এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 05th, 03:45 pm
মই বিশ্বাস কৰোঁ যে আজি ইমান বৃহৎ প্ৰতিনিধি দলৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰপতি পুটিনৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। আৰু মই আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো আৰু আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে অতি আনন্দৰ কথা। এই মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্যৱসায়ৰ বাবে সৰলীকৃত ভৱিষ্যদ্বাণীযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে। ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সৈতে ভাৰত – ৰাছিয়া ব্যৱসায়িক মঞ্চত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 05th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন, ভাৰত আৰু বিদেশৰ নেতা আৰু সকলো বিশিষ্ট অতিথিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চ ৰাষ্ট্ৰপতি পুটিনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতিফলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লৈ আহিছে বৃহৎ প্ৰতিনিধি দল। তেওঁ সকলো অংশগ্ৰহণকাৰীক উষ্ম আদৰণি জনাই তেওঁলোকৰ মাজত থাকিবলৈ পাই তেওঁ সুখী বুলি কয়। শ্ৰী মোদীয়ে তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া চিন্তাধাৰা শ্বেয়াৰ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে ব্যৱসায় কৰাৰ বাবে সৰলীকৃত আৰু পূৰ্বানুমানযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে আৰু ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত মুম্বাই ভ্ৰমণ কৰিব
October 27th, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-ৰ ২৯ অক্টোবৰত মুম্বাই ভ্ৰমণ কৰিব আৰু সেইদিনা বিয়লি প্ৰায় ৪:০০ বজাত তেখেতে মুম্বাইৰ নেস্কো প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত ইণ্ডিয়া মেৰিটাইম উইক, ২০২৫-ত মেৰিটাইম লীডাৰ্ছ কনক্লেভ সম্বোধন তথা গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰিব।মেক ইন ইণ্ডিয়া পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱাত আনন্দিত প্ৰধানমন্ত্ৰী
September 25th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেক ইন ইণ্ডিয়া পদক্ষেপৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশ আৰু ঔদ্যোগীকৰণৰ পৰিস্থিতিতন্ত্ৰত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱক লৈ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ভাৰতীয় উদ্যোগীসকলক মেক ইন ইণ্ডিয়াই প্ৰদান কৰা প্ৰেৰণা আৰু ইয়াৰ বৈশ্বিক প্ৰভাৱৰ প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাৰায়ণৰ জন্ম বাৰ্ষিকীত তেওঁৰ দৃষ্টিভংগীক স্মৰণ কৰে
September 07th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকীত শ্ৰী নাৰায়ণৰ দৃষ্টিভংগী আৰু আমাৰ সামাজিক তথা আধ্যাত্মিক বাতাবৰণত ইয়াৰ প্ৰভাৱ সম্পৰ্কে স্মৰণ কৰে। তেওঁৰ সমতা, মমতা আৰু সৰ্বজনীন ভ্ৰাতৃত্ববোধৰ শিক্ষা ব্যাপকভাৱে অনুৰণিত হৈ আহিছে, শ্ৰী মোদীয়ে কয়।পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ
August 29th, 07:11 pm
ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 06th, 07:00 pm
বিপ্লৱৰ মাহ আগষ্ট মাহত, আৰু ১৫ আগষ্টৰ আগৰ এই ঐতিহাসিক উপলক্ষে, আমি ইটোৰ পিছত সিটো আধুনিক ভাৰতৰ নিৰ্মাণৰ সৈতে জড়িত কৃতিত্বৰ সাক্ষী হৈ আছোঁ। ইয়াত ৰাজধানী দিল্লীতে কাৰ্তব্য পথ, দেশৰ নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা ভৱন, ভাৰত মণ্ডপম, যশোভূমী, শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নেতাজী সুভাষ বাবুৰ প্ৰতিমূৰ্তি আৰু এতিয়া এই কাৰ্তব্য ভৱন। এইবোৰ কেৱল কিছুমান নতুন অট্টালিকা আৰু সাধাৰণ আন্তঃগাঁথনি নহয়, অমৃতকালত এই অট্টালিকাসমূহত বিকশিত ভাৰতৰ নীতি নিৰ্ধাৰণ কৰা হ’ব, বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব, আগন্তুক দশকত ইয়াৰ পৰাই ৰাষ্ট্ৰৰ দিশ নিৰ্ণয় হ’ব। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক কৰ্তব্য ভৱনৰ বাবে অভিনন্দন জনাইছোঁ। মই ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু সকলো শ্ৰমিক সহকৰ্মীকো আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে
