নৱ ৰায়পুৰত ছত্তীশগড় ৰজত মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
November 01st, 03:30 pm
ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, ৰাজ্যৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সাই, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহযোগী জুৱেল ওৰাং, দুৰ্গাজী সাহাছ, টা উ ৰাজ্য বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী অৰুণ সাহু, দুৰ্গা দাস উইকে, টোখান সাহু, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী অৰুণ সাহু, বিজয় শৰ্মা ,উপস্থিত মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ছত্তীশগড়ৰ অসংখ্যক ভাই-ভনীসকলকপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 01st, 03:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন ৰায়পুৰত ৰাজ্য হিচাপে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্তি উপলক্ষে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচী সম্বোধন কৰে। তেওঁ ১৪,২৬০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক আৰু ৰূপান্তৰশীল প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, উদ্যোগ, স্বাস্থ্যসেৱা আৰু শক্তিৰ দৰে মূল খণ্ডসমূহক সামৰি লৈছে। প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়বাসীক সম্ভাষণ জনাই কয় যে আজি ৰাজ্য হিচাপে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে তেওঁ সমূহ ছত্তীশগড়বাসীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।নৱ ৰায়পুৰত ছট্টিশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
November 01st, 01:30 pm
আজি ছট্টিশগড়ৰ উন্নয়ন যাত্ৰাৰ এক সোণালী অধ্যায়। ব্যক্তিগতভাৱে এয়া মোৰ বাবেও অতি বিশেষ আৰু আনন্দৰ দিন। বহু দশক ধৰি এই ভূমিৰ সৈতে আৱেগিকভাৱে জড়িত হৈ আছো। এগৰাকী দলীয় কৰ্মী হিচাপে মই ছট্টিশগড়ত বহু সময় কটাইছো আৰু ইয়াৰ মানুহৰ পৰা বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছোঁ। মোৰ জীৱন গঢ় দিয়াত এই ৰাজ্যৰ জনসাধাৰণ আৰু পৰিৱেশে ডাঙৰ ভূমিকা লৈছে। ছট্টিশগড় গঠনৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰা আৰম্ভ কৰি, ইয়াক ৰাজ্য হিচাপে অস্তিত্বলৈ অনালৈকে, আৰু তাৰ পিছৰ যি অগ্ৰগতি, এই যাত্ৰাৰ প্ৰতিটো পৰ্যায় মই দেখিছো। আৰু আজি ছট্টিশগড় গঠনৰ ২৫ বছৰ পূৰ্ণ হোৱা সময়ততে পুনৰবাৰ এই ঐতিহাসিক মুহূৰ্তৰ অংশ হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো। এই ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই স্মৰণীয় `দিৱসৰ বাবে ছট্টিশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, ছট্টিশগড় বিধানসভাৰ অধ্যক্ষ ৰমন সিং ডাঙৰীয়া, মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ টোখন চাহু ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মা ডাঙৰীয়া আৰু অৰুণ ছাও ডাঙৰীয়া, বিৰোধী দলৰ নেতা চৰণ দাস মহন্ত ডাঙৰীয়া, অন্যান্য সন্মানীয় মন্ত্ৰী, জনপ্ৰতিনিধি, আৰু ইয়াত উপস্থিত থকা সকলোকে মোৰ উষ্ম সম্ভাষণ ও শুভেচ্ছা!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ নৱ ৰায়পুৰত ৰাজ্য খনৰ বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে
November 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত ছত্তীশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ছত্তীশগড়ৰ উন্নয়ন যাত্ৰাৰ বাবে এক সোণালী আৰম্ভণি। তেওঁ উল্লেখ কৰে যে ব্যক্তিগতভাৱে তেওঁৰ বাবে এয়া এটা অতি আনন্দময় আৰু উল্লেখযোগ্য দিন। কেইবা দশক ধৰি লালন-পালন কৰা এই ভূমিৰ সৈতে তেওঁৰ গভীৰ আৱেগিক বন্ধনক তেওঁ আলোকপাত কৰিছিল। দলীয় কৰ্মী হিচাপে থকা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ ছত্তীশগড়ত যথেষ্ট সময় কটাইছিল আৰু বহু কথা শিকিছিল। তেওঁ ছত্তীশগড়ৰ দৃষ্টিভংগী, ইয়াৰ সৃষ্টিৰ সংকল্প আৰু সেই সংকল্প পূৰণৰ কথা মনত পেলাই কয় যে তেওঁ ছত্তীশগড়ৰ ৰূপান্তৰৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈ আহিছে। ৰাজ্যখনে ২৫ বছৰীয়া যাত্ৰাত এক বৃহৎ মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে এই মুহূৰ্তৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। ৰূপালী জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাৰ সুবিধা পাইছো। এই উপলক্ষে তেওঁ ছত্তীশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।ছত্তীশগড়ৰ বিলাসপুৰত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 30th, 06:12 pm
