ওড়িশাৰ ঝাৰছুগুডাত উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 27th, 11:45 am

কিছুমান ডেকা বন্ধুৱে ইয়ালৈ বহুতো শিল্পকৰ্ম লৈ আহিছে। ওড়িশাৰ শিল্পৰ প্ৰতি থকা প্ৰেম বিশ্ববিখ্যাত। মই আপোনালোক সকলোৰে পৰা এই উপহাৰ গ্ৰহণ কৰিছো আৰু মোৰ এছ পি জিৰ সহকৰ্মীসকলক আপোনালোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰিবলৈ কৈছো। পিছফালে নাম ঠিকনা লিখিলে মোৰ পৰা নিশ্চয় চিঠি লাভ কৰিব । তাত এটি শিশুৱে কিবা এটা হাতত লৈ থিয় হৈ আছে। তাৰ হাত দুখন বিষাইছে। বহু সময় ধৰি তেওঁ সেয়া দাঙি লৈ ফুৰিছে। সেইটোও সংগ্ৰহ কৰক । অনুগ্ৰহ কৰি তেওঁক সহায় কৰক। যদি আপোনালোকে পিছফালে আপোনালোকৰ নাম লিখিছে তেন্তে মই আপোনালোকক নিশ্চয় চিঠি লিখিম। আপোনালোক সকলো যুৱক-যুৱতী, যুৱতী, সৰু ল’ৰা-ছোৱালীক আপোনালোকৰ মৰমৰ পৰা শিল্পকৰ্ম সৃষ্টি কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন

September 27th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুদাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে এই শুভ দিনবোৰত তেওঁ মা ছামালেই আৰু মা ৰামচন্দিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰি তাত সমবেত লোকসকলক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ অনুষ্ঠানত বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকৰ আশীৰ্বাদেই শক্তিৰ প্ৰকৃত উৎস বুলি উল্লেখ কৰে আৰু ৰাইজক প্ৰণাম জনায়।

বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা উন্মোচনৰ সময়ত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

September 26th, 11:30 am

নৱৰাত্ৰিৰ এই শুভ দিনবোৰত বিহাৰৰ নাৰী শক্তিৰ লগত তেওঁলোকৰ আনন্দৰ সৈতে যোগদান কৰাৰ সুযোগ পাইছো। মই ইয়াত পৰ্দাত চাই আছিলো, লাখ লাখ মহিলা আৰু ভগ্নীক দেখিছো । এই পৱিত্ৰ নৱৰাত্ৰিৰ উৎসৱত আপোনালোকৰ আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক বৃহৎ শক্তি। আজি আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আজিৰে পৰা 'মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা'ৰ শুভাৰম্ভ কৰা হৈছে বুলি ঘোষণৈা কৰিলো। মোক কোৱাৰ দৰে এই আঁচনিখনত এতিয়ালৈকে ৭৫ লাখ মহিলাই যোগদান কৰিছে। এইমাত্ৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টলৈ ১০,০০০ টকাকৈ পঠিওৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰে

September 26th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ শুভাৰম্ভ কৰে।এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নৱৰাত্ৰি উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বিহাৰৰ মহিলাসকলৰ উৎসৱ উদযাপনত যোগদান কৰি আনন্দ প্ৰকাশ কৰে আৰু আজি মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা আৰম্ভ কৰা বুলি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইতিমধ্যে ৭৫ লাখ মহিলাই এই পদক্ষেপত যোগদান কৰিছে। তেওঁ ঘোষণা কৰে যে এই ৭৫ লাখ মহিলাৰ প্ৰত্যেকৰে বেংক একাউণ্টত একেলগে ১০,০০০ টকা স্থানান্তৰ কৰা হৈছে।

মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 17th, 11:20 am

মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন যাদৱ, কেন্দ্ৰত মোৰ সহকৰ্মী, ভগ্নী সাবিত্ৰী ঠাকুৰ, সকলো কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি তথা ৰ মোৰ মৰমৰ ভাই-ভনীসকল!

মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 17th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ধৰত আধাৰশিলা স্থাপন কৰাৰ লগতে উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে জ্ঞান দেৱী—ধৰ ভোজশালাৰ পূজনীয় মাতৃ বাগদেৱীৰ চৰণত প্ৰণাম জনায় । আজি ঐশ্বৰিক স্থপতি আৰু দক্ষতা তথা সৃষ্টিৰ দেৱতা ভগৱান বিশ্বকৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰী মোদীয়ে বিশ্বকৰ্মা ভগৱানক প্ৰণাম জনায়। লগতে নিজৰ কাৰুকাৰ্য্য তথা নিষ্ঠাৰ জৰিয়তে দেশ নিৰ্মাণৰ কামত নিয়োজিত কোটি কোটি ভাই-ভনীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ৰাইজক সম্ভাষণ জনায়

September 17th, 10:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ৰাইজক সম্ভাষণ জনাইছে। সৃষ্টিৰ অধিপতিগৰাকীৰ বিশেষ পূজা-অৰ্চনাৰ এই পবিত্ৰ ক্ষণত নতুন সৃষ্টিত নিয়োজিত সকলো কৰ্মযোগীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শ্ৰী মোদীয়ে কয়।

মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

August 31st, 11:30 am

এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে

September 17th, 09:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ নিৰ্মাণ আৰু সৃষ্টিৰ সৈতে জড়িত দক্ষ আৰু পৰিশ্ৰমী শিল্পী আৰু নিৰ্মাণকৰ্তাসকলকো অভিবাদন জনায়। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে উন্নত আৰু স্বাৱলম্বী ভাৰতৰ সংকল্প পূৰণ কৰাত তেওঁলোকৰ অৱদান অতুলনীয় হ'ব।

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ভগৱান বিশ্বকৰ্মাক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

September 17th, 08:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ভগৱান বিশ্বকৰ্মাক প্ৰণাম জনাইছে।

যশোভূমিক দেশৰ প্ৰতি উৎসৰ্গা আৰু পিএম বিশ্বকৰ্মা আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

September 17th, 06:08 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ বন্ধুসকল, দেশৰ চুক-কোণৰ পৰা এই ভব্য ভৱনত আহি উপস্থিত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল, দেশৰ ৭০খনতকৈও অধিক চহৰৰ পৰা সংযুক্ত মোৰ সকলো বন্ধু, অন্যান্য মহানুভৱ, আৰু মোৰ পৰিয়ালৰ সদস্যসকল।

নতুন দিল্লীত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ- ‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

September 17th, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ-‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা কৰে৷ ‘যশোভূমি’ত এটা বিশাল সন্মিলন কেন্দ্ৰ, একাধিক প্ৰদৰ্শনী হলৰ লগতে অন্যান্য সা-সুবিধা আছে। বিশ্বকৰ্মা জয়ন্তী উপলক্ষে পৰম্পৰাগত শিল্পী আৰু কাৰিকৰসকলৰ বাবে ‘পি এম বিশ্বকৰ্মা আঁচনি’ মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম বিশ্বকৰ্মাৰ ল’গ’, টেগলাইন আৰু পৰ্টেলো মুকলি কৰে। এই উপলক্ষে তেওঁ অলংকৃত ষ্টাম্প শ্বীট, সঁজুলিৰ ই-বুকলেট আৰু ভিডিঅ’ও মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত ১৮গৰাকী হিতাধিকাৰীক বিশ্বকৰ্মা প্ৰমাণ পত্ৰ বিতৰণ কৰে।

‘বিশ্বকৰ্মা জয়ন্তী’ত জনসাধাৰণলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

September 17th, 09:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্বকৰ্মা জয়ন্তী’ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ লগতে উদ্ভাৱনক নিষ্ঠা, প্ৰতিভা আৰু কঠোৰ শ্ৰমেৰে আগুৱাই নিয়া সকলো শিল্পী আৰু উদ্ভাৱকক অভিবাদন জনায়।

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পৰম্পৰাগত কাৰিকৰ আৰু শিল্পকাৰসকলৰ বাবে ‘পিএম বিশ্বকৰ্মা’ মুকলি কৰিব

September 15th, 12:36 pm

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত “পি এম বিশ্বকৰ্মা” নামেৰে এখন নতুন আঁচনি মুকলি কৰিব।

আমি দিব্যাংগজনৰ বাবে এখনি সুগম ভাৰত গঢ়াৰ কাম কৰি আছোঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

August 15th, 05:01 pm

৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰপৰা ভাষণ প্ৰদানেৰে কয় যে অহা মাহত বিশ্বকৰ্মা জয়ন্তীৰ দিনা বিশ্বকৰ্মা যোজনা আৰম্ভ কৰা হ’ব। তেখেতে কয় যে এই আঁচনিখনে পৰম্পৰাগত দক্ষতা থকা লোক অৰ্থাৎ সঁজুলি আৰু হাতেৰে কাম কৰা লোক যাৰ গৰিষ্ঠসংখ্যকেই অ’বিচি সম্প্ৰদায়ৰ যেনেঃ কাঠমিস্ত্ৰী, সোণাৰী, ৰাজমিস্ত্ৰী, কাপোৰ ধোৱা লোক, চুলি কটা ভ্ৰাতৃ-ভগ্নীসকলৰ সবলীকৰণ কৰিব। এই আঁচনিখন প্ৰায় ১৩-১৫ হাজাৰ কোটি টকাৰ বাজেটেৰে আৰম্ভ কৰা হ’ব।

