২০২৫ চনৰ মাৰ্চৰ পিছত ২০২৮ চনৰ মাৰ্চলৈকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা-III (পিএমজিএছৱাই-III) অব্যাহত ৰখাত মন্ত্ৰীসভাই অনুমোদন জনায়
April 18th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫ চনৰ মাৰ্চৰ পিছত ২০২৮ চনৰ মাৰ্চলৈকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা-III (PMGSY-III) অব্যাহত ৰখাৰ বাবে অনুমোদন প্ৰদান কৰিছে ।১৩ এপ্ৰিলত ‘নাৰী শক্তি বন্দন সন্মিলন’ত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
April 12th, 04:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ এপ্ৰিল, ২০২৬ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘নাৰী শক্তি বন্দন সন্মিলন’ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ জন সমাৱেশক সম্বোধন কৰিব।‘কৰ্মযোগী সাধনা সপ্তাহ’ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 02nd, 10:40 am
কৰ্মযোগী সাধনা সপ্তাহৰ আয়োজন কৰাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। একবিংশ শতিকাৰ এই সময়ছোৱাত, দ্ৰুতগতিত সলনি হোৱা ব্যৱস্থা, দ্ৰুতগতিত সলনি হোৱা বিশ্ব আৰু আমাৰ ভাৰত তেওঁলোকৰ মাজত একে গতিৰে আগবাঢ়ি থকাৰ বাবে, সময় অনুসৰি ৰাজহুৱা সেৱাক নিৰন্তৰ আপডেট কৰাটো প্ৰয়োজনীয়। কৰ্মযোগী সাধনা সপ্তাহ সেই প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ। আপোনালোক সকলোৱে জানে যে আজি আমি যি শাসন নীতিৰ সৈতে আগবাঢ়িছো সেয়া হৈছে মূল মন্ত্ৰ-নাগৰিক দেৱ ভৱ। এই মন্ত্ৰত সন্নিবিষ্ট মনোভাৱৰ সৈতে, আজি ৰাজহুৱা সেৱাক অধিক সক্ষম, নাগৰিকৰ প্ৰতি অধিক সংবেদনশীল কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এতিয়া শাসনক নাগৰিককেন্দ্ৰিক কৰি এক নতুন পৰিচয় প্ৰদান কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মযোগী সাধনা সপ্তাহ সম্বোধন
April 02nd, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষমতা নিৰ্মাণ আয়োগ (চি বি চি)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কৰ্মযোগী সাধনা সপ্তাহ সম্বোধন কৰে।কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়
March 25th, 05:35 pm
ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।Cabinet approves Regional Connectivity Scheme – Modified UDAN with a total outlay of Rs.28,840 crore
March 25th, 04:16 pm
The Union Cabinet, chaired by PM Modi, has approved the launch and implementation of the Regional Connectivity Scheme – Modified UDAN for a period of ten years from FY 2026-27 to FY 2035-36, with a total outlay of Rs. 28,840 crore. In line with the Viksit Bharat 2047 vision, this initiative will enhance regional air connectivity, boost economic growth, trade and tourism and promote the indigenous aerospace sector.নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 27th, 08:30 pm
আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে
February 27th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।সেৱা সংকল্প প্ৰস্তাৱ
February 24th, 04:53 pm
২০২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয় 'সেৱা তীৰ্থ'ত কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন ঐতিহাসিক বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক আৰু এই ভৱনটো নতুন ভাৰতৰ পুনৰ্গঠনৰ এক দৃশ্যমান প্ৰকাশ। এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আমি এনে এক ভৱিষ্যতক আদৰণি জনাইছো যি ভৱিষ্যত গঢ় দিবলৈ শতিকাজোৰা শ্ৰমৰ প্ৰয়োজন হৈছিল। স্বাধীনতাৰ পিছৰ বহু কেইটা দশক ধৰি চৰকাৰসমূহে চাউথ ব্লকৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই দেশৰ উত্তৰাধিকাৰক লালন-পালন কৰি আহিছে আৰু ভৱিষ্যতৰ সোপন ৰচিছে । আমি এনে এখন ভাৰতৰ সপোন দেখিছিলো, যিখন ভাৰতৰ চিন্তাধাৰা থলুৱাৰ সৈতে সংপৃক্ত , ইয়াৰ ৰূপ আধুনিক আৰু ইয়াৰ সম্ভাৱনাও অসীম। আজি এই সেৱা তীৰ্থ সেই ধাৰণাৰেই এক মূৰ্ত ৰূপ, যিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ইণ্ডিয়া চিপ লিমিটেডৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 21st, 05:30 pm
