ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

February 13th, 08:30 pm

গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।

ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

February 13th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।

Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit

May 06th, 08:04 pm

PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে

May 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।

হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 14th, 11:00 am

মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)

PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore

April 14th, 10:16 am

PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.

When growth is driven by aspirations, it becomes inclusive and sustainable: PM Modi at Rising Bharat Summit

April 08th, 08:30 pm

PM Modi addressed the News18 Rising Bharat Summit. He remarked on the dreams, determination, and passion of the youth to develop India. The PM highlighted key initiatives, including zero tax on income up to ₹12 lakh, 10,000 new medical seats and 6,500 new IIT seats, 50,000 new Atal Tinkering Labs and over 52 crore Mudra Yojana loans. The PM congratulated the Parliament for enacting Waqf law.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে

April 08th, 08:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘নেটৱৰ্ক১৮’লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ প্ৰতি এই বছৰৰ সন্মিলনে গুৰুত্ব প্ৰদান কৰা কথাক প্ৰশংসা কৰে। ‘ভাৰত মণ্ডপম’ত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত 'বিকশিত ভাৰত যুৱ নেতা আলাপ'ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুৱসকলৰ সপোন, সংকল্প আৰু আবেগ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰগতিৰ পথ-পৰিকল্পনা যুগুতোৱাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো পদক্ষেপত নিৰন্তৰ আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই অন্তৰ্দৃষ্টিয়ে ‘অমৃত কালৰ প্ৰজন্ম’ক শক্তি, নিৰ্দেশনা আৰু গতি ত্বৰান্বিত কৰিব। তেওঁ সন্মিলনৰ বাবে অভিনন্দন আৰু সফলতাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।

সংসদৰ উভয় সদনত ৱাকফ বিধেয়ক গৃহীত হোৱাটো এক যুগান্তকাৰী মুহূৰ্ত বুলি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

April 04th, 08:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ উভয় সদনত ৱাকফ (সংশোধনী) বিধেয়ক আৰু মুছালমান ৱাকফ (প্ৰত্যাহাৰ) বিধেয়ক গৃহীত হোৱাটো আৰ্থ-সামাজিক ন্যায়, স্বচ্ছতা আৰু সামগ্ৰিক বিকাশৰ বাবে আমাৰ সামূহিক অন্বেষণৰ এক যুগান্তকাৰী মুহূৰ্ত বুলি প্ৰশংসা কৰিছে।