বিশাখাপট্টনমত গুগল এ আই হাব মুকলিক প্ৰধানমন্ত্ৰীৰ আদৰণি

October 14th, 02:30 pm

অন্ধ্ৰপ্ৰদেশৰ গতিশীল চহৰ বিশাখাপট্টনমত গুগল এ আই হাব মুকলি কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে গিগাৱাট পৰিসৰৰ ডাটা চেণ্টাৰৰ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা এই বহুমুখী বিনিয়োগ, বিকশিত ভাৰত নিৰ্মাণৰ আমাৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। ই প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত এক প্ৰভাৱশালী শক্তি হ'ব। ইয়াৰ উপৰি ই সকলোৰে বাবে এ আই নিশ্চিত কৰিব, আমাৰ নাগৰিকসকললৈ অত্যাধুনিক সঁজুলি আগবঢ়াব, আমাৰ ডিজিটেল অৰ্থনীতি বৃদ্ধি কৰিব আৰু বিশ্ব প্ৰযুক্তিৰ নেতা হিচাপে ভাৰতৰ স্থান সুৰক্ষিত কৰিব।- শ্ৰী মোদীয়ে লগতে কয়।

২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 29th, 11:30 am

নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

যোগ আন্দোলন শক্তিশালী কৰাৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশৰ যোগান্ধ্ৰ পদক্ষেপৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

June 22nd, 02:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণক প্ৰশংসা কৰি কয় যে তেওঁলোকে যোগক দৈনন্দিন জীৱনত আকোৱালি লোৱাৰ লগতে প্ৰেৰণাদায়ক দায়বদ্ধতা দেখুৱাই, স্বাস্থ্য আৰু সুস্থতাৰ বাবে দেশজোৰা আন্দোলনক আৰু অধিক আগুৱাই লৈ গৈছে।

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসউদযাপনকাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 21st, 07:06 am

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ লগতে সমগ্ৰ বিশ্বৰ জনতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ১১ সংখ্যক বাৰৰ বাবে সমগ্ৰ বিশ্বই ২১ জুনত একেলগে যোগাসন কৰিছে। যোগৰ অৰ্থ হৈছে কেৱল সংযোগ আৰু যোগে কেনেকৈ সমগ্ৰ বিশ্বখনক সংযোগ কৰিছে, সেয়া আশ্চৰ্য্যকৰ। যোৱা দশকত যোগৰ পৰিক্ৰমালৈ উভতি চালে বহু কথা মনত পৰে। যিদিনা ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়া হওঁক বুলি প্ৰস্তাৱ জনাইছিল আৰু তাৰ পিছতে কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে আমাৰ প্ৰস্তাৱলৈ সমৰ্থন জনাইছিল, সেয়া এক বিৰল ঘটনা আছিল। এনে সংহতি আৰু সমৰ্থন আজিৰ বিশ্বত এক সাধাৰণ পৰিঘটনা নহয়। এয়া কেৱল এটা প্ৰস্তাৱলৈ সমৰ্থন জনোৱা কাৰ্য্য নাছিল, বৰঞ্চ মানৱতাৰ মংগলৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। আজি ১১ বছৰৰ পাছত আমি দেখিবলৈ পাওঁ যে যোগাসন বিশ্বৰ লক্ষ-লক্ষলোকৰ জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। আমাৰ দিব্যাংগজনে ব্ৰেইল মাধ্যমত যোগশাস্ত্ৰ পঢ়িছে, বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰিছে, গাঁৱৰ ডেকা বন্ধুসকলে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াত চাওঁকচোন, নৌসেনাৰ সকলো জাহাজতে যোগাসনৰ কাৰ্য্যসূচী অব্যাহত আছে। ছিডনী অপেৰা হাউছেই হওঁকবা এভাৰেষ্ট শৃংগই হওঁকবা সাগৰৰ বিস্তৃতিয়েই হওঁক, সকলোৱেএটাইবাৰ্তা প্ৰেৰণ কৰিছে – যোগাসন সকলোৰেআৰু সকলোৰে বাবে। যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

