৫১সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
May 27th, 10:01 pm
বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৯খন ৰাজ্য সামৰি সমগ্ৰ ৰে’লৱে, শক্তি আৰু পথ খণ্ডৰ সাতটা জটিল আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। অৰ্থনৈতিক বিকাশ আৰু জনকল্যাণৰ বাবে গুৰুত্বপূৰ্ণ এই প্ৰকল্পসমূহ সময়সীমা, আন্তঃসংস্থা সমন্বয় আৰু সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰ্যালোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন-বেটৱা লিংক প্ৰকল্প আৰু স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০ৰো পৰ্যালোচনা কৰে।জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত কাঠামো
April 20th, 10:51 pm
২০২৬ চনৰ ২০ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।The teacher recruitment scam has destroyed thousands of families’ dreams: PM Modi in Birbhum, West Bengal
April 09th, 11:45 am
PM Modi launched a sharp attack on the TMC in his address at a massive public meeting in Birbhum, West Bengal. He alleged large-scale irregularities in welfare schemes and called for a decisive mandate for change in the upcoming Assembly elections. He urged people to press the lotus button at every booth and ensure a government that delivers development, dignity and security.The pot of TMC’s sins is now full: PM Modi in Asansol, West Bengal
April 09th, 11:40 am
PM Modi addressed a massive public meeting in Asansol, West Bengal, where he raised concerns over women’s safety, governance and illegal infiltration. Calling for a decisive mandate in the upcoming Assembly elections, he sharply criticised the ruling dispensation, alleging a politics of fear. The PM asserted that if there is one party committed to ensuring women’s rights, it is the BJP.TMC has created a system of “cut money” and commissions: PM Modi in Haldia, West Bengal
April 09th, 11:35 am
Prime Minister Narendra Modi delivered a high-energy address in Haldia, galvanising BJP supporters and setting the tone for the upcoming West Bengal Assembly elections. Addressing a massive gathering, PM Modi invoked the spirit of past political transformation and projected a similar wave sweeping across the state.PM Modi’s Haldia, Asansol & Birbhum rallies build massive momentum ahead of West Bengal polls
April 09th, 11:30 am
Prime Minister Narendra Modi delivered a high-energy address in Haldia, galvanising BJP supporters and setting the tone for the upcoming West Bengal Assembly elections. Addressing a massive gathering, PM Modi invoked the spirit of past political transformation and projected a similar wave sweeping across the state.উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
March 28th, 12:15 pm
উদ্বোধন হৈ গ'ল নেকি? উদ্বোধন হৈ গ'ল নেকি? নাই, এতিয়ালৈকে আধা কামহে কৰা হৈছে। মই কেৱল পৰ্দাখন উন্মোচন কৰিছো; কিন্তু মই বিচাৰিছো যে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰক। গতিকে প্ৰত্যেকই মোবাইল ফোন উলিয়াই, টৰ্চ অন কৰক আৰু আপোনালোকেই উদ্বোধন কৰক। আপোনালোকৰ মোবাইল ফোনৰ লাইট জ্বলাৰ লগে লগেই —আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰিলে। এয়া আপোনালোকৰ সম্পদ; এয়া আপোনালোকৰ ভৱিষ্যত; এয়া আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ ফল। ঠিক সেইবাবেই ইয়াৰ উদ্বোধনী আপোনালোকৰ হাতেৰেই কৰা হৈছে। হাত দুখন ওপৰলৈ তুলি কওক, ভাৰত মাতা কী জয় । আপোনালোকৰ টৰ্চবোৰ সকলোকে দেখাকৈ উজ্জ্বলভাৱে জিলিকিবলৈ দিয়ক! ভাৰত মাতা কী জয় !ভাৰত মাতা কী জয় ! ভাৰত মাতা কী জয় ! আপোনালোকক অশেষ ধন্যবাদ। এতিয়া—উদ্বোধন সম্পূর্ণ হ'ল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে
March 28th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে, এই সুন্দৰ বিমানবন্দৰটিৰ নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।পশ্চিম বংগৰ কলকাতাত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 14th, 02:15 pm
ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শান্তনু ঠাকুৰ জী, সুকান্ত মজুমদাৰ জী, পশ্চিম বংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, মোৰ সতীৰ্থ সংসদ সদস্য শমিক ভট্টাচাৰ্য জী, অন্যান্য জনপ্ৰতিনিধি, ভদ্ৰলোক-ভদ্ৰ মহিলাসকল,পশ্চিমবংগৰ কলকাতাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে
March 14th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ কলকাতাত ১৮ হাজাৰ কোটিতকৈ অধিক টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, আজি কলকাতাৰ ভূমিৰ পৰা পশ্চিম বংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে।প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অনুষ্ঠানত পথ, ৰে’লৱে, আৰু বন্দৰৰ আন্তঃগাঁথনিৰ সৈতে জড়িত ১৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা হৈছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগ আৰু পূব ভাৰতক নতুন গতি প্ৰদান কৰিব, বাণিজ্য আৰু উদ্যোগক উন্নীত কৰিব, আৰু লাখ লাখ লোকক নতুন সুযোগ প্ৰদান কৰি তেওঁলোকৰ জীৱন সহজ কৰি তুলিব। কিছুমান মূল প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খড়গপুৰ–মৰেগ্ৰাম এক্সপ্ৰেছৱে’ৰ কাম সম্পূৰ্ণ হ’লে পশ্চিম বংগৰ বহু ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব। তেওঁ দুবৰাজপুৰ বাইপাছ আৰু কংসাবতী আৰু শিলাবটি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰধান দলংসমূহৰ কথাও উল্লেখ কৰে, যাৰ ফলত সংযোগ আৰু অধিক উন্নত হ’ব। শ্ৰী মোদীয়ে মন্তব্য কয়- এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে পশ্চিম বংগৰ জনসাধাৰণ আৰু সমগ্ৰ পূব ভাৰতক অভিনন্দন জনাইছো।১৩-১৪ মাৰ্চত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 12th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ১৩-১৪ মাৰ্চত অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত ৪৭,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন, ভূমি পূজন আৰু ফ্লেগ অফ কৰিব।"বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ" বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 03rd, 11:30 am
যোৱা সপ্তাহত বাজেট ৱেবিনাৰ ছিৰিজৰ প্ৰথমখন ৱেবিনাৰ অনুষ্ঠিত হয়। মোক কোৱা হৈছিল যে ই এক বৃহৎ সফলতা, বাজেটৰ বিধানসমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলোৱে উৎকৃষ্ট পৰামৰ্শ আগবঢ়াইছিল। সকলোৰে সক্ৰিয় অংশগ্ৰহণক আদৰণি জনাইছোঁ। আজি এই ছিৰিজৰ দ্বিতীয়খন ৱেবিনাৰ অনুষ্ঠিত হৈছে। মোক কোৱা হৈছে যে বিস্তৃত বিষয়ত হাজাৰ হাজাৰ লোকে নিজৰ পৰামৰ্শ আগবঢ়াব। বিষয় বিশেষজ্ঞসকলেও আমাৰ সৈতে অংশগ্ৰহণ কৰিব। ইমান বৃহৎসংখ্যক বাজেটৰ বিষয়ে আলোচনা কৰাটো নিজৰ বাবেই এক অতি সফল পৰীক্ষা। এই ৱেবিনাৰত যোগদান কৰিবলৈ সময় দিয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু আদৰণি জনাইছোঁ। এই ৱেবিনাৰৰ বিষয়বস্তু হৈছে দেশৰ অৰ্থনৈতিক বিকাশক অবিৰতভাৱে শক্তিশালী কৰা। আজি যেতিয়া ভাৰতৰ শক্তিশালী অৰ্থনীতি সমগ্ৰ বিশ্বৰ বাবে আশাৰ উৎস হৈ পৰিছে, আৰু যেতিয়া বিশ্বৰ যোগান শৃংখলে নতুন ৰূপ লৈছে, তেতিয়াই দ্ৰুত অৰ্থনৈতিক অগ্ৰগতি হৈছে। এখন বিকশিত ভাৰতৰ বাবে ই এক প্ৰধান ভেটি। আমাৰ দিশ স্পষ্ট, আমাৰ সংকল্প স্পষ্ট : অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ কৰক আৰু এতিয়া প্ৰয়োজন হৈছে অধিক ৰপ্তানিৰ। আৰু নিশ্চিতভাৱে, আজি আপোনালোকৰ মাজত যি মানসিক চিন্তাৰ উদয় হৈছে, এই চিন্তাৰ পৰা ওলোৱা পৰামৰ্শবোৰে ইয়াত মুখ্য ভূমিকা পালন কৰিব।'বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ ' শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 03rd, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশশীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰ শৃংখলাৰ দ্বিতীয় সত্ৰত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত সপ্তাহৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰথমখন ৱেবিনাৰ অত্যন্ত সফল হয় আৰু বাজেটৰ প্ৰস্তাৱসমূহ ৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট পৰামৰ্শ লাভ কৰা হৈছিল।উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভনি তথা আজমেৰৰ পৰা এইচ পি ভি টিকাকৰণৰ দেশজোৰা অভিযান আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