আজি ভাৰতে বিকাশৰ লক্ষ্যৰে দ্ৰুতগতিত কাম কৰি আছে। আৰু মই লালকিল্লাৰ পৰাও কৈছো যে ভাৰতৰ এতিয়া থমকি ৰ'বলৈ সময় নাই। ২০২৬ চনৰ আৰম্ভণিৰ পৰা ভাৰতে ইয়াৰ গতি আৰু অধিক বৃদ্ধি কৰিছে। ১২ জানুৱাৰীত দেশৰ লাখ লাখ যুৱক-যুৱতীয়ে বিকশিত ভাৰত যুৱ নেতা সন্মিলনত অংশগ্ৰহণ কৰিছিল। ১৬ জানুৱাৰীত আমি ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱক নতুন শক্তি প্ৰদান কৰি ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস পালন কৰিছিলো। তাৰপাছত আহিল বাজেট, যিয়ে বিকশিত ভাৰতক নতুন গতি প্ৰদান কৰিলে আৰু এতিয়া এই সপ্তাহটো ভাৰতৰ বাবে ঐতিহাসিক হিচাপে প্ৰমাণিত হৈছে। বিশ্ব এআই ইম্পেক্ট ছামিটত বিশ্বৰ বহু দেশৰ ৰাষ্ট্ৰপ্ৰধান, প্ৰযুক্তি জগতৰ অগ্ৰণী ব্যক্তি দিল্লীত সমবেত হৈছে। এই সন্মিলনত বিশ্বই ভাৰতৰ এআইৰ সম্ভাৱনীয়তা দেখিছে, আমাৰ দৃষ্টিভংগী বুজি পাইছে আৰু প্ৰশংসা কৰিছে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 21st, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব এআই ইম্পেক্ট ছামিটৰ পিছত এই অনুষ্ঠানটো ভাৰতৰ অৰ্ধপৰিবাহী ক্ষেত্ৰৰ এক বিশ্ব কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ যাত্ৰাত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
February 19th, 10:00 am
বিশ্বৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। এই সন্মিলন অনুষ্ঠিত হোৱা ভাৰতে মানৱতাৰ এক ষষ্ঠাংশক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ বাসস্থান ভাৰতত সৰ্ববৃহৎ প্ৰযুক্তিগত প্ৰতিভাৰ স্থান, যি সৰ্ববৃহৎ প্ৰযুক্তি-সক্ষম পৰিৱেশ-প্ৰণালীৰ উদাহৰণ। ভাৰতে নতুন প্ৰযুক্তিও সৃষ্টি কৰে আৰু অভূতপূৰ্ব দ্ৰুততাৰে ইয়াক গ্ৰহণ কৰে। নতুন প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ১.৪০ কোটি ভাৰতীয়ৰ ফালৰ পৰা, মই চৰকাৰৰ মুৰব্বীসকল, বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ-প্ৰণালীৰ নেতাসকল আৰু উদ্ভাৱকসকলক এই সন্মিলনলৈ স্বাগতম জনাইছো।PM Modi inaugurates India AI Impact Summit 2026
February 19th, 09:40 am
PM Modi inaugurated the AI Impact Summit 2026 and remarked that the world’s largest AI Impact Summit is being held in India, a nation representing one-sixth of humanity. He highlighted that the core purpose of the summit is to deliberate on how AI can be made human-centric. He also presented India’s M.A.N.A.V. Vision for AI and extended an invitation to the world with the call: ‘Design and Develop in India. Deliver to the World. Deliver to Humanity’.ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 13th, 08:30 pm
গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
February 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 13th, 06:55 pm
