ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ইণ্ডিয়া চিপ লিমিটেডৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 21st, 05:30 pm

আজি ভাৰতে বিকাশৰ লক্ষ্যৰে দ্ৰুতগতিত কাম কৰি আছে। আৰু মই লালকিল্লাৰ পৰাও কৈছো যে ভাৰতৰ এতিয়া থমকি ৰ'বলৈ সময় নাই। ২০২৬ চনৰ আৰম্ভণিৰ পৰা ভাৰতে ইয়াৰ গতি আৰু অধিক বৃদ্ধি কৰিছে। ১২ জানুৱাৰীত দেশৰ লাখ লাখ যুৱক-যুৱতীয়ে বিকশিত ভাৰত যুৱ নেতা সন্মিলনত অংশগ্ৰহণ কৰিছিল। ১৬ জানুৱাৰীত আমি ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱক নতুন শক্তি প্ৰদান কৰি ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস পালন কৰিছিলো। তাৰপাছত আহিল বাজেট, যিয়ে বিকশিত ভাৰতক নতুন গতি প্ৰদান কৰিলে আৰু এতিয়া এই সপ্তাহটো ভাৰতৰ বাবে ঐতিহাসিক হিচাপে প্ৰমাণিত হৈছে। বিশ্ব এআই ইম্পেক্ট ছামিটত বিশ্বৰ বহু দেশৰ ৰাষ্ট্ৰপ্ৰধান, প্ৰযুক্তি জগতৰ অগ্ৰণী ব্যক্তি দিল্লীত সমবেত হৈছে। এই সন্মিলনত বিশ্বই ভাৰতৰ এআইৰ সম্ভাৱনীয়তা দেখিছে, আমাৰ দৃষ্টিভংগী বুজি পাইছে আৰু প্ৰশংসা কৰিছে।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 21st, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব এআই ইম্পেক্ট ছামিটৰ পিছত এই অনুষ্ঠানটো ভাৰতৰ অৰ্ধপৰিবাহী ক্ষেত্ৰৰ এক বিশ্ব কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ যাত্ৰাত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 12th, 06:45 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে

January 12th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে ১২ জানুৱাৰীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত অংশগ্ৰহণ কৰিব

January 10th, 11:03 am

স্বামী বিবেকানন্দৰ জয়ন্তী অৰ্থাৎ ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীৰ বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ অতুলনীয় শক্তি আৰু দায়বদ্ধতাত আলোকপাত কৰে

January 10th, 08:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱ প্ৰজন্মৰ মনোভাৱ আৰু দৃঢ়তাত আলোকপাত কৰি আগন্তুক বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ সৈতে মিলিত হ’বলৈ উৎসাহ প্ৰকাশ কৰে।

এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী

December 28th, 11:30 am

‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ ২.০-ত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়

October 27th, 08:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱক-যুৱতীসকলক বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ ২.০-ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই ইয়াক ৰাষ্ট্ৰ নিৰ্মাণত অৰ্থপূৰ্ণভাৱে বৰঙণি আগবঢ়োৱাৰ এক মূল্যৱান সুযোগ বুলি অভিহিত কৰে।

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

January 27th, 05:00 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!

এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

January 27th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।

নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

January 19th, 11:30 am

In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.

২০২৫ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৰকীয় আৰম্ভণিঃ মাত্ৰ ১৫ দিনতে কল্পদৃষ্টিক বাস্তৱলৈ ৰূপান্তৰকৰণ

January 16th, 02:18 pm

২০২৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিক ৰূপান্তৰশীল পদক্ষেপ গ্ৰহণেৰে ইয়াৰ আৰম্ভণি কৰিছে। এই কাৰ্য্যই এখনি প্ৰগতিশীল, আত্মনিৰ্ভৰ আৰু ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক প্ৰদৰ্শন কৰে। আন্তঃগাঁথনি আৰু বৈজ্ঞানিক গৱেষণাৰ অগ্ৰগতিৰপৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনলৈকে তেওঁৰ নেতৃত্বই আগন্তুক এটা উল্লেখযোগ্য বছৰৰ ৰূপৰেখা অংকন কৰিছে।

নতুন দিল্লীৰ ভাৰত মণ্ডপামত বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

January 12th, 02:15 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী মানসুখ মাণ্ডভিয়া জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, জয়ন্ত চৌধুৰী জি, ৰক্ষা খাদছে জী, সংসদ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ ​​পৰা ইয়াত উপস্থিত মোৰ ডেকা বন্ধুসকল!

বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ

January 12th, 02:00 pm

ৰাষ্ট্ৰীয় যুৱ দিৱসত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰে। তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ সচেতন যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰে। ভাষণৰ সময়ত তেওঁ ভাৰত মণ্ডপামৰ জীৱন আৰু উৎসাহ কঢ়িয়াই অনা ভাৰতৰ যুৱক-যুৱতীসকলৰ সজীৱ শক্তিক প্ৰশংসা কৰে। দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ ওপৰত অপৰিসীম বিশ্বাস থকা স্বামী বিবেকানন্দক সমগ্ৰ দেশে স্মৰণ আৰু সন্মান জনাই থকা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে স্বামী বিবেকানন্দৰ বিশ্বাস যে তেওঁৰ শিষ্যসকল নৱ প্ৰজন্মৰ মাজৰ পৰাই ওলাই আহিব, যিয়ে সিংহৰ শক্তিৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব আৰু সমাধান কৰিব। প্ৰধানমন্ত্ৰীয়ে নৱ প্ৰজন্মৰ শক্তিৰ ওপৰত নিজৰ বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ প্ৰজন্মৰ প্ৰতি স্বামীজীৰ দৃষ্টিভংগীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে স্বামী বিবেকানন্দ আজি যদি জীয়াই থাকে তেন্তে একবিংশ শতিকাৰ যুৱক-যুৱতীসকলৰ জাগ্ৰত শক্তি আৰু সক্ৰিয় প্ৰচেষ্টাক প্ৰত্যক্ষ কৰি তেওঁ নৱীকৃত আত্মবিশ্বাসেৰে ভৰি পৰিব।

PM Modi interacts with Rashtriya Bal Puraskar awardees

December 26th, 09:54 pm

PM Modi interacted with the 17 awardees of Rashtriya Bal Puraskar in New Delhi. During the candid interaction, the PM heard the life stories of the children and encouraged them to strive harder in their lives. He congratulated all the youngsters and wished them the very best for their future endeavours.

Our constitution embodies the Gurus’ message of Sarbat da Bhala—the welfare of all: PM Modi

December 26th, 12:05 pm

The Prime Minister, Shri Narendra Modi participated in Veer Baal Diwas today at Bharat Mandapam, New Delhi.Addressing the gathering on the occasion of the 3rd Veer Baal Diwas, he said their Government had started the Veer Baal diwas in memory of the unparalleled bravery and sacrifice of the Sahibzades.

PM Modi participates in Veer Baal Diwas programme in New Delhi

December 26th, 12:00 pm

The Prime Minister, Shri Narendra Modi participated in Veer Baal Diwas today at Bharat Mandapam, New Delhi.Addressing the gathering on the occasion of the 3rd Veer Baal Diwas, he said their Government had started the Veer Baal diwas in memory of the unparalleled bravery and sacrifice of the Sahibzades.

