আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 05:15 pm
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গৱৰ্ণৰ এডমিৰেল ডি.কে. যোশী, নেতাজী সুভাষ চন্দ্ৰ বসু আই এন এ ট্ৰাষ্টৰ অধ্যক্ষ, ব্ৰিগেডিয়াৰ আৰ এছ ছিকাৰা জী; ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণকাৰী তথা আই এন এৰ চিৰন্তন উজ্জ্বল পুৰুষ লেফটেনেণ্ট আৰ মাধৱন জী,আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 23rd, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২৩ জানুৱাৰী তাৰিখটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মৰ গৌৰৱময় তাৰিখ। তেওঁ মন্তব্য কৰে যে নেতাজীৰ সাহস আৰু পৰাক্ৰমে আমাক অনুপ্ৰাণিত কৰে আৰু তেওঁৰ প্ৰতি মন শ্ৰদ্ধাৰে ভৰাই তোলে। তেওঁ আলোকপাত কৰে যে শেহতীয়া বছৰবোৰত পৰাক্ৰম দিৱস দেশৰ এক অবিচ্ছেদ্য উৎসৱত পৰিণত হৈছে। শ্ৰী মোদীয়ে কয় যে ২৩ জানুৱাৰী পৰাক্ৰম দিৱস, ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২৬ জানুৱাৰী গণৰাজ্য দিৱস, ২৯ জানুৱাৰী বিটিং ৰিট্ৰিট আৰু ৩০ জানুৱাৰী শ্ৰদ্ধাৰ বাপুৰ মৃত্যু বাৰ্ষিকী, এয়া গণৰাজ্যৰ ভৱিষ্যৎ উৎসৱ উদযাপনৰ এক নতুন পৰম্পৰা গঢ়ি তোলা এক সুখৰ কাকতালীয় পৰিঘটনা। তেওঁ পৰাক্ৰম দিৱসৰ দিনটোত দেশৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 29th, 06:45 pm
আজি ভগৱান জগন্নাথ জীৰ আশীৰ্বাদত দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। 'বিকশিত কৃষি সংকল্প অভিযান' স্বৰূপাৰ্থতে এক অনন্য পদক্ষেপ। বাৰিষাৰ আগমন ঘটিছে, খাৰিফ বতৰৰ বাবে প্ৰস্তুতি চলি আছে আৰু এনে পৰিস্থিতিত আগন্তুক ১২ৰ পৰা ১৫ দিনলৈকে দেশৰ বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰ ২ হাজাৰৰো অধিক গোট, ২ হাজাৰৰো অধিক টিম গাঁৱে গাঁৱে গৈছে। এই দলসমূহে দেশৰ ৭০০ৰো অধিক জিলাৰ কোটি কোটি কৃষকৰ কাষ চাপিব। মই দেশৰ সকলো কৃষকক, এই দলসমূহৰ সৈতে জড়িত সকলো সহকৰ্মীলৈ, এই মহা অভিযানৰ বাবে, এক বৃহৎ অভিলাষী কাৰ্যসূচীৰ বাবে আৰু কৃষিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 29th, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে ভাষণত তেওঁ কৃষকৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ আৰু কৃষি উন্নয়নত সহায়ৰ বাবে এক অনন্য প্ৰচেষ্টা হিচাপে বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰা বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বাৰিষা ওচৰ চাপি অহাৰ লগে লগে আৰু খাৰিফ বতৰৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১২ৰ পৰা ১৫ দিনত বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰে গঠিত ২০০০ দলে ৭০০তকৈ অধিক জিলা ভ্ৰমণ কৰি গাঁৱৰ লাখ লাখ কৃষকৰ কাষ চাপিব। ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ নিষ্ঠা স্বীকাৰ কৰি তেওঁ এই দলসমূহৰ সকলো কৃষক আৰু অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।