February 28th, 12:00 pm
আজি এই পবিত্ৰ তীৰ্থৰাজ পুষ্কৰ আৰু মাতা সাবিত্ৰীৰ ভূমিত আপোনালোক সকলোৰে মাজলৈ আহি আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ সুযোগ পাইছো। এই মঞ্চৰ পৰাই পৃথ্বীৰাজৰ ভূমি আজমেৰৰ সুৰসুৰাৰ তেজাজী ধামক প্ৰণাম জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ আজমেৰত দেশজোৰা এইচ পি ভি টিকাকৰণ অভিযান আৰু ১৭,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে
February 28th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজমেৰত এক জনসভাত ভাষণ দি ৰাজস্থানৰ উন্নয়ন যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সাংস্কৃতিক আৰু বীৰত্বপূৰ্ণ উত্তৰাধিকাৰক শ্ৰদ্ধাঞ্জলি জনায়, য’ত সুৰসুৰাৰ তেজাজী ধাম আৰু হাইফাক মুক্ত কৰাৰ ক্ষেত্ৰতমেজৰ দলপত সিঙৰ বীৰত্বক ভূমিকাক ইজৰাইলত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।”কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 01:38 pm
আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।২০২৬ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় বাজেট ২০২৬ সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ বাজেটখন ঐতিহাসিক আৰু ই দেশৰ মহিলাসকলৰ সৱল মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ আলোকপাত কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বাজেট হৈছে অপৰিসীম সুযোগৰ মুল পথ, যিয়ে বৰ্তমানৰ সপোন পূৰণ কৰে আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰে। তেওঁ দৃঢ়তাৰে কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতৰ উচ্চ উৰণৰ ভিত্তি হিচাপে কাম কৰে।পশ্চিমবংগৰ ছিংগুৰত একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
January 18th, 03:30 pm
কালি মই মালদাত আছিলো আৰু আজি ইয়াত হুগলীত আপোনালোক সকলোৰে মাজলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অপৰিহাৰ্য—কেন্দ্ৰীয় চৰকাৰে এই লক্ষ্যৰে অবিৰতভাৱে কাম কৰি আছে। কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক আৰু অধিক শক্তিশালী কৰিবলৈ গৈ আছে। এই সময়ছোৱাত মই শ শ কোটি টকাৰে ৰূপায়ণ কৰা পশ্চিম বংগৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰাৰ সুযোগ পাইছো। কালি পশ্চিমবংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল আৰম্ভ কৰা হয়। বংগই লাভ কৰিছে প্ৰায় ডেৰ ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল। আজি আৰু তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। ইয়াৰে এখন ৰে’লে মোৰ সংসদীয় সমষ্টি কাশী বাৰানসীৰ সৈতে বংগৰ সংযোগক আৰু অধিক শক্তিশালী কৰিব৷ ইয়াৰ উপৰি দিল্লী আৰু তামিলনাডুলৈও অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। অৰ্থাৎ পশ্চিমবংগৰ ৰে’ল সংযোগৰ ক্ষেত্ৰত যোৱা ২৪ ঘন্টা অভূতপূৰ্ব হৈ পৰিছে। হয়তো যোৱা ১০০ বছৰৰ ভিতৰত ২৪ ঘন্টাত ইমান কাম হোৱা নাছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে শুভাৰম্ভ কৰে
January 18th, 03:00 pm
আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কালি তেওঁ মালদাত আছিল আৰু আজি তেওঁ হুগলীত জনসাধাৰণৰ মাজত থকাৰ সৌভাগ্য লভিছে। তেওঁ কয় যে এখন উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অতি প্ৰয়োজনীয় আৰু এই লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে অহৰহ কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক অধিক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত তেওঁ পশ্চিমবংগৰ উন্নয়নৰ সৈতে জড়িত শ শ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ সুযোগ পাইছে।অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
December 20th, 03:20 pm
মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছো যে আজি এই বিজয়ৰ দিনটো এক অৰ্থত উন্নয়নৰ উদযাপনৰ দিন, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে । সেয়ে আপোনালোকক মোবাইল ফোন উলিয়াই, টৰ্চ জ্বলাই, উন্নয়নৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। সকলোৰে মোবাইল ফোন জ্বলিব লাগে আৰু সমগ্ৰ দেশে গুঞ্জৰিত হাতচাপৰিৰ মাজেৰে দেখিব যে অসমে উন্নয়নৰ উদযাপন কৰিছে। উন্নয়নৰ পোহৰ যেতিয়া সকলোৰে কাষত উপনীত হয় তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতাত উপনীত হ’বলৈ আৰম্ভ কৰে। সকলোকে বহুত বহুত ধন্যবাদ।