আজি আমি সকলোৱে ইতিহাস ৰচনাৰ সাক্ষী হৈছো। আজি বিক্ৰম সংবাত ২০৮২, ফাগুন কৃষ্ণ পক্ষ, বিজয়া একাদশী, ২৪ মাঘৰ শুভ ক্ষণ, শকাব্দ ১৯৪৭ আৰু আজিৰ ভাষাত ১৩ ফেব্ৰুৱাৰীৰ এই দিনটোৱে ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক নতুন আৰম্ভণিৰ সাক্ষী হৈছে। আমাৰ শাস্ত্ৰত বিজয়া একাদশীৰ অতি তাৎপৰ্য আছে; এই দিনটোত আমি যি সংকল্প লওঁ, সেই সংকল্পই জয়ৰ দিশত আগুৱাই নিয়াটো নিশ্চিত। আজি আমিও এখন বিকশিত ভাৰতৰ সংকল্প লৈ সেৱা তীৰ্থ, কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছো। আমাৰ লক্ষ্যত জয়লাভ কৰিবলৈ আমাৰ ওচৰত ঐশ্বৰিক আশীৰ্বাদ আছে। সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে আপোনালোক সকলোকে, পিএমঅ’ৰ সমগ্ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ সকলো কৰ্মচাৰীক অভিনন্দন জনাইছো। তেওঁলোকৰ নিৰ্মাণৰ লগত জড়িত সকলো অভিযন্তা আৰু সহকৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
February 13th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে আজি সকলোৱে এক নতুন ইতিহাস ৰচনাৰ সাক্ষী হৈ পৰিছে। তেওঁ এই কথা আলোকপাত কৰে যে ২০৮২ চনৰ বিক্ৰম শকাব্দত, ফাগুন কৃষ্ণ পক্ষৰ সময়ত, বিজয় একাদশীৰ শুভ উপলক্ষত ২৪ মাহৰ দিনা আৰু ১৯৪৭ চনৰ শকাব্দত, যিটো বৰ্তমানৰ কেলেণ্ডাৰত ১৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে, ভাৰতৰ উন্নয়ন যাত্ৰাৰ নতুন আৰম্ভণিৰ সাক্ষী হৈ পৰিছে। তেওঁ আলোকপাত কৰে যে শাস্ত্ৰত বিজয় একাদশীৰ তাৎপৰ্য অতিশয় বেছি, কিয়নো এই দিনটোত লোৱা সংকল্পই সদায় জয়ৰ দিশত আগুৱাই লৈ যায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি এখন বিকশিত ভাৰতৰ সংকল্পৰে সকলোৱে সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছে। এই লক্ষ্যত জয়ৰ বাবে ঐশ্বৰিক আশীৰ্বাদ তেওঁলোকৰ লগত আছে বুলি তেওঁ আঙুলিয়াই দিয়ে। তেওঁ পিএমঅ’ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীকে ধৰি সকলোকে সমৰি লোৱাৰ লগতে সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু শ্ৰমিক সহকৰ্মীক তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।“পৰীক্ষা পে চৰ্চা ২০২৬” অনুষ্ঠানৰ দ্বিতীয় খণ্ডত ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
February 09th, 10:30 am
মোৰ মৰমৰ বন্ধুসকল, পৰীক্ষ পে চৰ্চাৰ এই গুৰুত্বপূৰ্ণ সংস্কৰণলৈ স্বাগতম জনাইছো। এইবাৰ অলপ বেলেগ, অলপ বিশেষ। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰামৰ্শ দিছিল যে দেশৰ বিভিন্ন প্ৰান্ততো পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰিব লাগে। গতিকে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি এই আলোচনা কৰিবলৈ লৈছো। এই বিশেষ খণ্ডটোত তোমালোকে ঠিক সেয়াই দেখিবা।আৰম্ভ কৰোঁ তামিলনাডুৰ কইম্বাটুৰৰ পৰা।তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি আৰু কৌতূহলে মোক বহুত আপ্লুত কৰিলে। এবাৰ চাওঁ আহা৷পৰীক্ষা পে চৰ্চা ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা (পি পি চি) ২০২৬ৰ নৱম সংস্কৰণৰ অংশ হিচাপে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে পি পি চি ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ পৰীক্ষা যোদ্ধাসকলৰ সৈতে এক অনানুষ্ঠানিক মত বিনিময় কৰিছিল। ‘পৰীক্ষা পে চৰ্চা’ৰ বিশেষ সংস্কৰণলৈ শিক্ষাৰ্থীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ কাৰ্যসূচীটো দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল। কোইম্বাট’ৰৰ সংস্কৰণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তামিলনাডুৰ শিক্ষাৰ্থীসকলৰ শক্তি আৰু কৌতূহলে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁলোকক ‘ৱনক্কম’ বুলি অভিবাদন জনাই তেওঁ সাধাৰণ বাৰ্তালাপত মিলিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰি কয় যে তেওঁক দেখা পোৱাৰ লগে লগে তেওঁলোকে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। এক নাটকীয় প্ৰৱেশৰ আশা কৰিছিল কিন্তু তেওঁক সৰল, নম্র আৰু মাটিৰ ওপৰত থকা যেন অনুভৱ কৰিছিল। এজন শিক্ষাৰ্থীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে তেওঁৰ আগমনত গাৰ নোম শিয়ৰি উঠিছিল।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।