বিশ্বই যোগাসনক শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে অতিশয় ফলপ্ৰসূ উপায় হিচাপে গ্ৰহণ কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

September 25th, 11:00 am

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। বিগত দিনকেইটাত আমাৰ সকলোৰে এটা কথাই দৃষ্টি আকৰ্ষণ কৰিছিল – সেয়া হৈছে চিতা। চিতাৰ বিষয়ে কথা পাতিবলৈ বহুতো বাৰ্তা পাইচো, সেয়া উত্তৰ প্ৰদেশৰ অৰুণ কুমাৰ গুপ্তাজীয়েই হওক বা তেলেংগানাৰ এন ৰামচন্দ্ৰন ৰঘুৰাম জীয়েই হওক; গুজৰাটৰ ৰাজনজীয়েই হওক বা দিল্লীৰ সুব্ৰতজীয়েই হওক। দেশৰ সকলো প্ৰান্তৰ লোকে ভাৰতলৈ চিতা ঘূৰাই অনাত আনন্দ প্ৰকাশ কৰিছে। ১৩০ কোটি ভাৰতীয় সুখী, গৌৰৱেৰে পৰিপূৰ্ণ – এয়া হৈছে ভাৰতৰ প্ৰকৃতিপ্ৰেম। এই সন্দৰ্ভত জনসাধাৰণৰ এটা সচৰাচৰ প্ৰশ্ন হ'ল মোদীজী, আমি কেতিয়া চিতাবোৰ চাবলৈ সুযোগ পাম?

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে আই টি আইৰ কৌশল দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

September 17th, 04:54 pm

আজি একবিংশ শতিকাত আগবাঢ়ি গৈ আমাৰ দেশত এক নতুন ইতিহাসৰ সৃষ্টি হৈছে। প্ৰথমবাৰৰ বাবে আইটিআইৰ ৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ কৌশল দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তেও ৪০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আমাৰ সৈতে সংযোগ স্থাপন কৰিছে। আপোনালোক সকলোকে কৌশল দীক্ষান্ত সমাৰোহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিও এক অতি শুভ অনুষ্ঠান। আজি ভগৱান বিশ্বকৰ্মাৰ ওপজা দিনো। কি এক আচৰিত কাকতলীয়া কাকতলীয়া কথা যে বিশ্বকৰ্মা জয়ন্তীৰ শুভ উপলক্ষে সংঘটিত হৈছে দক্ষতাৰে নতুনত্বৰ পথত আপোনালোকৰ প্রথম খোজ দিয়া কৌশল দীক্ষান্ত সমাৰোহ! মই নিশ্চিতভাৱে ক’ব পাৰো যে আপোনাৰ আৰম্ভণি যিমানেই সুখদায়ক নহওক কিয়, আপোনাৰ ভৱিষ্যতৰ যাত্ৰাও অধিক সৃষ্টিশীল হ’ব। আপোনালোকৰ লগতে সমূহ দেশবাসীলৈ ভগৱান বিশ্বকৰ্মা জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কৌশল দীক্ষান্ত সমাৰোহ সম্বোধন প্ৰধানমন্ত্ৰীৰ

September 17th, 03:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম কৌশল দীক্ষান্ত সমাৰোহত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰায় ৪০ লাখ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে।

মধ্য প্ৰদেশৰ শ্যোপুৰত মহিলা আত্ম সহায়ক গোটৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ

September 17th, 01:03 pm

মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিংহ জী চৌহান, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগণ, সাংসদ আৰু বিধায়ক বন্ধু, বিশাল সংখ্যাত উপস্থিত হোৱা আন সকলো সহায়ক গোটৰ সৈতে জড়িত মাতৃ-ভগ্নীসকলক প্ৰণাম!

PM addresses Women Self Help Groups Conference in Karahal, Madhya Pradesh

September 17th, 01:00 pm

PM Modi participated in Self Help Group Sammelan organised at Sheopur, Madhya Pradesh. The PM highlighted that in the last 8 years, the government has taken numerous steps to empower the Self Help Groups. “Today more than 8 crore sisters across the country are associated with this campaign. Our goal is that at least one sister from every rural family should join this campaign”, PM Modi remarked.