ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 29th, 06:45 pm

আজি ভগৱান জগন্নাথ জীৰ আশীৰ্বাদত দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। 'বিকশিত কৃষি সংকল্প অভিযান' স্বৰূপাৰ্থতে এক অনন্য পদক্ষেপ। বাৰিষাৰ আগমন ঘটিছে, খাৰিফ বতৰৰ বাবে প্ৰস্তুতি চলি আছে আৰু এনে পৰিস্থিতিত আগন্তুক ১২ৰ পৰা ১৫ দিনলৈকে দেশৰ বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰ ২ হাজাৰৰো অধিক গোট, ২ হাজাৰৰো অধিক টিম গাঁৱে গাঁৱে গৈছে। এই দলসমূহে দেশৰ ৭০০ৰো অধিক জিলাৰ কোটি কোটি কৃষকৰ কাষ চাপিব। মই দেশৰ সকলো কৃষকক, এই দলসমূহৰ সৈতে জড়িত সকলো সহকৰ্মীলৈ, এই মহা অভিযানৰ বাবে, এক বৃহৎ অভিলাষী কাৰ্যসূচীৰ বাবে আৰু কৃষিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।

বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 29th, 06:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে ভাষণত তেওঁ কৃষকৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ আৰু কৃষি উন্নয়নত সহায়ৰ বাবে এক অনন্য প্ৰচেষ্টা হিচাপে বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰা বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বাৰিষা ওচৰ চাপি অহাৰ লগে লগে আৰু খাৰিফ বতৰৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১২ৰ পৰা ১৫ দিনত বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰে গঠিত ২০০০ দলে ৭০০তকৈ অধিক জিলা ভ্ৰমণ কৰি গাঁৱৰ লাখ লাখ কৃষকৰ কাষ চাপিব। ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ নিষ্ঠা স্বীকাৰ কৰি তেওঁ এই দলসমূহৰ সকলো কৃষক আৰু অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।