
ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 10:45 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে
January 14th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে ১৪ জানুৱাৰীত ভাৰতৰবতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব
January 13th, 11:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জানুৱাৰীৰপুৱা প্ৰায় ১০:৩০ বজাতনতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যকপ্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ অনুষ্ঠানত সমবেত লোকসকলৰ আগতভাষণ দিব।জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 26th, 09:30 am
লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে
July 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 14th, 10:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক অভিনন্দন জনাইছে।