August 06th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন-৩ ৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে। তেখেতে কয় যে বিপ্লৱৰ মাহ আগষ্টত ১৫ আগষ্টৰ পূৰ্বেই আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে কয় যে ভাৰতে এটাৰ পিছত আনটো আধুনিক ভাৰত নিৰ্মাণৰে জড়িত মূল কৃতিত্ব প্ৰত্যক্ষ কৰিছে। নতুন দিল্লীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শেহতীয়া আন্তঃগাঁথনিগত মাইলৰ খুঁটি স্থাপন কাৰ্য্যৰ কথা কয়, যথাঃ কৰ্তব্য পথ, নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা কাৰ্য্যালয় কমপ্লেক্স, ভাৰত মণ্ডপম, যশোভূমি, শ্বহীদসকলৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তথা বৰ্তমানৰ কৰ্তব্য ভৱন। এইসমূহ কেৱল নতুন অট্টালিকা বা সাধাৰণ আন্তঃগাঁথনি নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত উন্নত ভাৰত গঢ়া নীতিসমূহ এইসমূহ গাঁথনিতে প্ৰণয়ন কৰা হ’ব আৰু অনাগত দশক সমূহত এই প্ৰতিষ্ঠানসমূহৰ পৰাই ৰাষ্ট্ৰখনৰ পৰিক্ৰমা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে ইয়াৰ নিৰ্মাণৰে জড়িত অভিযন্তা আৰু শ্ৰমজীৱীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:20 pm
প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰে সৈতে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:00 pm
এই আদৰণিৰ বাবে, এই ভব্য সন্মানৰ বাবে আৰু আজি আমি চেকাৰ্ছত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছো আৰু ভাৰত আৰু ব্ৰিটেইনে একেলগে নতুন ইতিহাসৰ ভেটি গঢ়িছে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 24th, 03:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৩-২৪ জুলাই, ২০২৫লৈ গ্ৰেট ব্ৰিটেইন ভ্ৰমণৰ সময়ত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে বৈঠকত মিলিত হয়। বাকিংহামশ্বাৰৰ চেকাৰছত থকা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে তেওঁক প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে উষ্ম আদৰণি জনায়। দুয়োগৰাকী নেতাই পাৰস্পৰিক বৈঠকৰ লগতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়।নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 02nd, 05:34 pm
আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে
June 02nd, 05:00 pm
বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি
April 22nd, 12:27 pm
কূটনৈতিক ফোন কলৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰলৈকে এই সপ্তাহত বিশ্বৰ মঞ্চত ভাৰতৰ উপস্থিতি সহযোগিতা, উদ্ভাৱন, আৰু সাংস্কৃতিক গৌৰৱৰ দ্বাৰা চিহ্নিত কৰা হৈছে।মৰিচাছ ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
March 10th, 06:18 pm
মোৰ বন্ধু প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণ ক্ৰমে মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ মই দুদিনীয়া কাৰ্যসূচীৰে মৰিচাছ ভ্ৰমণলৈ যাম।৫ মাৰ্চত নিয়োগ সম্পৰ্কীয় বাজেটোত্তৰ ৱেবিনাৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 04th, 05:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চৰ প্ৰায় ১:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিয়োগ সম্পৰ্কীয় বাজেটোত্তৰ ৱেবিনাৰত অংশগ্ৰহণ কৰিব। ৱেবিনাৰখনৰ মূল বিষয়বস্তু হৈছে মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ কৰা। এই উপলক্ষে উপস্থিত থকা ৰাইজকো সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।‘বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 23rd, 06:11 pm
ভাইসকল, ভগৱান মাতংগেশ্বৰ ভগৱান কী জয় ব’লো, বাগেশ্বৰ ধাম কী জয়, জটাশংকৰ ধাম কী জয়, আপোনাসৱক মোৰ তৰফৰ পৰা দুই হাতযোৰ কৰি ৰাম-ৰাম জনাইছোঁ। অনুষ্ঠানটোত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, ‘জগত গুৰু’ পূজ্য ৰামভদ্ৰাচাৰ্য জী, ‘বাগেশ্বৰ ধাম’ৰ ‘পীঠাধীশ্বৰ’ শ্ৰীধীৰেন্দ্ৰ শাস্ত্ৰী জী, ‘সাধ্বী’ ৰীতাম্ভৰা জী, স্বামী চিদানন্দ সৰস্বতী, মহন্ত শ্ৰী বালক যোগেশ্বৰদাস জী, এই অঞ্চলৰ সাংসদ বিষ্ণুদেৱ শৰ্মা জী আৰু অন্যান্য বিশিষ্ট ব্যক্তি তথা প্ৰিয় ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে
February 23rd, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ গঢ়া গাঁৱত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। তেওঁ কয় যে ইমান কম সময়ৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বুণ্ডেলখণ্ডলৈ অহাটো তেওঁৰ সৌভাগ্য। তেওঁ কয় যে আধ্যাত্মিক কেন্দ্ৰ বাগেশ্বৰ ধাম অতি সোনকালে আৰোগ্য কেন্দ্ৰও হ’ব। তেওঁ কয় যে বাগেশ্বৰ ধাম মেডিকেল এণ্ড ছায়েন্স ৰিচাৰ্চ ইনষ্টিটিউট ১০ একৰ এলেকাত নিৰ্মাণ কৰা হ’ব আৰু প্ৰথম পৰ্যায়ত ১০০খন বিছনাযুক্ত সুবিধা সাজু হ’ব। তেওঁ এই সৎ কামৰ বাবে শ্ৰী ধীৰেন্দ্ৰ শাস্ত্ৰীক অভিনন্দন জনায় আৰু বুণ্ডেলখণ্ডৰ ৰাইজক শুভেচ্ছা জনায়।ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 10:45 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।