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাজী; ৰাজ্যখনৰ জনপ্ৰিয় আৰু সদা সচেষ্ট মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণুদেও সাইজী; কেন্দ্ৰীয় কেবিনেটত মোৰ সন্মানীয় সহকৰ্মী মনোহৰ লালজী; এই অঞ্চলৰ সংসদ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী তোখন সাহুজী; ছত্তীশগড় বিধান সভাৰ অধ্যক্ষ আৰু মোৰ মৰমৰ বন্ধু ৰমন সিংজী; উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাজী; অৰুণ সাহু জী; ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল; আৰু দূৰদূৰণিৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ ভাই-ভনীসকল!ছট্টিশগড়ৰ বিলাসপুৰত আধাৰশিলা স্থাপন তথা ৩৩,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 30th, 03:30 pm
আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি আৰু বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণেৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰত কেবাটাও আধাৰশিলা স্থাপন কৰাৰ উপৰি বিভিন্ন প্ৰকল্পৰ কাম আৰম্ভ কৰে, আৰু ৩৩,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প দেশৰ প্ৰতি উৎসৰ্গা কৰে। নৱবৰ্ষৰ শুভক্ষণ আৰু নৱৰাত্ৰিৰ প্ৰথম দিনটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ছট্টিশগড়ৰ গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত বাখ্যা কৰি ইয়াক মা মহামায়াৰ ভূমি আৰু মা কৌশলৰ মাতৃগৃহ বুলি অভিহিত কৰে। তেওঁ এই শুভ দিনটোত ছট্টিশগড়ত উপস্থিত থাকিবলৈ পোৱাৰ সৌভাগ্য বুলি প্ৰকাশ কৰি নাৰী দেৱীত্বৰ প্ৰতি উৎসৰ্গিত নৱৰাত্ৰিৰ ন দিনৰ বিশেষ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। শেহতীয়াকৈ তেওঁ ভক্ত শিৰোমণি মাতা কৰ্মৰ সন্মানত শেহতীয়াকৈ ডাক টিকট জাৰি কৰা বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে সমগ্ৰ জীৱন ভগৱান ৰামৰ নাম জপতেই উৎসৰ্গা কৰা ৰামনামী সমাজৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাক আলোকপাত কৰি আড়ম্বৰপূৰ্ণতাৰে ৰাম নৱমী উদযাপনৰ দ্বাৰা ছট্টিশগড়ত নৱৰাত্ৰি উৎসৱৰ সমাপন হ’ব। তেওঁ ছট্টিশগড়বাসীক ভগৱান ৰামৰ মাতৃ পৰিয়াল বুলি অভিহিত কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।Our government is dedicated to tribal welfare in Chhattisgarh: PM Modi in Surguja
April 24th, 10:47 pm
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi was accorded a splendid welcome by the people of Surguja as he addressed a public rally in Chhattisgarh. He thanked Ambikapur for showering blessings on him, with voices reiterating, 'Fir ek Baar Modi Sarkar.'Surguja's splendid welcome for PM Modi as he addresses a rally in Chhattisgarh
April 24th, 10:49 am
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi was accorded a splendid welcome by the people of Surguja as he addressed a public rally in Chhattisgarh. He thanked Ambikapur for showering blessings on him, with voices reiterating, 'Fir ek Baar Modi Sarkar.'২৪ ফেব্ৰুৱাৰীত ‘বিকশিত ভাৰত বিকশিত ছত্তীশগড়’ অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
February 22nd, 05:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰী, ২০২৪ত দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত ছত্তীশগড়’ কাৰ্যসূচীত ভাষণ আগবঢ়াব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৩৪,৪০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে পথ, ৰে’লৱে, কয়লা, শক্তি, সৌৰশক্তি আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডক সামৰি ল’ব।