসৱ৷ আপোনালোকৰ নিশ্চয় মনত আছে, কেইমাহমান পূৰ্বে এই কাশী ভূমিত কাশী-তামিল সংগমম অনুষ্ঠিত কৰা হৈছিল৷ কেইদিনমান পূৰ্বে মই সৌৰাষ্ট-তামিল সংগমমত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ তেতিয়া মই কৈছিলো, আজাদীৰ এই অমৃতকাল দেশৰ বৈচিত্ৰতা, বিভিন্ন ধাৰাৰ সংগমকাল৷ বৈচিত্ৰতাৰ এই সংগমৰ জৰিয়তে ৰাষ্ট্ৰীয়তা অমৃত ওলাইছে, যি ভাৰতক অনন্ত ভৱিষ্যতলৈকে শক্তিশালী কৰি ৰাখিব৷উত্তৰ প্ৰদেশৰ কাশীত গংগা পুষ্কাৰালু উৎসৱত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 29th, 07:45 pm
প্ৰধানমন্ত্ৰীয়ে গংগা পুষ্কৰলু উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি ভাষণ আৰম্ভ কৰে আৰু সকলোকে উষ্ম আদৰণি জনায়। তেওঁ কয় যে ইয়াত উপস্থিত থকা সকলো লোক তেওঁৰ ব্যক্তিগত অতিথি আৰু ভাৰতীয় সংস্কৃতিত অতিথিজনক ঈশ্বৰৰ মৰ্যাদা দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যদিও মই আপোনালোকক আদৰণি জনোৱাৰ বাবে তাত উপস্থিত থাকিব নোৱাৰিলো, তথাপিও মোৰ মন আপোনালোক সকলোৰে সৈতে আছে। তেওঁ কাশী-তেলেগু সমিতি আৰু সাংসদ শ্ৰী জিভিএল নৰসিংহ ৰাওক এই অনুষ্ঠানৰ আয়োজনকৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কাশীৰ ঘাটত অনুষ্ঠিত গংগা-পুষ্কৰলু উৎসৱ গংগা আৰু গোদাৱৰীৰ সঙ্গমৰ দৰে। তেওঁ লগতে কয় যে ই ভাৰতৰ প্ৰাচীন সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ সংগমৰ উৎসৱ। তেওঁ কেইমাহমান আগতে ইয়াত অনুষ্ঠিত কাশী-তামিল সঙ্গমৰ কথা স্মৰণ কৰে। তেওঁ সৌৰাষ্ট্ৰ-তামিল সঙ্গমত তেওঁৰ শেহতীয়া অংশগ্ৰহণৰ কথাও উল্লেখ কৰে, য'ত তেওঁ স্বাধীনতাৰ অমৃত কালক ভাৰতৰ বৈচিত্ৰ্য আৰু সংস্কৃতিৰ সংগম হিচাপে দেখিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, বৈচিত্ৰ্যৰ এই সঙ্গমে জাতীয়তাবাদৰ অমৃত সৃষ্টি কৰিছে, যি ভৱিষ্যতে ভাৰতৰ বাবে সম্পূৰ্ণ শক্তি নিশ্চিত কৰিব।বাৰাণসীত কাশী তামিল সংগমৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 19th, 07:00 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানজী, শ্ৰী এল মুৰুগানজী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পান ৰাধাকৃষ্ণন জী, বিশ্ব বিখ্যাত সংগীতজ্ঞ তথা ৰাজ্যসভাৰ সদস্য ইলাইৰাজাজী, বিএইচইউৰ উপাচাৰ্য সুধীৰ জৈন, আইআইটি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক কামকোট্টি জী, তামিলনাডুৰ পৰা মোৰ কাশীলৈ অহা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ সকলো সন্মানীয় অতিথি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী তামিল সংগমম’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
November 19th, 02:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত মাহজোৰা ‘কাশী তামিল সংগমম’ কাৰ্যসূচী উদ্বোধন কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে দেশৰ দুখন গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষণ আসন তামিলনাডু আৰু কাশীৰ মাজৰ যুগ যুগ ধৰি চলি অহা সংযোগক উদযাপন, পুনৰ দৃঢ়তাপূৰ্ণ কৰি তোলা আৰু নতুনকৈ আৱিষ্কাৰ কৰা। এই উপলক্ষে তামিলনাডুৰ ২৫০০ৰো অধিক প্ৰতিনিধিয়ে কাশী ভ্ৰমণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৩টা ভাষালৈ অনুবাদ কৰা ‘তিৰুক্কুৰাল’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে। তেওঁ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আৰতিও প্ৰত্যক্ষ কৰে৷PM announces ex-gratia from PMNRF for the victims of bus accident in Andhra Pradesh
December 15th, 10:27 pm
The Prime Minister, Shri Narendra Modi has announced an ex-gratia from the Prime Minister's National Relief Fund (PMNRF) for the victims of a bus accident in West Godavari, Andhra Pradesh.অন্ধ্রপ্রদেশত বাছ দুর্ঘটনাৰ ফলত প্রাণহানিৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ
December 15th, 07:16 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অন্ধ্রপ্রদেশৰ পশ্চিম গোদাবৰীত বাছ দুর্ঘটনাৰ ফলত প্রাণহানিৰ ঘটনাযত গভীৰ শোক প্রকাশ কৰিছে ।