“পৰীক্ষা পে চৰ্চা ২০২৬” অনুষ্ঠানৰ দ্বিতীয় খণ্ডত ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ

February 09th, 10:30 am

মোৰ মৰমৰ বন্ধুসকল, পৰীক্ষ পে চৰ্চাৰ এই গুৰুত্বপূৰ্ণ সংস্কৰণলৈ স্বাগতম জনাইছো। এইবাৰ অলপ বেলেগ, অলপ বিশেষ। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰামৰ্শ দিছিল যে দেশৰ বিভিন্ন প্ৰান্ততো পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰিব লাগে। গতিকে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি এই আলোচনা কৰিবলৈ লৈছো। এই বিশেষ খণ্ডটোত তোমালোকে ঠিক সেয়াই দেখিবা।আৰম্ভ কৰোঁ তামিলনাডুৰ কইম্বাটুৰৰ পৰা।তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি আৰু কৌতূহলে মোক বহুত আপ্লুত কৰিলে। এবাৰ চাওঁ আহা৷

পৰীক্ষা পে চৰ্চা ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 09th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা (পি পি চি) ২০২৬ৰ নৱম সংস্কৰণৰ অংশ হিচাপে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে পি পি চি ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ পৰীক্ষা যোদ্ধাসকলৰ সৈতে এক অনানুষ্ঠানিক মত বিনিময় কৰিছিল। ‘পৰীক্ষা পে চৰ্চা’ৰ বিশেষ সংস্কৰণলৈ শিক্ষাৰ্থীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ কাৰ্যসূচীটো দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল। কোইম্বাট’ৰৰ সংস্কৰণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তামিলনাডুৰ শিক্ষাৰ্থীসকলৰ শক্তি আৰু কৌতূহলে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁলোকক ‘ৱনক্কম’ বুলি অভিবাদন জনাই তেওঁ সাধাৰণ বাৰ্তালাপত মিলিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰি কয় যে তেওঁক দেখা পোৱাৰ লগে লগে তেওঁলোকে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। এক নাটকীয় প্ৰৱেশৰ আশা কৰিছিল কিন্তু তেওঁক সৰল, নম্র আৰু মাটিৰ ওপৰত থকা যেন অনুভৱ কৰিছিল। এজন শিক্ষাৰ্থীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে তেওঁৰ আগমনত গাৰ নোম শিয়ৰি উঠিছিল।

'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী

November 30th, 11:30 am

চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

November 09th, 01:00 pm

৯ নৱেম্বৰৰ এই দিনটো হৈছে দীঘলীয়া তপস্যাৰ ফল। আজি আমাৰ সকলোৰে বাবে এক গৌৰৱৰ দিন। উত্তৰাখণ্ডৰ ধৰ্মীয় লোকসকলে বছৰ বছৰ ধৰি দেখা সপোন অটলজীৰ চৰকাৰৰ অধীনত ২৫ বছৰ পূৰ্বে পূৰণ হৈছিল আৰু এতিয়া যোৱা ২৫ বছৰৰ যাত্ৰাৰ পাছত, এই সুন্দৰ ৰাজ্যখন নিৰ্মাণৰ বাবে সংগ্ৰাম কৰা প্ৰতিজন ব্যক্তিয়েই আজি উত্তৰাখণ্ড যি উচ্চতাত আছে সেয়া দেখি সুখী হোৱাটো স্বাভাৱিক। যিসকলে পৰ্বতমালাক ভাল পায়, যিসকলে উত্তৰাখণ্ডৰ সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, দেৱভূমিৰ লোকসকলক ভাল পায়, তেওঁলোকৰ মন আজি সুখী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে

November 09th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৮১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে দেৱভূমি উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে তেওঁৰ আন্তৰিক অভিবাদন, সন্মান আৰু সেৱা প্ৰদান কৰে।

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 25th, 11:30 am

নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।

উত্তৰাখণ্ডৰ হাৰ্চিলত শীতকালীন পৰ্যটন কাৰ্যসূচীক সম্বোধন কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 06th, 02:07 pm

কৰ্মঠ মুখ্যমন্ত্ৰী, মোৰ কনিষ্ঠ ভাই পুষ্কৰ সিং ধামী জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় ​​তামতা জী, ৰাজ্যিক মন্ত্ৰী সতপাল মহাৰাজ জী, মোৰ সতীৰ্থ সংসদ সদস্য তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভাট জী, সংসদত মোৰ সহযোগী মালাৰাজ্য লক্ষ্মী জী, বিধায়ক সুৰেশ চৌহান জী, লগতে উপস্থিত সকলো বিশিষ্ট ব্যক্তি, অতিথি আৰু মোৰ ভাই-ভনীসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।।

উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 06th, 11:17 am

উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰেক আৰু বাইক ৰেলীৰ ফ্লেগ অফ কৰে। লগতে মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত পূজা অৰ্চনা কৰাৰ লগতে দৰ্শন কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ মানা গাঁৱৰ এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে এই সংকটৰ সময়ত দেশৰ জনসাধাৰণে সংহতিৰে থিয় দিছে, যিয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অপৰিসীম শক্তি প্ৰদান কৰিছে।

এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

March 01st, 11:00 am

আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 01st, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 09th, 11:00 am

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।

ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 09th, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

Congress’s philosophy is ‘Loot, Zindagi ke Saath bhi, Zindagi ke Baad bhi: PM Modi in Goa

April 27th, 08:01 pm

Ahead of the Lok Sabha elections in 2024, PM Modi addressed a powerful rally amid a gigantic crowd greeting him in South Goa. He said that owing to the two phases of voting, the ground-level feedback resonates with only one belief, ‘Fir ek Baar Modi Sarkar.’

PM Modi attends public meeting in South Goa

April 27th, 08:00 pm

Ahead of the Lok Sabha elections in 2024, PM Modi addressed a powerful rally amid a gigantic crowd greeting him in South Goa. He said that owing to the two phases of voting, the ground-level feedback resonates with only one belief, ‘Fir ek Baar Modi Sarkar.’

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ‘বিকশিত ভাৰত, বিকশিত জম্মু-কাশ্মীৰ’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 07th, 12:20 pm

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী ড০ জিতেন্দ্ৰ সিংজী, সংসদত মোৰ সহকৰ্মীসকল, এই মাটিৰ পুত্ৰ গোলাম আলীজী আৰু জম্মু-কাশ্মীৰৰ মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বিকশিত ভাৰত বিকশিত জম্মু-কাশ্মীৰ কাৰ্যসূচী সম্বোধন কৰে

March 07th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বিকশিত ভাৰত বিকশিত জম্মু-কাশ্মীৰ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ প্ৰায় ৫০ কোটি টকা ব্যয়সাপেক্ষ সামগ্ৰিক কৃষি উন্নয়ন কাৰ্যসূচী ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে আৰু স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ অধীনত ১,৪০০ কোটি টকাৰ অধিক মূল্যৰ পৰ্যটন খণ্ডৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত শ্ৰীনগৰৰ 'হজৰতবল দৰগাহৰ সংহত উন্নয়ন' প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীয়ে 'দেখো আপনা দেশ পিপলচ চইচ টুৰিষ্ট ডেষ্টিনেচন পোল' আৰু 'চলো ইণ্ডিয়া গ্লোবেল প্ৰবাসী অভিযান'ৰো শুভাৰম্ভ কৰে। তেওঁ লগতে প্ৰত্যাহ্বান আধাৰিত গন্তব্য উন্নয়ন (চিবিডিডি) আঁচনিৰ অধীনত নিৰ্বাচিত পৰ্যটন থলীসমূহৰ বিষয়েও ঘোষণা কৰে। অনুষ্ঠানত জম্মু-কাশ্মীৰৰ প্ৰায় ১,০০০ নতুন চৰকাৰী নিযুক্তিৰ বাবে নিযুক্তিপত্ৰসমূহো বিতৰণ কৰা হয়। শ্ৰী মোদীয়ে লগতে সফল মহিলা, লাখপতি দিদি, কৃষক, উদ্যোগী আদিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব।

Khodaldham Trust has always pioneered Jan-Seva: PM Modi

January 21st, 12:00 pm

PM Modi addressed the foundation stone laying ceremony of Shri Khodaldham Trust-Cancer Hospital. He added how the Khodaldham Trust has always pioneered Jan-Seva. He remarked that cancer has been a critical disease and the over the last 9 years over 30 cancer hospitals have been developed and 10 more hospitals are in the works.

ভিডিঅ' বাৰ্তাৰ জৰিয়তে শ্ৰী খোদালধাম ট্ৰাষ্ট-কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

January 21st, 11:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী খোদালধাম ট্ৰাষ্ট-কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়৷