June 21st, 06:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD)কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়েআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানেৰে যোগ অধিবেশনত অংশগ্ৰহণ কৰে।

২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

June 19th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 25th, 11:30 am

নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।

১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 30th, 03:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ১ মে'ত মুম্বাই ভ্ৰমণ কৰিব আৰু দিনৰ প্ৰায় ১০.৩০ বজাত বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভছ) উদ্বোধন কৰিব।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমত দেৱাল খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

April 30th, 09:53 am

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমত এখন দেৱাল খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

The Visakhapatnam Steel Plant has a special place in the hearts and minds of the people of Andhra Pradesh: PM

January 17th, 05:45 pm

The Prime Minister, Shri Narendra Modi remarked that the Visakhapatnam Steel Plant has a special place in the hearts and minds of the people of Andhra Pradesh. During yesterday’s Cabinet meeting, it was decided to provide equity support of over Rs. 10,000 crore for the plant, Shri Modi stated.

অহা ৮-৯ জানুৱাৰীত অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 06th, 06:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮–৯ জানুৱাৰী, ২০২৫ তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যা ভ্ৰমণ কৰিব। বহনক্ষম উন্নয়ন, ঔদ্যোগিক বিকাশ আৰু আন্তঃগাঁথনি বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৮ জানুৱাৰীৰ সন্ধিয়া ৫:৩০ বজাত বিশাখাপট্টনমত ২ লাখ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা ৰাখিব। তেওঁ পুৱা ১০ বজাত ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব।

PM Modi addresses public meetings in Telangana’s Kamareddy & Maheshwaram

November 25th, 02:15 pm

Ahead of the Telangana assembly election, PM Modi addressed emphatic public meetings in Kamareddy and Maheshwaram today. He said, “Whenever I come to Telangana, I see a wave of hope among the people here. This wave is the wave of expectation. It is the wave of change. It is the wave of the sentiment that Telangana should achieve the height of development that it deserves.”

গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণ অসমীয়া অনুবাদ

October 17th, 11:10 am

গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে ২০২১ চনত লগ পোৱাৰ সময়ত সমগ্ৰ বিশ্বই ক’ৰোনাৰ অনিশ্চয়তাই আগুৰি ধৰিছিল। কৰ’নাৰ পিছত পৃথিৱীখন কেনেকুৱা হ'ব কোনেও গম পোৱা নাছিল। কিন্তু আজি বিশ্বত এক নতুন বিশ্বব্যৱস্থা গঢ় লৈ উঠিছে আৰু এই পৰিৱৰ্তিত বিশ্বব্যৱস্থাত সমগ্ৰ বিশ্বই নতুন আকাংক্ষাৰে ভাৰতৰ ফালে চাই আছে। অর্থনৈতিক সংকটেৰে আগুৰি থকা পৃথিৱীখনত ভাৰতৰ অর্থনীতি অহৰহ শক্তিশালী হৈ আছে৷ ভাৰত বিশ্বৰ শীৰ্ষ ৩ খন অৰ্থনৈতিক শক্তিৰ ভিতৰত অন্যতম হোৱাৰ দিনটোলৈ আৰু বেছি পৰ নাই। আমি সকলোৱে জানো যে বিশ্বৰ সৰ্বোচ্চ বাণিজ্য কেৱল সাগৰীয় পথৰ জৰিয়তেহে হয়। ক’ৰোনাৰ পিছৰ জগতখনত আজি বিশ্বক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰয়োজনো। সেইবাবেই গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ এই সংস্কৰণটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ উদ্বোধন কৰে

October 17th, 10:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুম্বাইত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২৩ৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা ‘অমৃত কাল ভিজন, ২০৪৭’ উন্মোচন কৰে। এই ভৱিষ্যৎ পৰিকল্পনাৰে সংগতি ৰাখি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ বাবে ‘অমৃত কাল ভিজন, ২০৪৭’ৰে সংগতিপূৰ্ণ ২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই সন্মিলনে দেশখনৰ সামুদ্ৰিক খণ্ডত বিনিয়োগক আকৰ্ষণৰ বাবে এক উৎকৃষ্ট মঞ্চ প্ৰশস্ত কৰিছে।

