PM Modi addresses an enthusiastic public rally in Madurai, Tamil Nadu
March 01st, 04:30 pm
PM Modi addressed a massive public rally in Madurai, beginning his speech with deep reverence for Tamil Nadu’s spiritual heritage. He said he had just visited Tirupparankundram and received the darshan of Bhagwan Murugan, describing it as a truly pine experience. He said he prayed for the prosperity of Tamil Nadu and the entire nation.Kaziranga is the soul of Assam and a priceless jewel of India’s biodiversity: PM Modi in Kaliabor
January 18th, 11:30 am
While performing the Bhoomi Poojan of the Kaziranga Elevated Corridor Project in Assam, PM Modi emphasized that Kaziranga is not just a National Park but the soul of Assam. He remarked that the corridor will improve connectivity between Upper Assam and Arunachal Pradesh, and along with new rail services, will open fresh opportunities for the people. He highlighted BJP’s recent victories in elections across the country, underscoring that voters are choosing good governance.অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 18th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট (ৰাষ্ট্ৰীয় ঘাইপথ -৭১৫ৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৪-লেন)ৰ ভূমি পূজন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ইমান বৃহৎ সংখ্যক লোকে তেওঁক আশীৰ্বাদ দিবলৈ অহাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
October 26th, 11:30 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 17th, 12:45 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 17th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।নতুন দিল্লীত সাংসদসকলৰ বাবে নতুনকৈ নিৰ্মিত ফ্লেট উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
August 10th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ আগষ্ট, ২০২৫ৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বাবা খৰক সিং মাৰ্গত সাংসদসকলৰ বাবে ১৮৪টা নতুনকৈ নিৰ্মিত টাইপ-VII বহুমহলীয়া ফ্লেট উদ্বোধন কৰিব।নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 06th, 07:00 pm
বিপ্লৱৰ মাহ আগষ্ট মাহত, আৰু ১৫ আগষ্টৰ আগৰ এই ঐতিহাসিক উপলক্ষে, আমি ইটোৰ পিছত সিটো আধুনিক ভাৰতৰ নিৰ্মাণৰ সৈতে জড়িত কৃতিত্বৰ সাক্ষী হৈ আছোঁ। ইয়াত ৰাজধানী দিল্লীতে কাৰ্তব্য পথ, দেশৰ নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা ভৱন, ভাৰত মণ্ডপম, যশোভূমী, শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নেতাজী সুভাষ বাবুৰ প্ৰতিমূৰ্তি আৰু এতিয়া এই কাৰ্তব্য ভৱন। এইবোৰ কেৱল কিছুমান নতুন অট্টালিকা আৰু সাধাৰণ আন্তঃগাঁথনি নহয়, অমৃতকালত এই অট্টালিকাসমূহত বিকশিত ভাৰতৰ নীতি নিৰ্ধাৰণ কৰা হ’ব, বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব, আগন্তুক দশকত ইয়াৰ পৰাই ৰাষ্ট্ৰৰ দিশ নিৰ্ণয় হ’ব। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক কৰ্তব্য ভৱনৰ বাবে অভিনন্দন জনাইছোঁ। মই ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু সকলো শ্ৰমিক সহকৰ্মীকো আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে
August 06th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন-৩ ৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে। তেখেতে কয় যে বিপ্লৱৰ মাহ আগষ্টত ১৫ আগষ্টৰ পূৰ্বেই আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে কয় যে ভাৰতে এটাৰ পিছত আনটো আধুনিক ভাৰত নিৰ্মাণৰে জড়িত মূল কৃতিত্ব প্ৰত্যক্ষ কৰিছে। নতুন দিল্লীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শেহতীয়া আন্তঃগাঁথনিগত মাইলৰ খুঁটি স্থাপন কাৰ্য্যৰ কথা কয়, যথাঃ কৰ্তব্য পথ, নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা কাৰ্য্যালয় কমপ্লেক্স, ভাৰত মণ্ডপম, যশোভূমি, শ্বহীদসকলৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তথা বৰ্তমানৰ কৰ্তব্য ভৱন। এইসমূহ কেৱল নতুন অট্টালিকা বা সাধাৰণ আন্তঃগাঁথনি নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত উন্নত ভাৰত গঢ়া নীতিসমূহ এইসমূহ গাঁথনিতে প্ৰণয়ন কৰা হ’ব আৰু অনাগত দশক সমূহত এই প্ৰতিষ্ঠানসমূহৰ পৰাই ৰাষ্ট্ৰখনৰ পৰিক্ৰমা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে ইয়াৰ নিৰ্মাণৰে জড়িত অভিযন্তা আৰু শ্ৰমজীৱীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 27th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰীয়ে আম্বেদকাৰ জয়ন্তী উপলক্ষে অহা ১৪ এপ্ৰিলত হাৰিয়ানা ভ্ৰমণ কৰিব
April 12th, 04:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তী উপলক্ষে হাৰিয়ানা ভ্ৰমণ কৰিব। হাৰিয়ানাত তেওঁ প্ৰথমে হিছাৰলৈ যাব আৰু পুৱা প্ৰায় ১০:১৫ বজাত হিছাৰৰ পৰা অযোধ্যালৈ বাণিজ্যিক বিমানৰ ফ্লেগ অফ কৰিব। ইয়াৰ সমান্তৰালকৈ, তেওঁ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে হিছাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব।৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 30th, 11:30 am
নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 19th, 11:30 am
In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.Maha Kumbh is a divine festival of our faith, spirituality and culture: PM in Prayagraj
December 13th, 02:10 pm
PM Modi inaugurated development projects worth ₹5500 crore in Prayagraj, highlighting preparations for the 2025 Mahakumbh. He emphasized the cultural, spiritual, and unifying legacy of the Kumbh, the government's efforts to enhance pilgrimage facilities, and projects like Akshay Vat Corridor and Hanuman Mandir Corridor.PM Modi inaugurates and launches multiple development projects worth around Rs 5500 crore at Prayagraj, Uttar Pradesh
December 13th, 02:00 pm
PM Modi inaugurated development projects worth ₹5500 crore in Prayagraj, highlighting preparations for the 2025 Mahakumbh. He emphasized the cultural, spiritual, and unifying legacy of the Kumbh, the government's efforts to enhance pilgrimage facilities, and projects like Akshay Vat Corridor and Hanuman Mandir Corridor.বিশ্ব সমবায় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 03:30 pm
ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।