'স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ

December 11th, 05:00 pm

মই সদায় লালকিল্লাৰ পৰা উল্লেখ কৰি অহা এটা কথা চাগৈ আপোনালোক সকলোৱে মনত ৰাখিছে। মই কৈ অহা কথাষাৰ হৈছে 'সব কা প্ৰয়াস' (সকলোৰে প্ৰচেষ্টা) হৈছে মূল চাবিকাঠি- আজিৰ ভাৰতে কেৱল সকলোৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে দ্ৰুত গতিত আগবাঢ়িব পাৰিব। এই নীতিৰ এক উদাহৰণ হৈছে আজি। মই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ৰ এই বৰ্ণাঢ্য সামৰণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। যেতিয়াই মই আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ মাজত থকাৰ সুযোগ পাওঁ মই নতুন অন্তৰ্দৃষ্টি শিকিবলৈ, বুজিবলৈ আৰু প্ৰাপ্ত কৰাৰ সুযোগ পাওঁ। আপোনালোক সকলোৰে পৰা মোৰ অপাৰ প্ৰত্যাশা আছে। একবিংশ শতিকাৰ ভাৰতখনক চোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ এক অনন্য দৃষ্টিভংগী আছে, আৰু সেয়েহে আপোনালোকৰ সমাধানবোৰো অনন্য হয়। যেতিয়া আপোনালোকে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আপোনালোকে নতুন আৰু সৃজনশীল সমাধানৰে সঁহাৰি দিয়ে। মই আগতে কেবাটাও হেকাথনত অংশগ্ৰহণ কৰিছিলোঁ, আৰু আপোনালোকে মোক কেতিয়াও হতাশ কৰা নাই। আপোনালোকে সদায় আপোনালোকৰ ওপৰত থকা মোৰ বিশ্বাসক শক্তিশালী কৰি আহিছে। আগতে অংশগ্ৰহণ কৰা দলবোৰে সমাধান প্ৰদান কৰিছে, যিবোৰ এতিয়া বিভিন্ন মন্ত্ৰালয়ত কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হৈছে। এতিয়া, এই হেকাথনত মই জানিবলৈ আগ্ৰহী যে দেশৰ বিভিন্ন প্ৰান্তৰ দলবোৰে কি কি প্ৰসংগত কাম কৰি আছে। মই আপোনালোকৰ উদ্ভাৱনৰ বিষয়ে শিকিবলৈ বাৰুকৈয়ে আগ্ৰহী। গতিকে, আৰম্ভ কৰোঁ আহক! কোনে প্ৰথমে আমাৰ সৈতে কথা পাতিব বিচাৰিব?

আমাৰ যুৱ শক্তিৰ প্ৰতিভা আৰু কৌশল উল্লেখযোগ্য: প্ৰধানমন্ত্ৰী

December 11th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণৰ পৰা ‘সবকা প্ৰয়াস’ পুনৰাবৃত্তি কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে আজিৰ ভাৰতবৰ্ষই ‘সবকা প্ৰয়াস’ বা সকলোৰে প্ৰচেষ্টাৰে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু আজিৰ এই অনুষ্ঠানটো ইয়াৰে এক আদৰ্শ। “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালেৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আহিছো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ উদ্ভাৱকসকলৰ মাজত থাকিলে নতুন কিবা এটা শিকিবলৈ আৰু বুজিবলৈ সুযোগ পায়। যুৱ উদ্ভাৱকসকলৰ প্ৰতি তেওঁৰ উচ্চ আশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একবিংশ শতিকাৰ ভাৰতক বেলেগ ধৰণে চোৱাৰ দৃষ্টিভংগী আছে। সেয়ে শ্ৰী মোদীয়ে কয় যে আপোনালোকৰ সমাধানো বেলেগ আৰু নতুন প্ৰত্যাহ্বান আহিলে নতুন আৰু অনন্য সমাধানৰ কথা উলিয়ায়। পূৰ্বতে হেকাথনৰ অংশ হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলাফলত তেওঁ কেতিয়াও হতাশ হোৱা নাই। “আপোনালোকে মোৰ বিশ্বাসক মাত্ৰ সাহস দিছে”, পূৰ্বতে প্ৰদান কৰা সমাধানসমূহ বিভিন্ন মন্ত্ৰালয়ত ব্যৱহাৰ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ কয়। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আদান-প্ৰদান আৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে যুৱসকলক কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যিয়ে তেওঁলোকক বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগৰ অংশ হোৱাটো নিশ্চিত কৰিব পাৰে

November 27th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুৱসকলক কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় যিয়ে তেওঁলোকক ঐতিহাসিক বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগৰ অংশ হোৱাটো নিশ্চিত কৰিব পাৰে। তেওঁ মন্তব্য কৰে যে বিকশিত ভাৰতৰ আমাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এয়া তেওঁলোকৰ উল্লেখনীয় অৱদান হ'ব।