তেলেংগানাৰ মাহবুবনগৰত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 01st, 02:43 pm

তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন জী, মোৰ সতীৰ্থ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী জি. কিষাণ ৰেড্ডী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী সঞ্জয় কুমাৰ বাণ্ডী জী, ইয়াত উপস্থিত আন-আন বিশিষ্ট ব্যক্তিসকল!

তেলেংগানাৰ মেহবুবনগৰত ১৩,৫০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

October 01st, 02:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ মেহবুবনগৰত ১৩,৫০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত গড়কাপ্তানী, ৰে’ল, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে গুৰুত্বপূৰ্ণ খণ্ড আৰু উচ্চ শিক্ষাৰ প্ৰকল্প অন্তৰ্ভুক্ত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে।

ছত্তীশগড়ৰ ৰায়গড়ত ৰে’ল খণ্ডৰ প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 03:58 pm

ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী টি এছ সিংদেৱজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী ভগ্নী ৰেণুকা সিংহজী, সাংসদ মহোদয়া, বিধায়কগণ আৰু ছত্তীশগড়ৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল!

ছত্তীশগড়ৰ ৰায়গড়ত প্ৰায় ৬,৩৫০ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

September 14th, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ ৰায়গড়ত প্ৰায় ৬,৩৫০ কোটি টকাৰ ৰে’ল প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে। তেওঁ ছত্তীশগড়ৰ ৯ খন জিলাত ৫০ খন বিচনাযুক্ত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰে আৰু পৰীক্ষা কৰা লোকসকলক ১ লাখ চিকল চেল কাউন্সেলিং কাৰ্ড বিতৰণ কৰে। এই ৰে’ল প্ৰকল্পসমূহৰ ভিতৰত আছে ছত্তীশগড় পূৱ ৰে’ল প্ৰকল্প প্ৰথম পৰ্যায়, চম্পাৰ পৰা জামগাৰ মাজত তৃতীয় ৰে’ল লাইন, পেন্দ্ৰা ৰোডৰ পৰা অনুপপুৰলৈ তৃতীয় ৰে’ল লাইন আৰু তালাইপল্লী কয়লা খনিক এনটিপিচি লাৰা চুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচনৰ সৈতে সংযোগ কৰা এমজিআৰ (মেৰি-গো-ৰাউণ্ড) প্ৰণালী।

ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

March 18th, 11:17 pm

ইণ্ডিয়া টুডে কনক্লেভত আমাৰ সৈতে থকা সকলো গণ্যমান্য ব্যক্তিক শুভেচ্ছা জনাইছো! ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা ভাৰত আৰু বিদেশৰ দৰ্শক আৰু পঢ়ুৱৈসকলক শুভেচ্ছা জনাইছো। মই এইটো দেখি আনন্দিত যে এই সন্মিলনৰ বিষয়বস্তু হৈছে - দ্য ইণ্ডিয়া মোমেন্ট। আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ, বিশ্লেষক, চিন্তাবিদসকলে সমস্বৰে কৈছে যে এইটো ভাৰতৰ মুহূৰ্ত। কিন্তু যেতিয়া ইণ্ডিয়া টুডে গোটে এই আশাবাদ প্ৰদৰ্শন কৰে, ই 'অতিৰিক্ত বিশেষ'। অৱশ্যে, মই ২০ মাহ পূৰ্বে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলো - এইটো সময়, সঠিক সময়। কিন্তু এই স্থিতিত উপনীত হ'বলৈ ২০ মাহ সময় লাগিছিল। তেতিয়াও আত্মা একে আছিল – এয়া হৈছে ভাৰতৰ মুহূৰ্ত।

ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 18th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন কৰে।